প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২২ জানুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৮ তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব প্রধানমন্ত্রীয়ে
পোষ্ট কৰা হৈছে:
20 JAN 2021 6:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২২ জানুৱাৰীত অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৮তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব। উক্ত দিনা পুৱা চাৰেদহ বজাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তেওঁৰ ভাষণ প্ৰদান কৰিব। দীক্ষান্ত সমাৰোহ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাঙ্ক আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব।
উক্ত সমাৰোহত ২০২০ বৰ্ষত উত্তীৰ্ণ ১২১৮ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব। স্নাতক আৰু স্নাতকোত্তৰ স্তৰত বিভিন্ন বিষয়ত শীৰ্ষ স্থান লাভ কৰা ৪৮ গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদক দিয়া হ’ব।
সমাৰোহখন ক’ভিড প্ৰটোকল মানি ব্লেণ্ডেড মোডত অনুষ্ঠিত হ’ব। য’ত কেৱল মাত্ৰ পিএইচডি আৰু স্বৰ্ণ পদক লাভ কৰা ডিগ্ৰীধাৰীসকলেহে ব্যক্তিগত ভাৱে সেয়া গ্ৰহণ কৰিব। বাকী শিক্ষাৰ্থীসকলক ডিগ্ৰী আৰু ডিপ্ল’মা ভাৰ্চুৱেল মাধ্যমেৰে প্ৰদান কৰা হ’ব।
****
DS/ VJ/RD
(ৰিলিজ আই ডি : 1692066)
অতিথি কক্ষ : 179
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam