ৰেল মন্ত্ৰালয়

‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা ২০২০’ ত ১৩ টাকৈ বঁটাৰে সন্মানিত হয় ভাৰতীয় ৰে’লৱে

শক্তি কাৰ্যদক্ষতা প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি শক্তি সংৰক্ষণত গুৰুত্বপূৰ্ণ উন্নয়ন সাধনৰ বাবে এই বঁটাসমূহ ভাৰতীয় ৰে’লৱেৰ মণ্ডল আৰু ৱৰ্কশ্বপসমূহক প্ৰদান কৰা হৈছে

Posted On: 11 JAN 2021 6:51PM by PIB Guwahati

সকলো হিতাধিকাৰী আৰু যাত্ৰীক পৰিষ্কাৰ আৰু সেউজ পৰিবহন প্ৰদান কৰাৰ নিৰলস আৰু নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ভাৰতীয় ৰে'লৱেই শক্তি মন্ত্ৰালয়ৰ ব্যুৰ’ অৱ এনাৰ্জি এফিচিয়েন্সি(বিইই)ৰ দ্বাৰা আয়োজিত ২০২০ চনৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা (এনইচিএ)ৰ তিনিটা সন্মানীয় শাখাত ১৩টাকৈ বঁটা লাভ কৰিছে।

 

পশ্চিম ৰেলৱেক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হৈছে, পূৱ ৰেলৱেক দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে, উত্তৰ পূৱ ৰেলৱে আৰু দক্ষিণ মধ্য ৰেলৱেক পৰিবহন শাখাত মেধাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

 

বিল্ডিং শাখা, ভৱনগৰ আৰু ৰাজকোটৰ ডিভিজনেল ৰেলৱে মেনেজাৰৰ কাৰ্য্যালয়সমূহে ক্ৰমে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। বৈদ্যুতিক বিভাগ, ডিআৰএম কাৰ্য্যালয়, উত্তৰ পূৱ ৰেলৱেক মেধাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

 

ৰেৱেৰ ৱৰ্কশ্বপৰ উপশাখাত, দক্ষিণ মধ্য ৰেলৱে, বিজয়ৱাদাই প্ৰথম পুৰস্কাৰ, কাংচপাৰা ৱৰ্কশ্বপ, পূৱ ৰেৱে, উত্তৰ ২৪ পৰগনাসকলে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। মেকানিকেল ৱৰ্কশ্বপ, উত্তৰ পূৱ ৰেৱে, ইজ্জতনগৰ, মধ্য ৰেৱে ৱৰ্কশ্বপ, মহীশূৰ, মেকানিকেল ৱৰ্কশ্বপ, ডিব্রুগড়, উত্তৰ পূৱ ফ্ৰণ্টিয়াৰ ৰেৱে আৰু কেন্দ্ৰীয় ৱৰ্কশ্বপ, পোনমালাই, দক্ষিণ ৰেৱে, তিৰুচচিৰাপল্লীলৈ মেধাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

 

শক্তি কাৰ্যদক্ষতা প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি শক্তি সংৰক্ষণত গুৰুত্বপূৰ্ণ উন্নয়নৰ বাবে ভাৰতীয় ৰেৱেৰ মণ্ডল আৰু ৱৰ্কশ্বপসমূহক এই বঁটাসমূহ প্ৰদান কৰা হৈছে। আগন্তক বছৰবোৰত শক্তি দক্ষতা আৰু পৰিষ্কাৰ পৰিৱেশৰ বাবে প্ৰদৰ্শন উন্নত কৰিবলৈ ভাৰতীয় ৰেৱে প্ৰতিশ্ৰুতিবদ্ধ।

   

 ************

DJN/MKV/KG



(Release ID: 1687828) Visitor Counter : 100