মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

প্ৰব্ৰজিত শিশুসকলৰ চিনাক্তকৰণ, নাম ভৰ্তি তথা শিক্ষা অব্যাহত ৰাখিবলৈ নিৰ্দেশাৱলী জাৰি কৰিলে শিক্ষা মন্ত্ৰালয়ে

Posted On: 10 JAN 2021 3:52PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ দ্বাৰা প্ৰভাৱিত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ড্ৰপ-আউট, নামভৰ্তিৰ হাৰ হ্ৰাস, শিক্ষাত লোকচান, শিক্ষাত অৱনতি হোৱাৰ পৰিঘটনা হ্ৰাস কৰাটো আৱশ্যম্ভাৱী হৈ পৰিছিল৷

সেয়ে শিক্ষা মন্ত্ৰালয়ে প্ৰব্ৰজিত শিশুসকলৰ চিনাক্তকৰণ, নাম ভৰ্তি তথা শিক্ষা অব্যাহত ৰাখিবলৈ নিৰ্দেশাৱলী জাৰি কৰে৷

নিৰ্দেশাৱলীসমূহৰ প্ৰধান বৈশিষ্টসমূহ হ’লঃ

ক) বিদ্যালয়ৰ পৰা বাহিৰ হোৱা শিক্ষাৰ্থী (OoSC) আৰু বিশেষ আৱশ্যকতা থকা শিশুসকলৰ (CWSN) বাবে নিৰৱচ্ছিন্ন শিক্ষা

খ) বিদ্যালয়ৰ পৰা বাহিৰ হোৱা শিক্ষাৰ্থীৰ চিনাক্তকৰণ

গ) পঞ্জীয়ন অভিযান আৰু সজাগতা সৃষ্টি

ঘ) বিদ্যালয় বন্ধ থকা অৱস্থাত শিক্ষাৰ্থীসকলৰ প্ৰতি সহযোগিতা

ঙ) বিদ্যালয় পুনৰ খোলা অৱস্থাত শিক্ষাৰ্থীসকলৰ প্ৰতি সহযোগিতা

চ) শিক্ষকৰ সামৰ্থ নিৰ্মাণ

 

*****

MC/KP/AK/MANN



(Release ID: 1687556) Visitor Counter : 228