যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে ড’পিং বিৰোধী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এনডিটিএল আৰু এনআইপিইআৰ, গুৱাহাটীৰ দ্বাৰা প্ৰস্তুত কৰা ৰেফাৰেন্স সামগ্ৰী মুকলি কৰে

Posted On: 28 JAN 2021 6:12PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে ৰাষ্ট্ৰীয় ড’প পৰীক্ষা গৱেষণাগাৰ (এনডিটিএল) আৰু ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (এনআইপিইআৰ), গুৱাহাটীৰ সহযোগিতামূলক প্ৰচেষ্টাৰ দ্বাৰা প্ৰস্তুত কৰা ড’পিং বিৰোধী ক্ষেত্ৰত ৰাসায়নিক পৰীক্ষাত ব্যৱহাৰৰ বাবে এবিধ ৰেফাৰেন্স সামগ্ৰী মুকলি কৰে।

 

’পিং বিৰোধী ক্ষেত্র এনডিটিএল এই উল্লেখযোগ্য সামগ্ৰীবিধ বিশ্ব অতি কমকৈ উপলব্ধ আৰু সকলো বিশ্ব ড’পিং বিৰোধী সংস্থা (ৱাডা) স্বীকৃত পৰীক্ষাগাৰত ড'পিং বিৰোধী ব্যৱস্থা শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা হ'ব।এনডিটিএল আৰু এনআইপিইআৰ গুৱাহাটীৰ মাজত বুজাবুজি চুক্তিখন আগষ্ট, ২০২০ত স্বাক্ষৰিত হৈছিল যিয়ে ৩ বছৰৰ ভিতৰত ২০ টা খুব কমেই উপলব্ধ ৰেফাৰেন্স সামগ্ৰী (আৰএম)উত্পাদনৰ প্ৰস্তাৱ দিয়ে। এই আৰএমবোৰ মূলতঃ গুণগত মানদণ্ড নিয়ন্ত্ৰণৰ উদ্দেশ্যৰ বাবে ড’প পৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰা হয় আৰু সেয়েহে বিশ্বব্যাপী ক্ৰীড়া ড’প পৰীক্ষাত তেওঁলোকৰ উপলব্ধতা গুৰুত্বপূৰ্ণ হৈ থাকে। 

 

এই আৰএমবোৰৰ উপলব্ধতাই ড’পিং বিৰোধী পৰীক্ষাগাৰসমূহক তেওঁলোকৰ পৰীক্ষা ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব।  

‘এইটো আমাৰ সকলোৰে বাবে এক বিশেষ মুহুৰ্ত। পদাৰ্থটো সৰু কিন্তু ইয়াৰ প্ৰভাৱ  ডাঙৰ। ২০টা ৰেফাৰেন্স সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে মই এনডিটিএল আৰু এনআইপিইআৰ-জিৰ সকলো বিজ্ঞানীক অভিনন্দন জনাইছো,’ শ্ৰী কিৰেণ ৰিজিজুৱে কয়।

 

     **********

NB/OA/KG



(Release ID: 1693075) Visitor Counter : 134