হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

পানীৰ সম বিতৰণ, পেলনীয়া পানীৰ পুনৰ্ব্যৱহাৰ আৰু এক প্ৰত্যাহ্বাপূৰ্ণ প্ৰক্ৰিয়াৰে জল নিকায়সমূহৰ মেপিং কৰাক লৈ শুভাৰম্ভ কৰা হ’ব পেয়-জল সৰ্বেক্ষণ

জল জীৱন মিচনৰ অধীনত ১০খন চহৰত পেয়-জলৰ সৰ্বেক্ষণৰ পৰীক্ষামূলক কাম-কাজ আৰম্ভ, আমৰুটে সামৰি লোৱা চহৰসমূহত হ’ব এই সৰ্বেক্ষণ

Posted On: 16 FEB 2021 1:53PM by PIB Guwahati

জল জীৱন মিচনৰ অধীনত আজি কেন্দ্ৰীয় গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয় সচিব দুৰ্গা শংকৰ মিশ্ৰই এক পেয়-জল সৰ্বেক্ষণৰ পৰীক্ষামূলক কাম-কাজ আৰম্ভ কৰে৷ এই সৰ্বেক্ষণৰ সদৰ্ভত সদৰি কৰি সচিব মিশ্ৰই কয় যে চহৰসমূহত পানীৰ সম বিতৰণ তথা পেলনীয়া পানীৰ পুনৰ্ব্যৱহাৰ নিশ্চিত কৰা আৰু এক প্ৰত্যাহ্বানপূৰ্ণ প্ৰক্ৰিয়াৰ জৰিয়তে পানীৰ মাত্ৰা আৰু গুণাগুনৰ সম্বন্ধে জল নিকায়সমূহৰ মেপিং কৰাৰ বাবে পেয়-জল সৰ্বেক্ষণ কৰা হ’ব৷ তেওঁ কয় যে ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে মন্ত্ৰালয়ে দহখন চহৰ ক্ৰমে-আগ্ৰা, ভুৱনেশ্বৰ, চুৰু, কোচি, মাদুৰাই, পাতিয়ালা, ৰোহটক, ছুৰাট আৰু তুমকুৰত পৰীক্ষামূলক পেয়-জল সৰ্বেক্ষণ শুভাৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ ফলাফলৰ ভিত্তিত সকলো আমৰুট চহৰত সৰ্বেক্ষণ প্ৰসাৰিত কৰা হ’ব৷

নগৰপালিকা বিষয়াবৰ্গৰ সৈতে মুখামুখি সাক্ষাৎকাৰৰ জৰিয়তে পেয়জল, পেলনীয়া পানী ব্যৱস্থাপনা, ৰাজহ বৰ্হিভূত পানী ততা তিনিটা জল নিকায়ৰ স্থিতিৰ ডাটা একত্ৰিত কৰা হ’ব৷ এই সৰ্বেক্ষণ স্বীকৃত প্ৰশ্নাৱলী আৰু ফোনযোগে সাক্ষাৎকাৰ, পানীৰ নমূনা সংগ্ৰহ তথা গৱেষণাগাৰৰ পৰীক্ষাৰ ভিত্তিত আৰু ৰাজহ বৰ্হিভূত পানীৰ বাবে ক্ষেত্ৰভিত্তিক সমীক্ষাৰ আধাৰত কৰা হ’ব৷

মিচনৰ নিৰীক্ষণ প্ৰযুক্তিভিত্তিক মঞ্চৰ জৰিয়তে কৰা হ’ব৷ এই মঞ্চৰ দ্বাৰা প্ৰগতি তথা ফলৰ আধাৰত হিতাধিকাৰীৰ নিৰীক্ষণ কৰা হ’ব৷ এই প্ৰকল্পসমূহৰ বাবে চৰকাৰৰ ফালৰ পৰা বিত্ত যোগান তিনিটা পৰ্যায়ত ২০:৪০:৪০ হিচাপত কৰা হ’ব৷ তৃতীয় কিস্তি কাম সম্পাদৰ আধাৰত কৰা হ’ব তথা বিত্ত যোগানৰ কৰাৰ সময়ত বিশ্বাসযোগ্য অপবৰ্জনৰ ব্যৱহাৰৰ কৰা হ’ব৷

জল জীৱন মিচন(নগৰ)ৰ উদ্দেশ্য এছডিজি লক্ষ্য-৬ অনুসৰি ৪,৩৭৮খন স্বীকৃতিপ্ৰাপ্ত চহৰৰ সকলো পৰিয়ালত নলসংযোগী পানী যোগান ধৰা৷ ইয়াৰ উদ্দেশ্য ৫০০ আমৰুট চহৰত নিষ্কাষিত পানীৰ ব্যৱস্থা কৰা যাতে এই চহৰসমূহে সুৰক্ষিত পানী লাভ কৰে৷

বিশুদ্ধ পানী যোগাৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে জল নিকায়সমূহক নতুন জীৱন দিয়া আৰু সেউজ স্থান হিচাপে গঢ় দিয়া তথা চহৰসমূহৰ পানী হ্ৰাস কৰাৰ হিচাপে গঢ়ি তোলা প্ৰয়োজন, যাতে বানপানীৰ সম্ভাৱনা কম কৰিব পাৰি৷

জল জীৱন মিচন(নগৰ)ৰ অন্তৰ্গত প্ৰত্যেক চহৰৰ বাবে চহৰ পানী বহনক্ষম যোজনাৰ বিকাশ সাধন কৰি অৰ্থনীতিক সক্ৰিয় কৰা৷ ইয়াৰ বাবে নিষ্কাষিত পানীৰ পুনৰ ব্যৱহাৰ, জল নিকায়সমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু জল সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ প্ৰতিষ্ঠানগত ব্যৱস্থা বিকশিত হোৱাৰ ফলত ২০শতাংশ দাবী পুনৰ ব্যৱহাৰ কৰা পানীৰ জৰিয়তে পুৰণ কৰা হ’ব৷ জল ক্ষেত্ৰত নতুন বিশ্বমানৰ প্ৰযুক্তিৰ লাভালাভৰ বাবে প্ৰযুক্তি উপমিচনৰ প্ৰস্তাৱ দিয়া হৈছে৷ পানী সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতাৰ বাবে তথ্য, শিক্ষা তথা প্ৰচাৰ অভিযানৰ প্ৰস্তাৱ লোৱা হৈছে৷

মিচনৰ কাৰ্যসূচীত সংস্কাৰো অন্তৰ্ভূক্ত কৰা হৈছে৷ এই সংস্কাৰ কাৰ্যসূচীৰ অধীনত চহৰ খোৱা পানীৰ সূচকাংক প্ৰস্তুত কৰা, ৰাজহ বৰ্হিভূত পানীৰ হ্ৰাস, পালিকাৰ বিত্তীয় সংস্কাৰ, বাৰ্ষিক পানী সঞ্চয়, ২০২৫লৈকে অতি কমেও ২০শতাংশ পানীৰ চাহিদা পুনৰ ব্যৱহৃত পানী জৰিয়তে কৰা তথা প্ৰতিখন চহৰত স্থানীয় নিকায়ত তিনিটা জল নিকায়ৰ পুনৰুজ্জীৱিত কৰা৷ এই সংস্কাৰসমূহ সফল কৰাৰ বাবে চহৰৰ স্থানীয় নিকায়সমূহক সংবেদনশীল কৰি তোলা হ’ব৷

জল জীৱন মিচন(নগৰ)ৰ বাবে মুঠ প্ৰস্তাৱিত ব্যয় ২,৮৭,০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইয়াত আমৰুট মিচনক নিৰন্তৰ বিত্তীয় সমৰ্থনৰ বাবে ১০,০০০ কোটি টকাও অন্তৰ্ভূক্ত আছে৷ পিপিপি ব্যৱস্থাক উদ্গনি যোগোৱাৰ বাবে ১০ লাখতকৈ অধিক জনসংখ্যা থকা চহৰৰ পৰা নিজাকৈ মুঠ প্ৰকল্পৰ ধন আৱণ্টনৰ ১০শতাংশলৈকে পিপিপিৰ জৰিয়তে আৰম্ভ কৰিবলৈ কোৱা হৈছে৷

পূৰ্বাঞ্চল তথা পাহাৰীয়া ৰাজ্যসমূহৰ প্ৰকল্পৰ বাবে কেন্দ্ৰই ৯০ শতাংশ ধন যোগান ধৰিব৷ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ১০০শতাংশ, ১লাখতকৈ কম জনসংখ্যা থকা চহৰসমূহৰ বাবে কেন্দ্ৰই ৫০শতাংশ, ১ৰ পৰা ১০লাখ জনসংখ্যা থকা ৰাজ্যত কেন্দ্ৰই এক তৃতীয়াংশ তথা ১০লাখতকৈ অধিক জনসংখ্যা থকা চহৰত ২৫শতাংশ ধন কেন্দ্ৰই যোগান ধৰিব৷

 

**********

 



(Release ID: 1698558) Visitor Counter : 241