উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

‘এক্ট ইষ্ট’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে পোষণ কৰা দৃষ্টিভংগীয়ে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে আমাৰ সম্পৰ্কৰ নতুন দৃষ্টিকোণক প্ৰতীয়মান কৰে : ড০ জিতেন্দ্ৰ সিং

পোষ্ট কৰা হৈছে: 30 JAN 2021 3:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট সন্দৰ্ভত দৃষ্টিভংগী প্ৰদান কৰিছিল, যিয়ে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে আমাৰ সম্পৰ্কৰ নতুন দৃষ্টিকোণক প্ৰতীয়মান কৰিছে। এই অভিমত ব্যক্ত কৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ(ডনাৰ) বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী তথা, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী প্ৰশাসন, পেন্সন, ৰাজহুৱা অভিযোগ, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। মন্তৰীগৰাকীয়ে আজি এছীয়া পেচিফিক য়ুথ এক্সচেঞ্জ(এপিওৱাইই) সন্মিলনত ভাষণ প্ৰদান কৰিছিল।

ফিলিপাইছনৰ উপ ৰাষ্ট্ৰপতি মাৰিয়া লিঅনৰ জেৰোনা ৰবাৰেডো আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী ড০ জোৰামথাংগা উপস্থিত থকা সন্মিলনখনত ভাষণ প্ৰদান কৰি ড০ সিঙে কয়, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মিজোৰামে এই সন্মিলনৰ আয়োজন কৰা বাবে ডনাৰ মন্ত্ৰালয়ৰ দায়িত্ববাহী মন্ত্ৰী হিচাপে তেওঁ খুবেই আনন্দিত। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পৰিবেষ্টিত হৈ আছে আৰু অঞ্চলটোৱে ভাৰতৰ পূবৰ প্ৰৱেশ দ্বাৰ হিচাপে ভূমিকা পালন কৰি আহিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image001IHZ4.jpg

ভাষণ প্ৰসংগত ড০ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণৰ ক্ষেত্ৰত বিশেষ প্ৰাথমিকতা প্ৰদান কৰিছে। ইফালে, ভাৰতে যদি পূবৰ ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক গাঢ় কৰিব বিচাৰে তেন্তে এই ৰাষ্ট্ৰসমূহৰ সমীপবৰ্তি অঞ্চল হিচাপে উত্তৰ পূৰ্বাঞ্চলত এক শক্তিশালী বুনিয়াদ গঢ়ি তোলাৰ বিশেষ প্ৰাসংগিকতা থাকিবই।

ভৌগলিক অৱস্থান আৰু প্ৰকৃতিক তথা কৃষি-জলবায়বিক সম্পদৰে চহকী অঞ্চল হিচাপে বেহা-বেপাৰৰ পূৰ্ণ ব্যৱহাৰৰ বাবে ক্ৰমবৰ্দ্ধমান আছীয়ান বজাৰখনত প্ৰৱেশ কৰিবই লাগিব। প্ৰসংগক্ৰমে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপতে ভাৰত-বাংলাদেশ চুক্তি সফলতাৰে সম্পাদন কৰাৰ সুবাদত বাংলাদেশ আৰু অঞ্চলটোৰ আন দেশৰ সৈতে মিতব্যয়ী আৰু সহজ প্ৰৱেশৰ সুযোগ লাভ কৰিব পৰা হৈছে বুলি মন্তব্য কৰে।  

 

*********

SNC/KB


(ৰিলিজ আই ডি : 1693705) অতিথি কক্ষ : 165
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Tamil