স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ টিকাকৰণৰ ২৬সংখ্যক দিনৰ আপডেট
৬৮.২৬ লাখ উপভোক্তাই ক’ভিড-১৯ৰ বিৰুদ্ধে টিকা গ্ৰহণ কৰিছে
আজি সন্ধিয়া ৬বজা পৰ্যন্ত ২,১৫,১৩৩ উপভোক্তাক টিকা দিয়া হৈছে
प्रविष्टि तिथि:
10 FEB 2021 7:38PM by PIB Guwahati
ক’ভিড-১৯ৰ বিৰুদ্ধে টিকা গ্ৰহণ কৰা স্বাস্থ্যকৰ্মী আৰু ফ্ৰ’ণ্টলাইন কৰ্মীৰ মুঠ সংখ্যাই আজি ৬৮.২৬লাখ অতিক্ৰম কৰিছে। চৰকাৰী প্ৰতিবেদন অনুসৰি, আজি সন্ধিয়া ৬ বজা পৰ্যন্ত ৬৮,২৬,৮৯৮গৰাকী উপভোক্তাক টিকা প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত ৫৬,৬৫,১৭২গৰাকী স্বাস্থ্যসেৱা কৰ্মী(৫৭.৪শতাংশ) আৰু ১১,৬১,৭২৬গৰাকী ফ্ৰ’ণ্টলাইন কৰ্মী(১৩.২শতাংশ)।
দেশজোৰা ক’ভিড-১৯ টিকাকৰণৰ আজি ২৬সংখ্যক দিনটোত সন্ধিয়া ৬বজা পৰ্যন্ত মুঠ ২,১৫,১৩৩গৰাকী উপভোক্তাক টিকা প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত ৫৪,৮৩৪গৰাকী স্বাস্থ্যসেৱা কৰ্মী আৰু ১,৬০,২৯৯গৰাকী ফ্ৰ’ণ্টলাইন কৰ্মী আছে।
আজিৰ দিনটোত অসমত মুঠ ১,০৯,৮৮৮গৰাকী উপভোক্তাক টিকা আগবঢ়োৱা হৈছে।
১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ৬৫শতাংশৰো অধিক স্বাস্থ্যসেৱা কৰ্মীক টিকা প্ৰদান কৰিছে। এই ৰাজ্যসমূহ হ’ল-বিহাৰ, ত্ৰিপুৰা, মধ্য প্ৰদেশ, ওড়িশা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, লক্ষ্মদ্বীপ, কেৰালা, মিজোৰাম, চত্তীশগড়, উত্তৰ প্ৰদেশ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু ৰাজস্থান।
আনহাতে, সৰ্বাধিক পৰিমাণৰ টিকাকৰণ সম্পন্ন হোৱা ১০খন ৰাজ্য হ’ল-গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, চত্তীশগড়, ৰাজস্থান, পশ্চিম বংগ, ওড়িশা, তামিলনাডু আৰু বিহাৰ।
এতিয়ালৈকে ৩০গৰাকী ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মুঠ টিকাকৰণৰ ই হৈছে ০.০০০৪ শতাংশ। চিকিৎসাধীন ৩০গৰাকী ব্যক্তিৰ ১৯গৰাকীক চিকিৎসাৰ পিছত মুকলি কৰি দিয়া হৈছে। ইয়াৰ বিপৰীতে ৯গৰাকী ব্যক্তিৰ মৃত্যু হৈছে আৰু ২গৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। যোৱা ২৪ ঘণ্টাত পুডুচেৰীত এজন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থিৰ।
****
MV/SJ/MS
(रिलीज़ आईडी: 1697010)
आगंतुक पटल : 204