শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

শ্ৰী গংগৱাৰে পাঁচটা অখিল ভাৰতীয় সমীক্ষা সম্পৰ্কীয় ছফ্টৱেৰ এপ্লিকেশ্যন আৰু প্ৰশ্নাৱলীৰে জড়িত নিৰ্দেশনা পুস্তিকা জাৰি কৰে; তেওঁ কয় যে শ্ৰমৰে জড়িত পৰিসংখ্যা নীতি নিৰ্মাণৰ বাবে মহত্বপূৰ্ণ ইনপুট

Posted On: 18 FEB 2021 2:48PM by PIB Guwahati

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰী সন্তোষ কুমাৰ গংগৱাৰে আজি লেবাৰ ব্যুৰ', যি শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়েৰে জড়িত এটা কাৰ্যালয়, ইয়াৰ দ্বাৰা সঞ্চালিত অখিল ভাৰতীয় সমীক্ষাৰ বাবে প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যক্ৰমৰ শুভাৰম্ভৰে জড়িত নিৰ্দেশনা পুস্তিকা আৰু প্ৰশ্নাৱলী আৰু ইয়াৰ বাবে বিকশিত কৰা ছফ্টৱেৰ এপ্লিকেশ্যন জাৰি কৰে। এই উপলক্ষে তেওঁৰ লগত শ্ৰম আৰু নিয়োগ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰ আৰু জ্যেষ্ঠ শ্ৰম আৰু নিয়োগ পৰামৰ্শদাতা তথা লেবাৰ ব্যুৰ'ৰ মহানিৰ্দেশক শ্ৰী ডিপিএছ নেগীও উপস্থিত আছিল।

 

এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী শ্ৰী গংগৱাৰে কয় যে বিশেষভাৱে কোভিড-১৯ মহামাৰীৰ সময়ত নীতি নিৰ্মাণত ইনপুট হিচাপে শ্ৰমৰ সকলো পদক্ষেপৰ সৈতে জড়িত পৰিসংখ্যা বহুত মহত্বপূৰ্ণ। প্ৰবাসী শ্ৰমিক, দেশীয় কামিলা, বৃত্তিধাৰী আৰু পৰিবহন ক্ষেত্ৰৰ দ্বাৰা সৃষ্ট নিয়োগৰ বিষয়ে কৰা চাৰিটা অখিল ভাৰতীয় সমীক্ষাৰ শ্ৰম বজাৰৰ সবাতোকৈ অধিক প্ৰভাবশালী প্ৰতিদ্বন্দ্বিতাৰে জড়িত পৰিসংখ্যা একত্ৰিত কৰাত ৰাষ্ট্ৰীয় স্তৰৰ এটা বিশেষ ভূমিকা। কেন্দ্ৰীয় মন্ত্ৰীজনে শ্ৰম আৰু নিয়োগ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰ আৰু লেবাৰ ব্যুৰ'ৰ মহানিৰ্দেশক শ্ৰী ডিপিএছ নেগীৰ নিৰন্তৰ প্ৰয়াস আৰু তেওঁলোকৰ অনুকৰণীয় ভূমিকাৰ প্ৰশংসা কৰে যাৰ ফলত অৱশেষত এই চাৰিটা অখিল ভাৰতীয় সমীক্ষাৰ শুভাৰম্ভ সম্ভৱ হৈ উঠিল।

https://static.pib.gov.in/WriteReadData/userfiles/image/image00108YZ.jpg

শ্ৰম আৰু নিয়োগ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই কয় যে চৰকাৰে এই সমীক্ষাসমূহৰ সঞ্চালনত লেবাৰ ব্যুৰ'ৰ পথ প্ৰদৰ্শন কৰিবৰ বাবে আগশাৰীৰ অৰ্থবিজ্ঞানী আৰু পৰিসংখ্যাবিদৰ সৈতে ড৹ এছ পি মুখাৰ্জীৰ অধ্যক্ষতা আৰু ড৹ অমিতাভ কুণ্ডুৰ সহ-অধ্যক্ষতাত এক বিশেষজ্ঞ সমুদায় গঠন কৰিছে। এই বিশেষজ্ঞ সমুদায়ে এই সমীক্ষাৰ প্ৰশ্নাৱলী, নিৰ্দেশনা পুস্তিকা আৰু নমুনা ডিজাইনৰ অন্তিম ৰূপ দিবলৈ এতিয়ালৈকে সমুদায় আৰু উপ-সমুদায়ৰ ছয়চল্লিশখন বৈঠকৰ আয়োজন কৰিছে। তেওঁ জোৰ দি কয় যে এয়া প্ৰথম সুযোগ যি সময়ত লেবাৰ ব্যুৰ'ই তথ্য প্ৰযুক্তিৰ অধিক ব্যৱহাৰৰ জৰিয়তে পৰিসংখ্যা একত্ৰিত কৰিব, যি এই শ্ৰম আৰু নিয়োগৰ ক্ষেত্ৰত পৰিসংখ্যাৰ তীব্ৰ চাহিদাৰ কাৰিকৰী দিশত সম্পূৰ্ণ সক্ষম কৰি তুলিব। তেওঁ কয় যে এই সমীক্ষা জিঅ'-ফেঞ্চিং টেকনলজি, ট্ৰেভেল শ্বিডিউল, মেছেজ ব্ৰডকাষ্ট ফাংচনেলিটী ইনবিল্টৰ লগতে স্পীচ টু টেক্সট সুবিধাৰ সৈতে এআই আধাৰিত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কৰা হ'ব। তেওঁ লগতে কয় যে এডভাইচ ডেছব'ৰ্ড, কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ লগতে বাস্তৱিক ৰিপ'ৰ্টিং আৰু তত্বাৱধানৰ ব্যৱস্থাও বিকশিত কৰি থকা হৈছে।

 

লেবাৰ ব্যুৰ'ৰ মহানিৰ্দেশক শ্ৰী ডিপিএছ নেগীয়ে পৰিসংখ্যাৰ সংগ্ৰহ, সিবিলাকৰ আত্মসাতীকৰণ আৰু প্ৰসংস্কৰণক উদগণি দিবৰ বাবে জিঅ'টেগিঙৰ সৈতে ক্লাউড কম্পিউটাৰত ডাটা ষ্ট'ৰেজৰ লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু মেচিন লাৰ্নিঙৰ ব্যৱহাৰৰ ওপৰত জোৰ দিয়ে। তেওঁ লগতে কয় যে এই মহত্বাকাংক্ষী সমীক্ষাই দেশত নিয়োগ পৰিদৃশ্যৰ এক ব্যাপক ছবি প্ৰস্তুত কৰিব, যাৰ জৰিয়তে দেশত এক বিশেষ ৰাষ্ট্ৰীয় নিয়োগ নীতি প্ৰস্তুত হ'ব।

 

লেবাৰ ব্যুৰ'ক পাঁচটা অখিল ভাৰতীয় সমীক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছেঃ

 

ক। প্ৰবাসী শ্ৰমিকৰ অখিল ভাৰতীয় সমীক্ষা,

খ। ঘৰুৱা কামিলাৰ বিষয়ে অখিল ভাৰতীয় সমীক্ষা,

গ। বৃত্তিধাৰীৰ দ্বাৰা সৃষ্ট নিয়োগৰ অখিল ভাৰতীয় সমীক্ষা,

ঘ। পৰিবহন ক্ষেত্ৰত সৃষ্ট নিয়োগৰ অখিল ভাৰতীয় সমীক্ষা, আৰু

ঙ। স্থাপন আধাৰিত নিয়োগৰ বিষয়ে অখিল ভাৰতীয় ত্ৰৈমাসিক সমীক্ষা।

 

ৰিপ'ৰ্ট প্ৰস্তুত কৰিবৰ বাবে পৰিসংখ্যাৰ সংগ্ৰহৰ সম্পূৰ্ণ শৃংখলাত তথ্য প্ৰযুক্তি (আইটি)ৰ ব্যৱহাৰ সন্দৰ্ভত লেবাৰ ব্যুৰ'ৰ দ্বাৰা কৰা অগ্ৰণী পদক্ষেপৰ দৃষ্টিৰে এই সমীক্ষা বহুত মহত্বপূৰ্ণ। এক অগ্ৰণী পদক্ষেপ হিচাপে, দেশজুৰি, সকলো সমীক্ষাৰ জৰিয়তে প্ৰাপ্ত পৰিসংখ্যাক হাতেৰে প্ৰয়োগ কৰা ইলেকট্ৰনিক উপকৰণৰ সহায়ত তথ্য প্ৰযুক্তিৰ দৃষ্টিৰে সমৰ্থ ছফ্টৱেৰৰ মাধ্যমত একত্ৰিত কৰা হ'ব আৰু সেইবোৰ ইলেকট্ৰনিক উপায়েৰে সংগৃহীত আৰু সংশোধিত কৰা হ'ব। এই সমীক্ষাৰ সঞ্চালনত তথ্য প্ৰযুক্তিৰ সমাবেশেৰে ইয়াক সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ত কমেও ৩০-৪০%ৰ হ্ৰাস হ'ব। লেবাৰ ব্যুৰ'ই এই সমীক্ষাসমূহক টেকনিকেল সহযোগিতা প্ৰদান কৰাৰ উদ্দেশ্যে এক আইটি অংশীদাৰক অন্তৰ্ভুক্ত কৰিব। এই নতুন প্ৰযুক্তিৰ ব্যৱহাৰত ব্যুৰ'ৰ এই সফলতা এনেকুৱা সমীক্ষা কাৰ্যত সংলগ্ন অন্য এজেঞ্চিৰ বাবে অনুকৰণীয় বুলি প্ৰতিপন্ন হ'ব।

 

লেবাৰ ব্যুৰ'ই ১০তকৈ অধিক শ্ৰমিক আৰু ১০তকৈ কম শ্ৰমিক থকা প্ৰতিষ্ঠানত নিয়োগৰ স্থিতিৰ হিচাপ কৰিবৰ বাবে স্থাপন আধাৰিত নিয়োগৰ বিষয়ে অখিল ভাৰতীয় ত্ৰৈমাসিক সমীক্ষাও আৰম্ভ কৰিবলৈ গৈ আছে।

 

শ্ৰমৰ সৈতে জড়িত পৰিসংখ্যাৰ ভাণ্ডাৰ হোৱাৰ উপৰিও লেবাৰ ব্যুৰ' ঔদ্যোগিক শ্ৰমিকৰ বাবে উপভোক্তা মূল্য সূচকাংক (চিপিআই-আইডব্লিউ), যাৰ আধাৰ অলপতে ২০১৬ চনত সংশোধিত কৰা হৈছিল, কৃষি আৰু গ্ৰামীণ শ্ৰমিকৰ বাবে উপভোক্তা মূল্য সূচকাংক সংখ্যা (চিপিআই-এএল/আৰএল)ৰ দৰে মহত্বপূৰ্ণ পৰিসংখ্যাৰ সংকলন তথা শ্ৰমৰ বিভিন্ন পদক্ষেপৰ ওপৰত কেইবাটাও সমীক্ষা আৰু অধ্যয়ন কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত প্ৰসিদ্ধ।

 

**********

 

MS



(Release ID: 1699285) Visitor Counter : 220