হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

এতিয়ালৈকে পিএমএৱাই (ইউ) ৰ অধীনত অনুমোদন জনোৱা হৈছে ১.১ কোটি গৃহ

পিএমএৱাই (ইউ) ৰ অধীনত ১,৬৮,৬০৬ নতুন গৃহ নিৰ্মাণত অনুমোদন

কেন্দ্ৰীয় অনুমোদন আৰু নিৰীক্ষণ কমিটিৰ ৫২ সংখ্যক বৈঠক সম্পন্ন

“গৃহসমূহৰ সম্পূৰ্ণতা ও হিতাধিকাৰীক প্ৰদানত গুৰুত্ব আৰোপ কৰা হৈছে”: দুৰ্গা শংকৰ মিশ্ৰ

Posted On: 21 JAN 2021 11:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ অধীনত ১,৬৮,৬০৬ নতুন গৃহ নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰীয় অনুমোদন আৰু নিৰীক্ষণ কমিটি (CSMC) ৰ ৫২ সংখ্যক বৈঠকে। এই বৈঠকত ১৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্ৰহণ কৰে। হিতাধিকাৰী নেতৃত্বাধীন নিৰ্মাণ, অংশীদাৰিত্বত সাশ্ৰয়ী গৃহ নিৰ্মাণ আৰু স্বাভাৱিক স্থানত অৱস্থিত বস্তিৰ পুনৰ উন্নয়নৰ দৃষ্টিকোণেৰে এই গৃহসমূহ নিৰ্মাণৰ প্ৰস্তাৱ জনোৱা হৈছে। তদুপৰি ৰাজ্যসমূহে ভূমি, ভূ সংস্থান সম্পৰ্কীয় বিপত্তি, আন্তঃ চহৰ প্ৰব্ৰজন, দৃষ্টিকোণসমূহৰ অগ্ৰাধিকাৰৰ পৰিৱৰ্তন ইত্যাদিৰ দৰে ভিন্ন প্ৰসংগৰ পৰিপ্ৰেক্ষিতত প্ৰকল্পসমূহৰ সংশোধনীৰ অৰ্থে তেওঁলোকৰ প্ৰস্তাৱ ৰাখিছে। ৭০ লাখৰো অধিক গৃহৰ নিৰ্মাণ ভিন্ন পৰ্যায়ত আছে আৰু ৪১ লাখৰো অধিক গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।

এই বৈঠকখনিত পৌৰহিত্য কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পিএমএৱাই (ইউ) প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণৰ অৰ্থে কৌশল যুগুত কৰিবলৈ কয়।এই অভিযানৰ অধীনত দ্ৰুত অগ্ৰগতি লাভ কৰা হৈছে। আমি সকলোবোৰ প্ৰাথমিক অৱয়ব আৰু সামাজিক আন্তঃগাঁথনিৰ সৈতে গৃহসমূহ সম্পূৰ্ণকৰণৰ দিশে অগ্ৰসৰ হৈছো, তেওঁ কয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গৃহসমূহৰ সম্পূৰ্ণতা ও হিতাধিকাৰীক প্ৰদানত গুৰুত্ব আৰোপ কৰিব। তেওঁ তদুপৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এফ’ৰডেবল ৰেন্টেল হাউছিং কমপ্লেক্স (ARHC) আঁচনিৰ ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়।

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ছখন চহৰ যথাঃ আগৰতলা (ত্ৰিপুৰা), ৰাঁচী (ঝাড়খণ্ড), লক্ষ্ণৌ (উত্তৰ প্ৰদেশ), ইন্দোৰ (মধ্য প্ৰদেশ), ৰাজকোট (গুজৰাট) আৰু চেন্নাই (তামিল নাডু) ত আৰম্ভ কৰা ছয় লাইট হাউছ প্ৰকল্প (LHP)ৰ পৰাও অনুসৰণ কৰিব পাৰে। এই প্ৰযুক্তিক সমগ্ৰ দেশতে ৰাজহুৱা গৃহ নিৰ্মাণৰ অৰ্থে প্ৰদৰ্শন আৰু ব্যৱহাৰ কৰিব পাৰি,” তেওঁ কয়।

এয়া হৈছে ক’ভিড-১৯ মহামাৰীটোৰ মাজত চিএছএমচি ৰ দ্বিতীয়খনি বৈঠক। ৰাষ্ট্ৰই স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উদযাপনৰ শুভলগণত ২০২২ ৰ ভিতৰত ভাৰতৰ নগৰ অঞ্চলৰ সকলো যোগ্য হিতাধিকাৰীক পকা ঘৰ আগবঢ়াবলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় অংগীকাৰবদ্ধ। সকলোৰে বাবে ঘৰ, এই দৃষ্টিৰে, পিএমএৱাই (ইউ) ৰ অধীনত নিৰ্ধাৰিত সময়ৰ ভিতৰত সমগ্ৰ দেশখনতে গৃহসমূহ নিৰ্মাণৰ ত্বৰান্বিতকৰণ, সম্পূৰ্ণকৰণ আৰু প্ৰদানত গুৰুত্ব প্ৰদান কৰা হৈছে।

******

RJ/SB



(Release ID: 1691134) Visitor Counter : 184