বিত্ত মন্ত্ৰালয়

জানুৱাৰী, ২০২১ত প্ৰায় ১.২০ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ হৈছে

Posted On: 31 JAN 2021 8:33PM by PIB Guwahati

৩১.১.২০২১তাৰিখৰ বিয়লি ৬বজালৈকে ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ মুঠ জিএছটি সংগ্ৰহৰ পৰিমাণ ১,১৯,৮৪৭ কোটি টকা হৈছে৷ ইয়াৰে ভিতৰত ২১,৯২৩ কোটি চিজিএছটি, ২৯,০১৪ কোটি এছজিএছটি, ৬০,২৮৮ কোটি টকা আইজিএছটি(২৭,৪২৪ কোটি আমদানি সামগ্ৰীসহ) আৰু ৮,৬২২ কোটি টকা উপকৰ(৮৩৩ কোটি আমদানি সামগ্ৰীসহ) আছে৷ ২০২১ৰ ৩১ জানুৱাৰীলৈকে মুঠ প্ৰায় ৯০লাখ জিএছটিআৰ-৩বি ৰিটাৰ্ণ ফাইল দাখিল হৈছে৷

চৰকাৰে নিয়মীয়া নিষ্পত্তি হিচাপে ২৪,৫৩১ কোটি চিজিএছটি আৰু আইজিএছটিৰ পৰা ১৯,৩৭১ কোটি এছজিএছটি নিষ্পত্তি কৰিছে৷ নিয়মীয়া নিষ্পত্তিৰ পাছত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ জানুৱাৰী মাহত ৪৬,৪৫৪ কোটি টকা চিজিএছটি আৰু ৪৮,৩৮৫ কোটি টকা এছজিএছটিৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰিছে৷

বিগত পাঁচ মাহত জিএছটি সংগ্ৰহৰ পৰিমাণৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ সংগৃহীত জিএছটিৰ পৰিমাণ বিগত বৰ্ষৰ একে সময়ছোৱাতকৈ ৮% অধিক হৈছে৷ সেই মাহত আমদানি সামগ্ৰীৰ জৰিয়তে সংগৃহীত জিএছটি ১৬% আৰু ঘৰুৱা লেনদেনৰ জৰিয়তে সংগৃহীত ৰাজহৰ পৰিমাণ ৬% অধিক৷

২০২১ বৰ্ষৰ জানুৱাৰীত সংগৃহীত জিএছটিৰ পৰিমাণ প্ৰায় ১.২০ লাখ কোটি হৈছে, যিটো জিএছটি ৰূপায়ণ কৰাৰ পৰা সৰ্বাধিক হিচাপে বিবেচিত হৈছে৷ ২০২০ৰ ডিচেম্বৰ মাহতো ১.১৫লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ কৰা হৈছিল৷ বিগত ৪ মাহ একেৰাহে ১লাখ কোটি টকাতকৈ অধিক টকাৰ জিএছটি সংগৃহীত হৈছে, যিটোৱে মহামাৰীৰ পাছত দ্ৰুত অৰ্থনৈতিক উন্নয়নকে সূচাইছে৷ ভুৱা বিল, জিএছটি, আয়কৰ আৰু শুল্ক আইটি পদ্ধতিৰ লগতে ফলপ্ৰসূ কৰ প্ৰশাসনৰ অধীনত সুক্ষ্ম নিৰীক্ষণৰ ফলতে বিগত কেইটামান মাহত কৰ ৰাজহৰ পৰিমাণ বৃদ্ধি পাইছে৷

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহৰ ২৪%ৰ তুলনাত দ্বিতীয়াৰ্ধৰ প্ৰথম চাৰি মাহত বাৰ্ষিক জিএছটি ৰাজহ সংগ্ৰহৰ পৰিমাণ গড়ে ৮% বৃদ্ধি পাইছে৷

. চলিত বিত্তীয় বৰ্ষত মাহিলী মুঠ জিএছটি বৃদ্ধিৰ হাৰ তলৰ তালিকাত দেখুওৱা হৈছে৷

 

**********

RM/KMN/DB



(Release ID: 1693832) Visitor Counter : 182