প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 06 FEB 2021 1:39PM by PIB Guwahati

নমস্কাৰ,

দেশৰ আইন মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদজী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপাণীজী, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহজী, গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীমান বিক্ৰম নাথজী, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, গুজৰাট উচ্চ ন্যায়ালয়ৰ সকলো সন্মানীয় ন্যায়াধীশসকল, ভাৰতৰ ছলিচিটৰ জেনেৰেল শ্ৰী তুষাৰ মেহতাজী, এডভোকেট জেনেৰেল গুজৰাট শ্ৰী কমল ত্ৰিবেদীজী, ‘বাৰ’ৰ সকলো সন্মানীয় সদস্যসকল, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল!

গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তীৰ এই পৰ্বত আপোনালোক সকলোলৈ অভিনন্দন থাকিল৷ বিগত ৬০টা বৰ্ষত নিজৰ আইনী বৌদ্ধিকতা, নিজৰ বিদ্বতাৰ জৰিয়তে গুজৰাট উচ্চ ন্যায়ালয় আৰু বাৰ, দুয়োটাই এক বিশিষ্ট পৰিচয় দাঙি ধৰিছে৷ গুজৰাট উচ্চ ন্যায়ালয়ে সত্য আৰু ন্যায়ৰ বাবে যি কৰ্তব্যনিষ্ঠাৰে কাম কৰিছে, তেওঁলোকে নিজৰ সাংবিধানিক কৰ্তব্যৰ বাবে যি তৎপৰতা দেখুৱাইছে, তাৰ জৰিয়তে ভাৰতীয় ন্যায় ব্যৱস্থা আৰু ভাৰতৰ গণতন্ত্ৰ, দুয়োটাকেই শক্তিশালী কৰি তুলিছে৷ গুজৰাট উচ্চ ন্যায়ালয়ে এই অবিস্মৰণীয় যাত্ৰাৰ স্মৃতিত এক ডাক টিকট জাৰি কৰিছে৷ মই এই উপলক্ষে ন্যায় জগতৰ সৈতে জড়িত আপোনালোক সকলো মহানুভৱক, গুজৰাটৰ জনসাধাৰণলৈ শুভকামনা যাচিছো৷ মাননীয়, আমাৰ সংবিধানত  Legislature, Executive আৰু Judiciary তেওঁলোকক প্ৰদান কৰা দায়িত্ব আমাৰ সংবিধানৰ বাবে প্ৰাণবায়ুৰ দৰে৷ আজি প্ৰতিজন দেশবাসীয়ে সম্পূৰ্ণ সন্তোষৰ সৈতে এয়া ক’ব পাৰে যে আমাৰ ন্যায়ব্যৱস্থাই, ন্যায়পালিকাই, সংবিধানৰ প্ৰাণবায়ুৰ সুৰক্ষাৰ দায়িত্ব সম্পূৰ্ণ ধৰণে পালন কৰিছে৷ আমাৰ ন্যায়ব্যৱস্থাই সদায়েই সংবিধানৰ ৰচনাত্মক আৰু ইতিবাচক ব্যাখ্যা কৰি সংবিধানক শক্তিশালী কৰিছে৷ দেশবাসীসকলৰ অধিকাৰৰ ৰক্ষা হওক, নিজা স্বতন্ত্ৰতাৰ প্ৰশ্নই হওক, অথবা এনে পৰিস্থিতিয়েই হওক য’ত দেশহিতক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰা হৈছে, এই ক্ষেত্ৰত ন্যায়ব্যৱস্থাই নিজৰ এই দায়িত্ব অনুধাৱনো কৰিছে আৰু পালনো কৰিছে৷ আপোনালোক আটায়েই ভালদৰেই জানে যে ভাৰতীয় সমাজে ৰুল অব্ ল’ শতিকাজুৰি সভ্যতা আৰু সামাজিক পৰম্পৰাৰ, আমাৰ সংস্কাৰৰ ভেটি হিচাপে পৰিগণিত হৈছে৷ আমাৰ প্ৰাচীন গ্ৰন্থসমূহত কোৱা হৈছে- ‘‘ন্যায়মূলং সুৰাজ্যং স্বাত’’ অৰ্থাৎ সুৰাজ্যৰ ভেটি হ’ল ন্যায়৷ এই চিন্তাধাৰা আদিকালৰ পৰাই আমাৰ সংস্কাৰৰ অংশ হৈ আহিছে, এই মন্ত্ৰই আমাৰ স্বতন্ত্ৰতা সংগ্ৰামকো নৈতিক শক্তি প্ৰদান কৰিছে আৰু এই চিন্তাধাৰাই আমাৰ সংবিধান নিৰ্মাতাসকলেও সংবিধান প্ৰণয়নৰ সময়ত সবাতোকৈ ঊৰ্ধত ৰাখিছে৷ আমাৰ সংবিধানৰ প্ৰস্তাৱনা ৰুল অব্ ল’ৰ এই সংকল্পৰ অভিব্যক্তি হিচাপে বিবেচিত হৈছে৷ 

আজি প্ৰতি জন দেশবাসীয়ে এইবুলি গৰ্ব কৰিছে যে আমাৰ সংবিধানৰ এই ভাৱনাক, এই  মূল্যক আমাৰ ন্যায়পালিকাই নিৰন্তৰে উৰ্জা প্ৰদান কৰিছে, দিশ প্ৰদান কৰিছে৷ ন্যায়পালিকাৰ প্ৰতি এই বিশ্বাসে আমাৰ সাধাৰণতম জনসাধাৰণৰ মনত এক আত্মবিশ্বাস জগাই তুলিছে, সত্যৰ হকে থিয় হ’বলৈ শক্তি প্ৰদান কৰিছে৷ আৰু যেতিয়া  আমি স্বাধীনতাৰ পৰা এই পৰ্যন্ত দেশৰ এই যাত্ৰাত ন্যায় ব্যৱস্থাৰ অৱদানৰ কথা চৰ্চা কৰো, তেতিয়া তাত ‘বাৰ’ৰ অৱদানৰ বিষয়েও চৰ্চা হোৱাটো আৱশ্যক৷ আমাৰ ন্যায় ব্যৱস্থাৰ এই গৌৰৱশালী অট্টালিতা ‘বাৰ’ৰ স্তম্ভৰ ওপৰতেই থিয় দি আছে৷ দশকজুৰি আমাৰ দেশত ‘বাৰ’ আৰু ‘ন্যায় ব্যৱস্থা’ই ঐক্যৱদ্ধভাৱে ন্যায়ৰ মূল উদ্দেশ্যসমূহ পূৰণ কৰি আহিছে৷ আমাৰ সংবিধানে ন্যায়ৰ যি ধাৰণা সকলোৰে সন্মুখত প্ৰস্তুত কৰিছে, ন্যায়ৰ যি আদৰ্শ ভাৰতীয় সংস্কাৰৰ অংশ হৈছে, সেই ন্যায় প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ৷ সেইবাবে এই ন্যায় ব্যৱস্থা আৰু চৰকাৰ দুয়োটাৰেই দায়িত্ব যে বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰত তেওঁলোকে বিশ্বমানৰ ন্যায় ব্যৱস্থা থিয় কৰক৷ আমাৰ ন্যায় ব্যৱস্থা এনে হ’লে লাগে যাতে সমাজৰ অন্তিমজন লোকৰ বাবেও সহজলভ্য হয়৷ য’ত প্ৰত্যেকজন ব্যক্তিৰ বাবে সময়মতে ন্যায়ৰ গেৰাণ্টী থাকে৷ আজি ন্যায়পালিকাৰ দৰে চৰকাৰেও এই দিশত নিজৰ কৰ্তব্য পূৰণ কৰাৰ বাবে নিৰন্তৰে প্ৰয়াস কৰি আছে৷ ভাৰতৰ গণতন্ত্ৰই আমাৰ ন্যায়পালিকাই কঠিনতম সময়তো ভাৰতীয় নাগৰিকৰ ন্যায়ৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিছে৷

ক’ৰোনা বৈশ্বিক মহামাৰীৰ সময়ত আমি ইয়াৰ এটা উত্তম উদাহৰণ দেখা পালো৷ এই বিপদত যদি এখন দেশে নিজৰ সামৰ্থ দেখুৱাইছে, তেন্তে আমাৰ ন্যায়পালিকাও নিজৰ সমৰ্পণ আৰু কৰ্তব্যনিষ্ঠাৰ উদাহৰণ দাঙি ধৰিছে৷ গুজৰাট উচ্চ ন্যায়ালয়ে যিদৰে লকডাউনৰ আৰম্ভণিৰ দিনতেই ভিডিঅ’ কনফাৰেন্সযোগে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে, যিদৰে এছএমএছ কল আউট, মোকৰ্দমাৰ ই-ফাইলিং আৰু ‘ইমেইল মাই কেছ ষ্টেটাচ’ৰ সেৱা আৰম্উ কৰিলে, ন্যায়ালয়ৰ ডিছপ্লে’ ব’ৰ্ড ইউটিউবত ষ্ট্ৰিমিং কৰাৰ আৰম্ভ কৰিলে, প্ৰতিদিনে ন্যায় আদেশ আৰু অৰ্ডাৰ ৱেবছাইটত আপলোড কৰিলে, এই আটাইবোৰৰ পৰা এয়াই প্ৰতীয়মান হয় যে আমাৰ ন্যায় ব্যৱস্থা কিমান অগ্ৰণী আৰু ন্যায়ৰ বাবে তেওঁলোকৰ প্ৰয়াস কিমান ব্যাপক৷ মোক কোৱা হৈছে যে গুজৰাট উচ্চ ন্যায়ালয়ে এই সময়ছোৱাত court proceedingsৰ লাইভ ষ্ট্ৰিমিং কৰা প্ৰথম ন্যায়ালয় হিচাপে বিবেচিত হৈছে আৰু অ’পেন ক’ৰ্টৰ যি  ধাৰণাৰ ওপৰত দীৰ্ঘদিন ধৰি চৰ্চা হৈ আছে, তাকো গুজৰাটে বাস্তৱায়িত কৰিছে৷ আমাৰ বাবে এয়া সন্তোষৰ বিষয় যে আইন মন্ত্ৰালয়ে   e-Courts Integrated Mission Mode Projectৰ অধীনত যি ডিজিটেল আন্তঃগাঁথনি প্ৰস্তুত কৰিছে, তাৰ জৰিয়তে ইমান কম সময়ত আমাৰ ন্যায়ালয়সমূহক ভাৰ্চুৱেল ন্যায়ালয় হিচাপে কাম কৰাত সহায়ক হৈছে৷ ডিজিটেল ভাৰত অভিযানে আজি বহু দ্ৰুত গতিত আমাৰ ন্যায় ব্যৱস্থাক আধুনিক কৰি তুলিছে৷ আজি দেশত ১৮ হাজাৰতকৈও অধিক ন্যায়ালয় কম্পিউটাৰাইজড হৈছে৷ উচ্চতম ন্যায়ালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সিং আৰু টেলি কনফাৰেন্সিঙে আইনী অনুমতি লাভ কৰাৰ পিছত সকলো ন্যায়ালয়ত e-proceedingত ক্ষীপ্ৰতা পৰিলক্ষিত হৈছে৷  এয়া শুনি আমাৰ সকলোৰে গৌৰৱ হয় যে আমাৰ উচ্চতম ন্যায়ালয়ে নিজেও বিশ্বত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সৰ্বাধিক ৰায়দান কৰা উচ্চতম ন্যায়ালয় হিচাপে পৰিগণিত হৈছে৷ আমাৰ উচ্চ ন্যায়ালয় আৰু জিলা ন্যায়ালয়েও ক’ভিডৰ সময়ছোৱাত অধিকতম ভিডিঅ’ কনফাৰেন্সিং কৰিছে৷ গোচৰসমূহৰ ই-ফাইলিঙৰ সুবিধাও ‘ইজ অব্ জাষ্টিছ’ক নতুন ৰূপ প্ৰদান কৰিছে৷  সেইদৰে আজি আমাৰ ন্যায়ালয়সমূহত প্ৰতিটো গোচৰৰ বাবে এক  Unique Identification Code আৰু QR code প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা গোচৰ সংক্ৰান্তীয় তথ্য লাভ কৰাত সহজ হোৱাই নহয় বৰঞ্চ ইয়াৰ জৰিয়তে  National Judicial Data Gridৰ ভেটিও শক্তিশালী কৰি তুলিছে৷ National Judicial Data Gridৰ জৰিয়তে উকীল আৰু মোকৰ্দমাকাৰীসকলে কেৱল মাত্ৰ ক্লিকতেই সকলো গোচৰ আৰু অৰ্ডাৰ প্ৰত্যক্ষ কৰিব পাৰে৷ এই ইজ অব্ জাষ্টিছে আমাৰ নাগৰিকসকলৰ ইজ অব্ লিভিং উন্নত কৰাই নহয় বৰঞ্চ ইজ অব্ ডুয়িং বিজনেছো বৃদ্ধি কৰিছে৷ ইয়াৰ জৰিয়তে বিদেশী বিনিয়োগকাৰীসকলে প্ৰত্যয় গৈছে যে ভাৰতত তেওঁলোকৰ ন্যায়িক অধিকাৰ সুৰক্ষিত আছে৷ ২০১৮ চনৰ আমাৰ ডুয়িং বিজনেছ প্ৰতিবেদনত বিশ্ব বেংকেও  National Judicial Data Gridৰ প্ৰশংসা কৰিছে৷

মাননীয়,

আগন্তুক দিনসমূহত ভাৰতত ‘ইজ অব্ জাষ্টিচ’ অধিক ক্ষীপ্ৰ গতিত আগবাঢ়ক, এই দিশত উচ্চতম ন্যায়ালয়ৰ ই-কমিটীয়ে এনআইডি-ৰ সৈতে মিলি কাম কৰি আছে৷ মজবুত সুৰক্ষাৰ সৈতে  cloud based infrastructure দৰে সুবিধাসমূহ অন্তৰ্ভুক্ত কৰাৰ কাম চলিবলৈ ধৰিছে৷ আমাৰ ন্যায় ব্যৱস্থাক ভৱিষ্যতৰ প্ৰতি সাজু কৰি তুলিবলৈ ন্যায়িক প্ৰক্ৰিয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ সম্ভাৱনাও সন্ধান কৰা হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত ন্যায়িক ব্যৱস্থাৰ দক্ষতা আৰু ক্ষীপ্ৰতা বৃদ্ধি হ’ব৷ এই প্ৰয়াসসমূহত দেশৰ আত্মনিৰ্ভৰ ভাৰত অভিযানে বৃহৎ ভূমিকা পালন কৰিব৷ দেশত ডিজিটেল ব্যৱধান হ্ৰাস কৰাৰ বাবে, সাধাৰণ জনতাৰ সহায়ৰ বাবে উচ্চ ন্যায়ালয় আৰু জিলা ন্যায়ালয়ত ই-সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে৷ আমি সকলোৱে দেখা পাইছো যে মহামাৰীৰ এই কঠিন সময়ত অনলাইন ই-লোক আদালতো স্বাভাৱিক হৈ পৰিছে৷ দেশৰ ২৪খন ৰাজ্যত এই পৰ্যন্ত লক্ষাধিক মোকৰ্দমা ই-লোক আদালতত অন্তৰ্ভুক্ত কৰা হৈছে৷ এই গতি , এই সুবিধা আৰু এই বিশ্বাসেই আজি আমাৰ ন্যায়িক ব্যৱস্থাৰ দাবী৷ গুজৰাটে আন এটা কথাৰ বাবে গৰ্ব কৰে আৰু সেয়া হ’ল গুজৰাটেই প্ৰথম ৰাজ্য যিয়ে সান্ধ্য আদালতৰ পৰম্পৰা আৰম্ভ কৰিছিল আৰু সেয়া দৰিদ্ৰ লোকসকলৰ কল্যাণৰ প্ৰতি সমৰ্পিত আছিল৷  কোনো এখন সমাজত নিয়ম আৰু নীতিৰ সাৰ্থকতা ন্যায়ৰ দ্বাৰাই হয়৷ ন্যায়ৰ দ্বাৰাই নাগৰিকসকলৰ মাজত নিশ্চয়তা আহে আৰু এক নিশ্চিত সমাজেহে প্ৰগতিৰ বিষয়ে চিন্তা কৰিব পাৰে, সংকল্প গ্ৰহণ কৰিব পাৰে আৰু পুৰুষাৰ্থ কৰি প্ৰগতিৰ দিশলৈ আগবাঢ়িব পাৰে৷  মোৰ বিশ্বাস যে আমাৰ ন্যায়পালিকা, ন্যায়পালিকাৰ সৈতে জড়িত সকলো জ্যেষ্ঠ সদস্যই আমাৰ সংবিধানৰ ন্যায়শক্তিক নিৰন্তৰে সশক্ত কৰি ৰাখিব৷ ন্যায়ৰ এই  শক্তিৰেই আমাৰ দেশ আগবাঢ়িব আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোন আমাৰ সকলোৰে যত্নৰ দ্বাৰা, আমাৰ পুৰুষাৰ্থৰ দ্বাৰা, আমাৰ সামূহিক শক্তিৰ দ্বাৰা, আমাৰ সংকল্প শক্তিৰ দ্বাৰা, আমাৰ অবিৰত সাধনাৰ দ্বাৰা আমি বাস্তৱায়িত কৰিব পাৰিম৷ এই শুভকামনাৰ সৈতে, আপোনালোক সকলোকে পুনৰবাৰ হীৰক জয়ন্তীৰ অনেক শুভকামনা জনাইছো৷ অশেষ শুভকামনা৷

ধন্যবাদ!

 

*******************

DS/VJ/AV/AK/MANN



(Release ID: 1695913) Visitor Counter : 167