PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 20 JAN 2021 5:38PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

 

Image

৬মাহৰ পাছত চিকিসাধীন ৰোগীৰ সংখ্যা ২লাখতকৈ কম হৈছে; বিগত ৭ দিনত ভাৰতত প্ৰতি ১০লাখ লোকৰ বিপৰীতে কম সংখ্যক লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে মুঠ ৬,৭৪,৮৩৫গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে, বিগত ২৪ ঘণ্টাত ৩,৮৬০টা পৰ্বত ২,২০,৭৮৬জন লোকক টিকাকৰণ কৰা হৈছে

ভাৰতে আজি উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ আজি মুঠ চিকিসাধীন ৰোগীৰ সংখ্যা ২লাখৰ কম হৈ ১,৯৭,২০১ হৈছে৷ চিকিসাধীন লোকৰ হাৰ ১.৮৬%লৈ অৱনমিত হৈছে৷ এয়া ২০৭দিনৰ পাছত সৰ্বনিম্ন৷ ২০২০ৰ ২৭ জুনত মুঠ চিকিসাধীন লোকৰ সংখ্যা ১.৯৭,৩৮৭জন আছিল৷ বিগত ২৪ ঘণ্টাত ১৬,৯৮৮গৰাকী ৰোগী আৰোগ্য হৈছে৷ চিকিসাধীন ৰোগীৰ ৭২%ই ৫খন ৰাজ্যৰ৷ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০,০০০তকৈ কম ৰোগী চিকিসাধীন হৈ আছে৷ বিগত ৭ দিন বিশ্বৰ তুলনাত ভাৰতৰ নতুন আক্ৰান্ত লোকৰ সংখ্যা সৰ্বনিম্ন৷ ইফালে, ২০২১ৰ ২০ জানুৱাৰীৰ সন্ধ্যা ৭ বজালৈকে দেশত ৬,৭৪,৮৩৫জন লোকক টিকাকৰণ কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৩,৮৬০টা পৰ্বত ২,২০,৭৮৬জন লোকক টিকাকৰণ কৰা হৈছে৷ দেশত মুঠ আৰোগ্য লোকৰ সংখ্যা ১.০২ কোটিতকৈ অধিক হৈছে৷ দেশত আৰোগ্যৰ হাৰ আজি ৯৬.৭০%লৈ উন্নীত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১৬২জন ৰোগীৰ মৃত্য হৈছে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1690290

 

ক’ভিড-১৯ ব্যৱস্থাপনাত লাক্ষাদ্বীপ প্ৰশাসনক সহায় কৰাৰ বাবে এক মাল্টি-ডিচিপ্লিনেৰী টীম প্ৰেৰণ কৰিলে স্বাস্থ্য মন্ত্ৰালয়ে

কেন্দ্ৰীয় শাসিত অঞ্চলৰ লাক্ষাদ্বীত ১৮.০১.২০২১ত প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগী ধৰা পৰিছে৷ এই ব্যক্তিজনে ৪ জানুৱাৰীত এখন জাহাজেৰে কেৰালাৰ কোচিৰ পৰা লাক্ষাদ্বীপলৈ আহিছিল৷ ইয়াৰ পাছতে প্ৰশাসনে কৰা পৰীক্ষাত এতিয়ালৈকে ৫৬জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে এটা কেন্দ্ৰীয় বিশেষজ্ঞ চিকিসকৰ দল লাক্ষাদ্বীপ প্ৰশাসনক সহায় কৰাৰ বাবে প্ৰেৰণ কৰে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1690159

 

ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে শুভাৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰক শুভেচ্ছা জনালে চুবুৰীয়া ৰাজ্যৰ নেতৃবৃন্দই

’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছে। এক টুইটত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়ে ৰাজাপাক্ষেই কয়, ‘ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবেআৰু বন্ধু চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰতাৰ বাবে মই তেওঁক আন্তঃৰিক অভিনন্দন জনাইছো।’ এক টুইটত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী শ্ৰী মাহিন্দ ৰাজাপাক্ষেই কয়, ‘ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ দৰে অত্যন্ত আৱশ্যক পদক্ষেপৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জনাইছো। আমি এই ভয়ংকৰ মহামাৰীৰ অৱসান দেখিবলৈ আৰম্ভ কৰিছো।’ এক টুইটত মালদ্বীপৰ ৰাষ্ট্ৰপতি শ্ৰী ইব্ৰাহিম মহম্মদ ছ’লিহে কয়, ‘ ভাৰতৰ জনসাধাৰণক ক’ভিড-১৯ৰ টিকা প্ৰদানৰ যুগান্তকাৰী অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো। মই সম্পূৰ্ণৰূপে বিশ্বাসী যে আপোনালোক এই প্ৰয়াসত সফল হ’ব আৰু অৱশেষত আমি মহামাৰীৰ অৱসান দেখিবলৈ পাম।’ এক টুইটত ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিঙে কয়, ‘আজিৰে পৰা ভাৰতত আৰম্ভ হোৱা দেশজোৰা ক’ভিড-১৯ টিকাকৰণ মুকলি অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ জনসাধাৰণক অভিনন্দন জনাব বিচাৰিছো। আমি আশা কৰিছো যে এই অভিযানে মহামাৰীৰ সময়ত আমি সন্মুখীন হোৱা সকলো দুখ-কষ্টৰ অৱসান ঘটাব।’

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689701

 

ক’ভিড-১৯ টিকাকৰণ, ভাৰতত আৰম্ভ বিশ্বৰ সৰ্ববৃহ টিকাকৰণ অভিযান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে চিকিসক, নাৰ্চ আৰু অন্যান্য স্বাস্থ্যকৰ্মীৰ লগতে আগশাৰীৰ কৰ্মীসকলক টিকাকৰণ কৰাৰ বাবে বাচনি কৰা কাৰ্যক এক স্মৰণীয় দিন হিচাপে অভিহিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে শনিবাৰে বিশ্বৰ সৰ্ববৃহ ক’ভিড-১৯ টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷ নতুন দিল্লী এইমছত মনীষ কুমাৰ নামৰ চাফাই কৰ্মীজনক প্ৰথম টিকা প্ৰদান কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689112

 

বিশ্বৰ সৰ্ববৃহ টিকাকৰণ অভিযানৰ প্ৰথন দিনটোৰ পৰ্যালোচনা কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য মন্ত্ৰীসকলৰে মত বিনিময় কৰে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ভিডিঅ’ কনফাৰেন্সযোগে বিশ্বৰ সৰ্ববৃহ টিকাকৰণ অভিযানৰ প্ৰথন দিনটোৰ পৰ্যালোচনা কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰে মত বিনিময় কৰে৷ এই উপলক্ষে তেওঁ কয় যে আজিৰ দিনটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ দিন৷ তেওঁ টিকাকৰণ ব্যৱস্থাত সন্মুখৰ পৰা নেতৃ্ত্ব প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰো প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689180

 

সমগ্ৰ দেশতে কৰোনা টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে, ক’ৰোনাৰ প্ৰতি ভাৰতীয়সকলৰ সঁহাৰিয়ে এক আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাকে প্ৰতিপন্ন কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰথমেই এই ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সফল ৰূপায়নৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সংশ্লিষ্ট বিজ্ঞানীসকলক অভিনন্দন জনায়। তেওঁ কয়, ভেকচিন প্ৰস্তুত কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু, ইমান কম সময়ৰ ভিতৰত দেশত নিৰ্মিত এটা নহয়, দুটাকৈ ভেকচিন উলিওৱা হৈছে। ভেকচিনৰ দুটা পালি গ্ৰহণ কৰিবলৈ যাতে কোনোৱেই পাহৰি নাযায় তাৰ বাবে তেওঁ দেশবাসীক সতৰ্ক কৰি দিয়ে। তেওঁ কয়, দুটা টীকাৰ মাজত এমাহৰ ব্যৱধান থাকিব লাগিব। তেওঁ কয়, দ্বিতীয় টীকা গ্ৰহণৰ পিছত মানৱ দেহত ক’ৰোনাৰ বিৰুদ্ধে প্ৰয়োজনীয় ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকাশ ঘটে। প্ৰধানমন্ত্ৰী এই টীকাদান কাৰ্যসূচী নজিৰবিহীন বুলি উল্লেখ কৰি কয়, প্ৰথমটো স্তৰতেই ভাৰতৰ ৩ কোটি লোকে এই টীকা গ্ৰহণ কৰিছে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689021

 

সমগ্ৰ দেশতে কৰোনা টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689026

 

যিসকলক টিকা আটাইতকৈ বেছি প্রয়োজন প্রথমে তেওঁলোকক টিকাকৰণ কৰা হবঃ প্রধানমন্ত্রী


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে ভাৰতৰ ক’ভিড-১৯ টিকাকৰণ অভিযান অতি মানৱীয় আৰু গুৰুত্বপূর্ণ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হৈছে৷ যিসকলক টিকাৰ আটাইতকৈ বেছি প্রয়োজন তেওঁলোকক প্রথমে টিকাকৰণ কৰা হ’ব। আনকি যিসকলকৰ সংক্রমণৰ আশংকা সর্বাধিক তেওঁলোকক প্রথমে টিকা প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় যে আমাৰ চিকিসক, নাৰ্ছ, হাস্পতালৰ চাফাই কর্মী আৰু পেৰামেডিকেল ষ্টাফসকলে প্রথমে টিকাৰ সুবিধা লাভ কৰিব। চৰকাৰী আৰু বেচৰকাৰী উভয় ক্ষেত্রত হাস্পতালসমূহৰ কর্মচাৰীসকলে টিকাকৰণত অগ্রাধিকাৰ পাব। প্রধানমন্ত্রীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশজোৰা ক’ভিড-১৯ টিকাকৰণ কাৰ্যসূচীৰ আৰম্ভ কৰি ভাষণ আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চিকিসাকর্মীসকলৰ পাছত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰী আৰু দেশৰ নিৰাপত্তা তথা আইন-শৃংখলাৰ সৈতে জড়িত ব্যক্তিসকলক টিকাকৰণ কৰা হ’ব। আমাৰ নিৰাপত্তা বাহিনী, আৰক্ষী বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, চাফাই কর্মীসকলক টিকাকৰণত অগ্রাধিকাৰ প্ৰদান কৰা হ’ব।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689030

 

টিকাকৰণত অগ্ৰাধিকাৰেৰে ভাৰতে ফ্ৰন্টলাইন কভিড যোদ্ধাসকললৈ কৃতজ্ঞতা জনাইছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ সময়ছোৱাত সম্পূৰ্ণৰূপে প্ৰতিফলিত হোৱা দেশখনৰ নিঃস্বাৰ্থ শক্তিশালী উদ্দীপনাক প্ৰশংসা কৰে। আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ-দেশত ক’ভিড-১৯ ৰ টিকাদান কাৰ্যক্ৰমৰ শুভাৰম্ভণিত, শ্ৰী মোদীয়ে কয়, যোৱাটো বছৰত, ভাৰতীয়সকলে ব্যক্তিগতভাৱে, পৰিয়াল হিচাপে আৰু এখন ৰাষ্ট্ৰ হিচাপে বিশেষ কথা শিকিলে আৰু সহ্য কৰিলে। জনপ্ৰিয় তেলেগু কবি গুৰাজাদা ভেংকাটা আপ্পাৰাওৰ উদ্ধৃতি দি, শ্ৰী মোদীয়ে কয়, আমি সদায়ে আনৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিব লাগে। এখন ৰাষ্ট্ৰ মানে কেৱল মাটি, পানী আৰু শিলেই নহয়, এখন ৰাষ্ট্ৰ হৈছে ‘আমি মানুহবোৰে’— এই ভাৱনাৰ হৃদয়ংগম। ভাৰতত এই উদ্দীপনাৰেই ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়া হৈছিল, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া দেশখনৰ জনসাধাৰণে আক্ৰান্ত হোৱা মাত্ৰেকে কাষৰ ঘৰখনলৈ যাব নোৱাৰা হৈছিল, তেতিয়া তেওঁলোকৰ মাজত উদ্ভৱ হোৱা অসহায় অনুভৱৰ প্ৰাৰম্ভিক অৱস্থা সংবেদনশীলতা আৰু সহানুভূতিৰে ৰোমন্থন কৰে। এই ৰোগে সংক্ৰমিত ব্যক্তিক বিচ্ছিন্ন আৰু অকলশৰীয়া কৰে, ৰোগটোক পৰাভূত কৰিবলৈকে চিকিসালয়সমূহত মাতৃ আৰু বৃদ্ধ পিতৃ-মাতৃৰ ওচৰৰপৰা দুৰ্বল সন্তানক আঁতৰ কৰি নিয়া হৈছিল। যুঁজত পৰাসকলৰ ওচৰলৈ সম্পৰ্কীয় লোককো আহিবলৈ দিয়া হোৱা নাছিল। এনে কিছু স্মৃতিয়ে আজিও আমাৰ মন বিষণ্ণতাৰে ভৰাই তোলে, আৱেগিকভাৱে প্ৰধানমন্ত্ৰীয়ে কয়।

এই অন্ধকাৰময় দিনসমূহৰ মাজতে, কিছু লোকে আশা আৰু সাহাৰ্য্য আগবঢ়োৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে। তেখেতে আনক ৰক্ষা কৰিবলৈ চিকিসক, নাৰ্ছ, পেৰা মেডিকেল ষ্টাফ, এম্বুলেন্সৰ চালক, আশা কৰ্মী, অনাময় কৰ্মী, আৰক্ষী আৰু আন ফ্ৰন্টলাইন কৰ্মীসকলে কিদৰে নিজৰ জীৱন উসৰ্গা কৰিছিল, সেয়া বিস্তৃতভাৱে ব্যক্ত কৰে।

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1689050

 

ভিড-১৯ ভেকচিন মুকলি, ড০ হৰ্ষ বৰ্ধনে বুজ ল’লে দেশজোৰা টিকাকৰণ অভিযানৰ প্ৰস্তুতিৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কাইলৈৰ পৰা দেশজুৰি আৰম্ভ হ’বলগীয়া টিকাকৰণ অভিযানৰ প্ৰস্তুতিৰ আজি বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডেডিকেটেড ক’ভিড নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্মল ভৱনৰ প্ৰাংগনত এই নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জানুৱাৰীৰ পুৱা ১০.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশজুৰি আৰম্ভ হ’বলগীয়া ক’ভিড-১৯ টিকাকৰণ প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ৰ ফ্লেগ অফ কৰিব। এই টিকাকৰণ প্ৰক্ৰিয়াই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৩০০৬ ছেছন ছাইটৰ সৈতে দেশৰ প্ৰতিটো চুক-কোণক সাঙুৰি ল’ব। প্ৰত্যেকটো ছেছনত ১০০গৰাকীকৈ লোকক টিকা প্ৰদান কৰা হ’ব। প্ৰথম পৰ্যায়ত চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়ৰে স্বাস্থ্যসেৱা কৰ্মীয়ে টিকা লাভ কৰিব।

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1688819

 

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদৰ ১৪৮সংখ্যক অধিৱেশনত অধ্যক্ষতা কৰিব ড০ হৰ্ষবৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ভিডিঅ’ কনফাৰেন্সযোগে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদৰ ১৪৮সংখ্যক অধিৱেশনত অধ্যক্ষতা কৰিব৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1689685

দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শনৰ সময়ত সমাজ আৰু ৰাষ্ট্ৰৰ কল্যানৰ বাবে প্ৰাণ আহুতি দিয়া দিল্লী আৰক্ষীৰ সাহসী যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে

গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শনৰ সময়ত সমাজ আৰু ৰাষ্ট্ৰৰ কল্যানৰ বাবে প্ৰাণ আহুতি দিয়া দিল্লী আৰক্ষীৰ সাহসী যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই উপলক্ষে শ্ৰী অমিত শ্বাহে দিল্লী আৰক্ষীৰ ক’ৰোনা যোদ্ধাসকলক সন্মানীত কৰাৰ লগতে তেওঁলোকৰ উল্লেখযোগ্য কামৰ স্বীকৃতি হিচাপে ৰেংক প্ৰদান কৰে৷ এই উপলক্ষে ‘২০২০ ছফৰ’ আৰু বিজয়পথ-কাহানী খাকী যোদ্ধাকী’ শীৰ্ষক দুখন ছুটী ছবি প্ৰদৰ্শন কৰা হয়৷

অধিক বিৱৰণ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1690158

 

কভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহ টিকাকৰণ অভিযানৰ ঐতিহাসিক উদ্বোধনৰ মূহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সকলো বিজ্ঞানীক অভিনন্দন জনাইছে

কভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহ টিকাকৰণ অভিযান আৰম্ভ কৰাৰ ঐতিহাসিক মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰতিগৰাকী বিজ্ঞানীকে অভিনন্দন জনাইছে। কেইবাটাও টুইটত শ্ৰী অমিত শ্বাহে কয় যে ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত এক গুৰুত্বপূৰ্ণ পৰ্যায় অতিক্ৰম কৰিছে।বিশ্বৰ সৰ্ববৃহ টিকাকৰণ অভিযানে ভাৰতৰ বিজ্ঞানীসকলৰ অপাৰ সম্ভাৱনা আৰু আমাৰ নেতৃত্বৰ শক্তি প্ৰদৰ্শন কৰিছে।’ শ্ৰী অমিত শ্বাহে কয় যে ‘ভাৰত হৈছে মানৱতাৰ বিৰুদ্ধে সৰ্ববৃহ সংকট নিৰাময়ৰ দিশত সফল হোৱা কেইখনমান দেশৰ ভিতৰৰ এখন।প্ৰতিজন ভাৰতীয়ই এই অভূতপূৰ্ব কৃতিত্বৰ বাবে গৌৰৱান্বিত।’ তেওঁ লগতে কয় যে এয়া হৈছে বৈশ্বিক মানচিত্ৰত নতুন আত্মনিৰ্ভৰ ভাৰতৰ উত্থান।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689049

 

খাদী শিল্পীসকলক বিশেষ সাহায্যার্থে কভিড-১৯ লকডাউনৰ সময়খাদী গ্রামোদ্যোগ আয়োগপৰা প্রায় ৪৯ কোটি টকাৰ সামগ্রী ক্ৰয় কৰিছে ভাৰতীয় ৰেলে

ভাৰতীয় ৰেলে কভিড-১৯ লকডাউনৰ সময় খাদী গ্রামোদ্যোগ আয়োগৰ পৰা ৪৮.৯০ কোটি টকাৰ খাদী সামগ্রী ক্ৰয় কৰিছে। ইয়াৰ ফলত বিগত বৰ্ষত খাদী গ্ৰামোদ্যোগ আয়োগকাম-কাজত ব্যাপক প্রভা লক্ষ্য কৰা হৈছে৷ ২০২০ৰ ডিচেম্বৰ মাহত ভাৰতীয় ৰেলে ৮.৪৮ কোটি টকাৰ খাদী সামগ্রী ক্ৰয় কৰিছে। ইয়াৰ ফলফালে যেনেকৈ কর্ম সংস্থাপনৰ সৃষ্টি হৈছে আনফালে খাদী শিল্পীসকলৰয়ো বৃদ্ধি পাইছে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689054

 

 

১ জানুৱাৰী ২০২১ তাৰিখে পুনৰ ধাৰ্য কৰা হৈছে পলিঅৰাষ্ট্ৰীয় টীকাকৰণ দি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৩০ জানুৱাৰী ২০২১ তাৰিখে মুকলি কৰিব এনআইডি

 

প্ৰধানমন্ত্ৰীয়ে ১৬ জানুৱাৰী, ২০২১ তাৰিখৰ পৰা সমগ্ৰ দেশতে ক’ভিড-১৯ৰ টীকাকৰণৰ অভিযান মুকলি কৰিব৷ এয়া বিশ্বৰ ভিতৰতে সৰ্ববৃহ টীকাকৰণ অভিযান হিচাপে বিবেচিত হৈছে৷ গতিকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সৈতে হোৱা আলোচনামৰ্মে পলিঅ’ টীকাকৰণ দিৱস ৩১ জানুৱাৰী ২০২১ তাৰিখে পুনৰ দিন ধাৰ্য কৰিছে৷ ৩১ জানুৱাৰী ২০২১ তাৰিখটোক ‘পলিঅ’ দেওবাৰ’ বুলি নামাকৰণ কৰা হৈছে৷ ৰাষ্ট্ৰপতিয়ে ৩০ জানুৱাৰী ২০২১ তাৰিখে পলিঅ’ ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস মুকলি কৰিব৷ এই উপলক্ষে সেইদিনা ৰাষ্ট্ৰপতি ভৱনত পুৱা ১১.৪৫ বজাত কেইটিমান শিশুক ৰাষ্ট্ৰপতিয়ে পলিঅ’ ড্ৰপ প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1688474

 

ড০ হৰ্ষ বৰ্ধনে ভাৰ্চুৱেলী সম্বোধন কৰিলে আত্মনিৰ্ভৰ ভাৰত, স্বতন্ত্ৰ ভাৰত ৱেবিনাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিলায় কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে বৃহস্পতিবাৰে স্বৰাজ্য আলোচনীৰ দ্বাৰা আয়োজিত ক’ভিডৰ পাছৰ বিশ্বত আত্মনিৰ্ভৰ ভাৰত, স্বতন্ত্ৰ ভাৰত আৰু ভাৰতৰ স্বাস্থ্য সেৱাৰ পৰিৱেশ শীৰ্ষক এক ৱেবিনাৰত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে তেওঁ আত্মনিৰ্ভৰ ভাৰত এতিয়া চৰকাৰৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1688574

 

ক’ভিড-১৯ৰ বিৰুদ্ধে সৰ্ববৃহ টিকাকৰণ অভিযানত অংশগ্ৰহণ ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই ক’ভিড-১৯ৰ বিৰুদ্ধে সৰ্ববৃহ টিকাকৰণ অভিযানত অংশগ্ৰহণ কৰিছে৷ শনিবাৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদানেৰে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় টিকাকৰণ অভিযানত নৰ্দাৰ্ণ ৰে’লৱে চেণ্ট্ৰেল হাস্পতালে অংশগ্ৰহণ কৰিছে৷ এই উপলক্ষে এনআৰচিএইচৰ পৰিচালন সঞ্চালক ডা০ শাৰজ চি খোৰৱালে প্ৰথম পালি লৈ কৰ্মচাৰীসকলক উসাহিত কৰে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1689221

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ক’ভিড-১৯ প্ৰতিৰোধী টিকাকৰণ অভিযানৰ অধীনত মহাৰাষ্ট্ৰৰ ১৪,৮৮৩গৰাকী স্বাস্থ্য কৰ্মীয়ে এতিয়ালৈকে প্ৰথম পালি টিকা লাভ কৰিছে৷ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব ডা০ প্ৰদীপ ব্যাসে কয় যে এতিয়ালৈকে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই৷ শনিবাৰে ৩৪খন জিলা আৰু ২৭টা পৌৰ এলেকাত টিকাকৰণ আৰম্ভ হয়৷ CoWin পৰ্টেলত ১৭,৭৬২গৰাৰী ভেকচিনেটৰ আৰু ৭,৮৫,৯২৭গৰাকী স্বাস্থ্য কৰ্মী পঞ্জীয়ভুক্ত হৈছে৷
  • গুজৰাটঃ মঙলবাৰে দ্বিতীয় দিনা ক’ভিশ্বল্ডৰ ১৬১টা বুথ চিকিসক আৰু স্বাস্থ্য কৰ্মীক প্ৰদান কৰা হয়৷ প্ৰথমদিনা ৰাজ্যখনৰ ১৩,২৭৪গৰাকী হিতাধিকাৰীক ক’ভিশ্বিল্ড প্ৰদান কৰা হয়৷ গুজৰাট চৰকাৰে প্ৰথম পৰ্যায়ত ৪.৩১লাখ লোকক টিকাকৰণৰ বাবে চিনাক্ত কৰিছে৷ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কয় যে এতিয়ালৈকে টিকা গ্ৰহণ কৰা লোকৰ কোনো পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই৷
  • মধ্যপ্ৰদেশঃ নতুন আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাই মধ্যপ্ৰদেশত মঙলৰ কেৱল ৩০৪জন লোকৰ দেহত ক’ভিড ধৰা ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ সংখ্যা ২,৫২,১৮৬জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ঘণ্টাত ৭২৫জন ৰোগী আৰোগ্য হোৱা মধ্যপ্ৰদেশত এতিয়ালৈকে ৩,৭৬৩জন ৰোগীৰ মৃত্যু হৈছে৷
  • চত্তীশগড়ঃ ৰাজ্যখনৰ ১০,০০০তকৈ অধিক স্বাস্থ্যকৰ্মীক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷ ইয়াৰে কোনো এগৰাকী ৰোগীৰে পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই৷ কালি চত্তীশগড়ত ৫,২৮০গৰাকী স্বাস্থ্যকৰ্মীক টিকাকৰণ কৰা হয়৷ মঙলবাৰে ৰাজ্যখনত ৩৮৩গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ১০জন ৰোগীৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মঙলবাৰে ৰাজস্থানৰ ১১,২৮৮গৰাকী স্বাস্থ্যকৰ্মীক টিকাকৰণ কৰা হয়৷ টিকাকৰণ প্ৰকল্পৰ সঞ্চালক ড০ ৰঘুৰাজ সিং টিকাকৰণ অভিযান দ্ৰুতগতিত আগবঢ়া বুলি কয়৷ মুখ্যমন্ত্ৰী গেহলটেও ক’ভিডৰ টিকাকৰণ অভিযানৰ পৰ্যালোচনা কৰিছে৷
  • গোৱাঃ আজি মুম্বাইৰ পৰা ১৮,০০০ ভেকচিনৰ ড’জ গোৱালৈ বিমানযোগে অনা হয়৷ অহা শুকুৰবাৰৰ পৰা টিকাকৰণ অভিযান আৰম্ভ কৰা হ’ব৷ যোৱা সপ্তাহতো ৰাজ্যখনলৈ ২৩,৫০০ ড’জ ভেকচিন প্ৰেৰণ কৰা হয় আৰু ইয়াৰে প্ৰথন দিনা ৪২৬ ড’জ স্বাস্থ্য কৰ্মীলৈ প্ৰেৰণ কৰা হৈছে৷
  • অসমঃ মঙলবাৰে অসমত ২৩গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ অসমত বৰ্তমান ১,৩৮৪জন ৰোগী চিকিসাধীন হৈ আছে৷ এতিয়ালৈ মুঠ আক্ৰান্ত ২,১৬,০৮১জন লোকৰ ভিতৰত ২,১৩,০৮১জন ৰোগী আৰোগ্য হৈছে আৰু ১,০৭৫জন ৰোগীৰ মৃত্যু হৈছে৷
  • নাগালেণ্ডঃ মঙলবাৰে নাগালেণ্ডত ০৫জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১২,০৬৬জনলৈ বৃদ্ধি হৈছে৷
  • ছিকিমঃ ১৪জন নতুন আক্ৰান্তসহ ছিকিমৰ মুঠ আক্ৰান্তৰ সংখ্যা ৬,০৫২জনলৈ বৃদ্ধি পাইছে৷
  • কেৰালাঃ আজি পুৱা কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দ্বিতীয় পৰ্যায়ৰ ক’ভিড ড’জ আহি পাইছে৷ মুঠ ২২ বাকছত ৩,৬০,৫০০ ড’জ ভেকচিন আছে৷ ৰাজ্যখনত এতিয়ালৈকে ২৪,৫০১জন স্বাস্থ্যকৰ্মীক ভেকচিন প্ৰদান কৰা হৈছে৷
  • তামিলনাডুঃ এতিয়ালৈকে তামিলনাডুত মুঠ ৮,৩১,৮৬৬জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৮,১৪,০৯৮জন আৰোগ্য হৈছে আৰু ১২,২৮১জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৫,৪৮৭জন ৰোগী চিকিসাধীন হৈ আছে৷
  • কৰ্ণাটকঃ আজিলৈকে কৰ্ণাটকত মুঠ ৯,৩৩,০৭৭জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৯,১৩,০১২জন ৰোগী আৰোগ্য হৈছে৷ মুঠ ১২,১৮১জন ৰোগী মৃত্যু হোৱা ৰাজ্যখনত বৰ্তমানেও ৭,৮৬৫জন ৰোগী চিকিসাধীন হৈ আছে৷
  • অন্ধ্ৰপ্ৰদেশঃ আজিলৈকে অন্ধ্ৰপ্ৰদেশত ৯,১৩,৩৫০জন লোক আক্ৰান্ত হৈছে৷ ইয়াৰে ৭,১৪২জন ৰোগীৰ মৃত্যু হৈছে আৰু বৰ্তমান ১,৬৬০জন ৰোগী চিকিসাধীন হৈ আছে৷
  • তেলেংগানাঃ তেলেংগানাত ১৬ জানুৱাৰীত ক’ভিডৰ টিকাকৰণ অভিযান আৰম্ভ হয়৷ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পাছত ৰাজ্যখনৰ ১৪০টা কেন্দ্ৰত টিকাকৰণ কৰা হৈছে৷ প্ৰথমদিনা ৩,৯৬২জন স্বাস্থ্যকৰ্মীক টিকাকৰণ কৰা হয়৷ এতিয়ালৈকে ৰাজ্যখনৰ মুঠ ৬৯,৬২৫জন স্বাস্থ্যকৰ্মীক টিকাকৰণ কৰা হৈছে৷

 

FACT CHECK

Image

Image

 

******************



(Release ID: 1690579) Visitor Counter : 217