প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাতেমেলা চিৰিল ৰামাফোচাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 FEB 2021 9:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামান্য মাতেমেলা চিৰিল ৰামাফোছাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।
দুয়োগৰাকী নেতাই কভিড-১৯ মহামাৰীৰ দ্বাৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে আৰু এই সন্দৰ্ভত নিজ নিজ দেশত গ্ৰহণ কৰা টিকাকৰণ অভিযানৰ বিষয়ে আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক পুনৰ কয় যে ফাৰ্মাচিউটিকেল আৰু ভেকছিনৰ বাবে ভাৰতৰ উল্লেখযোগ্য উৎপাদনশীল ক্ষমতাই আফ্ৰিকাকে ধৰি সকলো দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰি যাব।
দুয়োগৰাকী নেতাই ভেকছিন আৰু ঔষধৰ উপলব্ধতা আৰু সামৰ্থ্যতা সহজতৰ কৰিবলৈ বিভিন্ন আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে।
দুয়োখন দেশৰ বিষয়াসকলে আগন্তুক দিনবোৰত অভিজ্ঞতা বিনিময় কৰিবলৈ আৰু মহামাৰীৰ বিৰুদ্ধে সহযোগিতামূলক প্ৰচেষ্টাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ যোগাযোগত থাকিব বুলি দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে।
******
DS/SH/KG
(ৰিলিজ আই ডি : 1695401)
অতিথি কক্ষ : 224
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam