হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

টেকন’গ্ৰাহীসকলৰ অৰ্থে অনলাইন এনৰ’লমেন্ট মডিউল মুকলি

ই-নিউজলেটাৰ আৰু এলএইচপি বুকলেটো উন্মোচন

পৰামৰ্শ, প্ৰয়োগ ও কাৰিকৰী সজাগতাৰ অৰ্থে টেকন’গ্ৰাহীসকলে ৬ এলএইচপি চাইটৰ লাইভ লেবৰটৰী দৰ্শন কৰিব পাৰেঃ দুৰ্গা শংকৰ মিশ্ৰ

Posted On: 16 FEB 2021 4:06PM by PIB Guwahati

আজি ইয়াত হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA) ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই টেকন’গ্ৰাহীসকলৰ অৰ্থে এটা এনৰলমেন্ট মডিউল ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুকলি কৰে। টেকন’গ্ৰাহীসকল হৈছে আইআইটি, এনআইটি, ইঞ্জিনিয়াৰিং, প্লেনিং আৰু আৰ্কিটেক্সাৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী, ফেকাল্টী সদস্য, শিক্ষাবিদ আৰু অংশীদাৰসকল। মডিউলটো মুকলি কৰি, হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই কয় যে আগ্ৰহীসকলে শিকিবলৈ, পৰামৰ্শ গ্ৰহণ, ধাৰণা গঢ়ি তোলা আৰু সমাধান সূত্ৰ নিৰূপণ, প্ৰয়োগ, উদ্ভাৱন আৰু কাৰিকৰী সজাগতাৰ অৰ্থে ছয় এলএইচপি চাইটৰ লাইভ লেবৰটৰী দৰ্শন কৰিবলৈ তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰে। “ই তেওঁলোকক ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তিসমূহৰ এটা ফাৰ্ষ্ট-হেণ্ড একাউন্ট লাভত সহায় কৰিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত, ‘মেক ইন ইণ্ডিয়া’ প্ৰচেষ্টাৰ অৰ্থে নিৰ্মাণ খণ্ডটোত তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি এইসমূহ অভিযোজিত আৰু অৱলম্বন কৰিব পাৰে।”, তেওঁ লগতে কয়। ১২ মাহ সময়সীমাৰ ভিতৰত এলএইচপি সম্পূৰ্ণ হোৱা পৰ্যন্ত, ‘টেকন’গ্ৰাহী’সকলে তথ্য প্ৰচাৰৰ অৰ্থে চাইটসমূহৰপৰা নিয়মীয়াকৈ আপডেটসমূহ লাভ কৰিব।

          শ্ৰী মিশ্ৰই তদুপৰি এলএইচপি ই-নিউজলেটাৰ উন্মোচন কৰে য’ত প্ৰতিটো স্থানত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ খতিয়ান সন্নিৱিষ্ট কৰা হৈছে। এয়া হৈছে ই-নিউজলেটাৰখনিৰ প্ৰথমটি সংস্কৰণ। লেখা আৰু আলোকচিত্ৰৰ জৰিয়তে উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী, ফেকাল্টী, অংশীদাৰ আৰু ৰাইজক অৱগত কৰিবলৈ প্ৰতি মাহে এনে বাৰখন ই-নিউজলেটাৰ প্ৰকাশ কৰা হ’ব। ই তদুপৰি প্ৰতিখন ৰাজ্যৰ অগ্ৰগতি সন্দৰ্ভত ছখন ৰাজ্যৰ মাজত সুস্থ প্ৰতিযোগিতাক প্ৰোৎসাহিত কৰিব।

          ছখন ৰাজ্য – নিৰ্দিষ্ট এলএইচপি বুকলেট প্ৰতিটো চাইট সন্দৰ্ভত কাঠামোগত তথ্যৰ বাবে। এইসমূহে কাৰিকৰী বিশেষীকৰণ সন্দৰ্ভত এটা ধাৰণা, প্ৰতিটো প্ৰযুক্তি সন্দৰ্ভত এটা অন্তৰ্দৃষ্টি আগবঢ়াইছে তথা ইয়াত অন্যান্য দিশবোৰ বিস্তৃতভাৱে উল্লেখ কৰা হৈছে। তথ্যৰ আদান-প্ৰদানৰ অৰ্থে এই বুকলেটসমূহ টেকন’ক্ৰেটসকলৰ বাবে ওৱান-ষ্টপ গাইড হৈ উঠিব।

          হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA) এ ক্ষেত্ৰখনলৈ প্ৰযুক্তিৰ হস্তান্তৰৰ অৰ্থে লাইভ লেবৰটৰী হিচাপে ছয় লাইট হাউছ প্ৰজেক্ট (LHP) ক প্ৰোৎসাহিত কৰিছে। ইয়াৰ প্ৰাথমিক লক্ষ্য হৈছে অন-চাইট লাৰ্ণিঙৰ অৰ্থে কাৰিকৰী সজাগতা সৃষ্টি কৰিবলৈ জনসাধাৰণৰ বিপুল অংশগ্ৰহণক উৎসাহিত কৰা। ২০২১ ৰ ১ জানুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্দোৰ (মধ্য প্ৰদেশ), ৰাজকোট (গুজৰাট), চেন্নাই (তামিল নাডু), ৰাঁচী (ঝাড়খণ্ড), আগৰতলা (ত্ৰিপুৰা) আৰু লক্ষ্নৌ (উত্তৰ প্ৰদেশ) ত এলএইচপিৰ শিলান্যাস কৰে। প্ৰধান মন্ত্ৰী আৱাস যোজনা- নগৰীয়া (PMAY-U) ৰ অধীনত গ্ল’ৱেল হাউছিং টেকন’ল’জি চেলেঞ্জ-ইণ্ডিয়া (GHTC- India) পদক্ষেপৰ অংশ হিচাপে এলএইচপিসমূহ নিৰ্মাণ কৰা হৈছে।

          এলএইচপিসমূহ হৈছে আদৰ্শ হাউছিং প্ৰকল্প। সম্পৰ্কীয় আন্তঃগাঁথনি সুযোগ-সুবিধাসমূহেৰে প্ৰতিটো স্থানতে প্ৰায় ১,০০০ টা গৃহ নিৰ্মাণ কৰা হৈছে। এই প্ৰযুক্তি বিপ্লৱ হৈছে সাশ্ৰয়ী, পৰিবেশ-অনুকূল, দুৰ্যোগ-প্ৰতিৰোধী আৰু ই দ্ৰুততৰ নিৰ্মাণক প্ৰোৎসাহিত কৰে। এই পদক্ষেপ ভাৰতৰ কাৰিকৰী ৰূপান্তৰৰ অভিমুখে প্ৰধান উদ্দীপনা হিচাপে প্ৰমাণিত হ’ব।

***

RJ/NG/SL/SB



(Release ID: 1698443) Visitor Counter : 163