পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

দেশখনৰ শ্ৰেষ্ঠ ব্যৱস্থাপিত সুৰক্ষিত অঞ্চলসমূহক প্ৰতিবছৰে স্থান প্ৰদান আৰু পুৰস্কৃত কৰা হ’বঃ শ্ৰী প্ৰকাশ জাভড়েকাৰ

১৪৬ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ (MEE) প্ৰকাশ পৰিবেশ মন্ত্ৰীৰ

ভাৰতীয় চিৰিয়াখানাসমূহৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ (MEE-ZOO) আৰু সামুদ্ৰিক সুৰক্ষিত অঞ্চলসমূহৰ অৰ্থে ফ্ৰেমৱৰ্কো মুকলি

Posted On: 11 JAN 2021 6:51PM by PIB Guwahati

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে আজি দেশখনৰ ১৪৬ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ (MEE) প্ৰকাশ কৰে। বৰ্তমান, দেশখনত ভাৰতৰ ৯০৩ সুৰক্ষিত অঞ্চলৰ নেটৱৰ্ক আছে যিয়ে দেশখনৰ মুঠ ভৌগলিক অঞ্চলৰ প্ৰায় ৫% আৱৰি ৰাখিছে। সুৰক্ষিত অঞ্চলসমূহৰ কাৰ্যকাৰিতা নিৰ্ণয়ৰ অৰ্থে, ব্যৱস্থাপনা ফলপ্ৰসূতাৰ মূল্যায়ণ প্ৰয়োজনীয়।

এই কাৰ্যসূচীত ভাষণ আগবঢ়াই শ্ৰী জাভড়েকাৰে কয় যে যিসময়ত আন ৰাষ্ট্ৰসমূহে সফলতা অৰ্জন কৰা নাই, সেই সময়ত ভাৰতে সফলতা অৰ্জন কৰিছে আৰু আজি সমৃদ্ধ জৈৱবৈচিত্ৰ্য আছে।বিশ্বৰ মুঠ বাঘৰ ৭০%, এছীয় সিংহৰ ৭০% আৰু নাহৰফুটুকী বাঘৰ ৬০% ৰোধিক ভাৰতত থকাটো হৈছে ভাৰতৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ জ্বলন্ত প্ৰমাণ, কিয়নো এই ‘বিগ কেট’সমূহে খাদ্য শৃংখলডালৰ শীৰ্ষত অৱস্থান কৰিছে আৰু ইয়াৰ বৰ্ধিত সংখ্যাই সমগ্ৰ পাৰিপাৰ্শ্বিকৰ কল্যাণকে প্ৰদৰ্শন কৰিছে”, পৰিবেশ মন্ত্ৰীজনে কয়।

শ্ৰী জাভড়েকাৰে তদুপৰি এই বৰ্ষৰপৰা দেশখনৰ ১০ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় উদ্যান, ৫ উপকূলীয় আৰু সামুদ্ৰিক উদ্যান আৰু শীৰ্ষ পাঁচ চিৰিয়াখানাক স্থান প্ৰদান আৰু পুৰস্কৃত কৰা হব বুলি ঘোষণা কৰে।

সুৰক্ষিত অঞ্চল (PA)সমূহৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ (MEE) পিএ পৰিচালনাৰ দায়িত্বত থকাসকলৰ অৰ্থে মূল আধাৰ হিচাপে পৰিগণিত হৈছে আৰু সুৰক্ষিত অঞ্চল ব্যৱস্থাপনা প্ৰণালীৰ শক্তি আৰু দুৰ্বলতা অনুধাৱনৰ অৰ্থে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰদ্বাৰা বৰ্ধিতভাৱে ব্যৱহাৰ কৰা হৈছে।

বৰ্তমান মূল্যায়ণৰ ফলাফলসমূহ উসাহজনক যাৰ সামগ্ৰিক গড় এমইই ৬২.০১% হোৱাৰ বিপৰীতে বিশ্বৰ গড় ৫৬% হে অৰ্থা বিশ্বৰ তুলনাত অধিক। এই মূল্যায়ণ প্ৰক্ৰিয়াটোত, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC) এ ২০০৬ ৰপৰা ২০১৯ লৈ দেশখনৰ সকলো স্থলজ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা সম্পূৰ্ণ চক্ৰ মূল্যায়ণ সফলতাৰে সম্পন্ন কৰে।

এমইই হৈছে এখনি অতি গুৰুত্বপূৰ্ণ নথি যিয়ে বন্যপ্ৰাণী আৰু সুৰক্ষিত অঞ্চলসমূহৰ ভিন্ন দৃষ্টিকোণ সন্দৰ্ভত তথা সামুদ্ৰিক সুৰক্ষিত অঞ্চলসমূহৰ সম্প্ৰসাৰিত এমইই এ মূল্যৱান পথনিৰ্দেশনা আগবঢ়ায়। তদুপৰি ডব্লিউআইআই আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC)ৰদ্বাৰা যুটীয়াভাৱে সামুদ্ৰিক সুৰক্ষিত অঞ্চলসমূহৰ এমইই ৰ অৰ্থে নতুন ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা হয় আৰু ৰূপায়ণত ই অতি ব্যৱহাৰযোগ্য নথি হৈ পৰিব।

পৰিবেশ মন্ত্ৰীজনে তদুপৰি ভাৰতীয় চিৰিয়াখানাসমূহৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ (MEE-ZOO) ফ্ৰেমৱৰ্ক মুকলি কৰে যাক পৃথক, সামগ্ৰিক আৰু স্বতন্ত্ৰভাৱে ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ প্ৰক্ৰিয়া (MEE-ZOO) ৰ জৰিয়তে দেশখনৰ চিৰিয়াখানাসমূহৰ মূল্যায়ণৰ অৰ্থে পথ-নিৰ্দেশনা, মাপ-কাঠি আৰু সূচকৰে সমৃদ্ধ কৰা হৈছে।

এই মূল্যায়ণ মাপ-কাঠি আৰু সূচকসমূহে পৰম্পৰাগত ধাৰণাসমূহৰপৰা দূৰত অৱস্থান কৰি, জীৱ-জন্তুৰ কল্যাণ, পালন আৰু সম্পদসমূহ আৰু অৰ্থৰ স্থায়িত্বৰ সমস্যাসমূহক সামৰি লৈছে। ভাৰতীয় চিৰিয়াখানাসমূহৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ (MEE-ZOO)ৰ ব্যৱস্থাই সমগ্ৰ ভাৰতৰ চিৰিয়াখানাসমূহৰ সৰ্বোচ্চ মানদণ্ডত উপনীত হোৱাৰ দিশে আগবাঢ়িব আৰু বিপন্ন প্ৰজাতিসমূহৰ সংৰক্ষণৰ অৰ্থে দায়িত্ব, স্বচ্ছতা, উদ্ভাৱন, প্ৰযুক্তিৰ ব্যৱহাৰ, সহযোগিতা আৰু অখণ্ডতা সাধনৰ পথ প্ৰশস্ত কৰিব।

২০১৮-১৯ ত ভাৰতৰ ১৪৬ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ণ (MEE) সন্দৰ্ভত প্ৰতিবেদন

***

GK/SB



(Release ID: 1687822) Visitor Counter : 335