জল শক্তি মন্ত্ৰালয়

মণিপুৰ পৰিদৰ্শন ৰাষ্ট্ৰীয় জল জীৱন অভিযানৰ দলৰ

Posted On: 12 JAN 2021 11:41AM by PIB Guwahati

২০২১ ৰ ১০ ৰপৰা ১৩ জানুৱাৰীলৈকে মণিপুৰত আছে ৰাষ্ট্ৰীয় জল জীৱন অভিযানৰ ৬ সদস্যৰ এটা দল। জল জীৱন অভিযান শীৰ্ষক ধ্বজাবাহী কাৰ্যক্ৰমটোৰ অধীনত ৰাজ্যখনৰ ‘হৰ ঘৰ জল’ৰ লক্ষ্যক বাস্তৱায়িতকৰণত সহায়ক হোৱাকৈ দলটোৱে কাৰিকৰী সাহাৰ্য্য আগবঢ়াইছে। এই দলটোৱে ৰাজ্যখনত কাৰ্যক্ৰম ৰূপায়ণকাৰীসকলে মুখামুখি হোৱা সমস্যা আৰু প্ৰত্যাহ্বানৰাজি চিনাক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তথা দেশখনৰ আন অংশসমূহত অগ্ৰগতি সাধনাৰ্থে আৰু প্ৰদৰ্শনৰ বাবে উত্তম পন্থাসমূহ নথিভুক্ত কৰি নিব।

চাৰি-দিনীয়া এই ভ্ৰমণত টীমটোৱে কাকচিং, থৌবাল, বিষ্ণুপুৰ ও ননে জিলা পৰিদৰ্শন কৰিব। তেওঁলোকে পানী যোগান আঁচনিৰ ৰূপায়ণেৰে জড়িত ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াবৰ্গ তথা কাৰ্যক্ৰমটোৰ অধীনত সৃষ্টি কৰা আন্তঃগাঁথনিৰ প্ৰহৰীস্বৰূপ গাঁও প্ৰধান আৰু গাঁও পঞ্চায়তসমূহৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰিব। দলটোৱে তদুপৰি জিলা পানী ও অনাময় অভিযানৰ অধ্যক্ষ/উপায়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হৈ অগ্ৰগতি আৰু কাৰ্যক্ৰমটোৰ ক্ষীপ্ৰ ৰূপায়ণৰ অৰ্থে তেওঁলোকৰ অংশগ্ৰহণ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব। ভ্ৰমণৰ অন্তিম দিনা, দলটোৱে এখনি প্ৰশ্নোত্তৰ সত্ৰৰো পৰিকল্পনা কৰিছে।

মণিপুৰৰ গ্ৰামাঞ্চলত গৃহস্থীৰ সংখ্যা প্ৰায় ৪.৫১ লাখ, ইয়াৰ ১.৬৭ লাখ (৩৭%) গৃহস্থীলৈহে টেপযোগে পানীৰ যোগান উপলব্ধ। ৰাজ্যখনে ২০২০-২১ ত ২ লাখ গৃহস্থীলৈ কাৰ্যক্ষম টেপ সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। জল জীৱন অভিযান (JJM)ৰ অধীনত ৰাজ্যখনে ২০২০-২১ ৰ ভিতৰত ১০০% টেপযোগে পানীৰ সংযোগ প্ৰদানৰ পৰিকল্পনা কৰে।

জল জীৱন অভিযান হৈছে ২০১৯ ৰ আগষ্টত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এখনি ধ্বজাবাহী আঁচনি, যাৰ জৰিয়তে ২০২৪ ৰ ভিতৰত যথোচিত পৰিমাণ ও নিৰ্ধাৰিত মানসাপেক্ষে গ্ৰামাঞ্চলৰ সকলো গৃহস্থীলৈ টেপযোগে পানী যোগান আগবঢ়াবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। পেয় পানী শীৰ্ষ অগ্ৰাধিকাৰ সাপেক্ষে ৰাজ্যসমূহলৈ সকলো সাহাৰ্য্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰখন অংগীকাৰবদ্ধ। এই কাৰ্যক্ৰমৰ অধীনত, আগবঢ়োৱা টেপযোগে পানীৰ সংযোগ আৰু উপলব্ধ কেন্দ্ৰীয় আৰু সমকক্ষ ৰাজ্যিক শ্বেয়াৰৰ ব্যৱহাৰৰ আউটপুটৰ ভিত্তিত ভাৰত চৰকাৰৰদ্বাৰা পুঁজি আগবঢ়োৱা হৈছে। ২০২০-২১ ত কেন্দ্ৰই মণিপুৰলৈ ১৩১.৮০ কোটি টকা আবন্টন দিছে।

ৰাজ্যখনৰদ্বাৰা গাঁও পৰ্যায়ত এমজিএনৰেগা, জেজেএম, এছবিএম (জি), পিআৰআইলৈ ১৫ সংখ্যক বিত্ত আয়োগৰ অনুমোদন, কেম্পা, স্থানীয় এলেকা উন্নয়ন পুঁজি ইত্যাদিৰ দৰে ভিন্ন কাৰ্যক্ৰমসমূহৰ অধীনত এক-কেন্দ্ৰাভিমুখতা পৰিকল্পনা যুগুত কৰাটো আৱশ্যকীয় আৰু প্ৰতিখন গাঁৱৰ ভিলেজ এক্সন প্লেনে (VAP) ৫ বছৰৰ বাবে খোৱা পানী সুৰক্ষা নিশ্চিত কৰি তুলিবলৈ ভিন্ন পদক্ষেপ গ্ৰহণৰ অৰ্থে এনে সকলো পুঁজি ব্যৱহাৰৰদ্বাৰা ১৫ সংখ্যক বিত্ত আয়োগেৰে একেলগে-সম্পন্ন কৰাৰ পৰিকল্পনা কৰিব লাগে।

যদিও মণিপুৰ অধিক বৰষুণ প্ৰৱণ অঞ্চলত পৰিছে তথাপিতো প্ৰতি বছৰে বিশেষতঃ ফেব্ৰুৱাৰী-মে’ৰ শুকান/খৰাং সময়ছোৱাত পানীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। মণিপুৰৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক, যাৰ আছে লক্ষ্যণীয় জলবিদ্যুৎ শক্তি উৎপাদনৰ সম্ভাৱনা। পানীৰ অপব্যৱস্থপনাই প্ৰায়েই পানী যোগানত ব্যাঘাত জন্মাইছে আৰু পানীৰ মানদণ্ড অৱনমিত কৰিছে। পানী ব্যৱস্থাপনা সন্দৰ্ভত মূল উদ্বেগৰ প্ৰসংগসমূহ হৈছে নাটনি আৰু প্ৰদূষণ। যথোপযুক্ত ৰিচাৰ্জ গঠন আৰু জলবিভাজিকা ব্যৱস্থাপনাই উত্তম ভূজল ৰিচাৰ্জিঙত সহায় আগবঢ়াব।

ৰাজ্যখনে জল জীৱন অভিযান ৰূপায়ণত অশেষ কষ্ট স্বীকাৰ কৰি আহিছে। ক’ভিড-১৯ মহামাৰীকে ধৰি জটিল অঞ্চল ও জলবায়ু অৱস্থাৰ মাজতো ইয়াৰ ৰূপায়ণ অব্যাহত ৰখা হৈছে। ৰাজ্যখনত জল জীৱন অভিযানৰ অধীনত কাম পূৰ্ণ গতিত অব্যাহত আছে আৰু ৰাষ্ট্ৰীয় জল জীৱন অভিযানৰ দলৰ ভ্ৰমণে ৰাজ্যখনত এই কাৰ্যক্ৰম ৰূপায়ণত অধিক ইন্ধন যোগাব।

অদ্যপি ৰাজ্যখনৰ অগ্ৰগতিৰ কিছু স্নেপশ্বট তলত উল্লেখ কৰা হ’ল (উৎস - জেজেএম আইএমআইএছ ডেছব’ৰ্ড)।

*******

APS/AS/SB



(Release ID: 1688095) Visitor Counter : 127