যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

দূৰসঞ্চাৰ বিভাগে ৭০০ মেগাহাৰ্টজ, ৮০০ মেগাহাৰ্টজ, ৯০০ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ, ২৩০০ মেগাহাৰ্টজ আৰু ২৫০০ মেগাহাৰ্টজ বেণ্ডত স্পেকট্ৰামৰ নিলামৰ বাবে আবেদন আহ্বান কৰিবলৈ নোটিচ জাৰি কৰিছে

নিলামত ভাগ ল'বলৈ আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৫ ফেব্ৰুৱাৰী, ২০২১

নিলাম ১ মাৰ্চ, ২০২১ৰ পৰা অনলাইনত আৰম্ভ হ'ব

Posted On: 06 JAN 2021 5:29PM by PIB Guwahati

দূৰসঞ্চাৰ বিভাগে (ডিঅ'টি) ৭০০ মেগাহাৰ্টজ, ৮০০ মেগাহাৰ্টজ, ৯০০ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ, ২৩০০ মেগাহাৰ্টজ আৰু ২৫০০ মেগাহাৰ্টজ বেণ্ডত স্পেকট্ৰামৰ নিলামৰ বাবে আজি আবেদন আহ্বান কৰিবলৈ নোটিচ (এনআইএ) জাৰি কৰিছে। এনআইএৰ প্ৰধান বিশেষত্ব হৈছেঃ

 

  • ৭০০ মেগাহাৰ্টজ, ৮০০ মেগাহাৰ্টজ, ৯০০ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ, ২৩০০ মেগাহাৰ্টজ আৰু ২৫০০ মেগাহাৰ্টজ বেণ্ডত স্পেকট্ৰামৰ প্ৰস্তাৱ দিয়া হৈছে।
  • নিলামৰ বাবে মুঠ স্পেকট্ৰাম হৈছে-৭০০ মেগাহাৰ্টজ বেণ্ডত ৬৬০ মেগাহাৰ্টজ, ৮০০ মেগাহাৰ্টজ বেণ্ডত ২৩০ মেগাহাৰ্টজ, ৯০০ মেগাহাৰ্টজ বেণ্ডত ৮১.৪ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ বেণ্ডত ৩১৩.৬ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ বেণ্ডত ১৭৫ মেগাহাৰ্টজ, ২৩০০ মেগাহাৰ্টজ বেণ্ডত ৫৬০ মেগাহাৰ্টজ আৰু ২৫০০ মেগাহাৰ্টজ বেণ্ডত ২৩০ মেগাহাৰ্টজ।
  • ব্লকৰ আকাৰ হৈছে- ৯০০ মেগাহাৰ্টজ আৰু ১৮০০ মেগাহাৰ্টজ বেণ্ডত ২০০ কিলোহাৰ্টজ (যুগ্ম), ৮০০ মেগাহাৰ্টজ বেণ্ডত ১.২৫ মেগাহাৰ্টজ (যুগ্ম), ৭০০ মেগাহাৰ্টজ বেণ্ডত ৫ মেগাহাৰ্টজ (যুগ্ম), ২১০০ মেগাহাৰ্টজ বেণ্ডত ৫ মেগাহাৰ্টজ (যুগ্ম), ২৩০০ মেগাহাৰ্টজ বেণ্ড আৰু ২৫০০ মেগাহাৰ্টজ বেণ্ডত ১০ মেগাহাৰ্টজ (যুগ্ম নহয়)।
  • নিলাম হোৱা স্পেকট্ৰামৰ বৈধতা ২০ বছৰ হ'ব।
  • সফল ডাক দিওঁতা (বিডাৰ)ৰ বাবে কিস্তি হিচাপত পৰিশোধৰ বিকল্প দিয়া হৈছে।
  • নিলামৰ ফৰ্মেট, একেলগে একাধিক দৰ বা আৰোহী (এছআৰএ) ই-নিলাম।
  • এনআইএত সংৰক্ষিত মূল্য, পূৰ্ব-যোগ্যতা চৰ্তাৱলী, অগ্ৰিম ধন জমা (ইএমডি), নিলামৰ নিয়ম আদিৰ বিষয়ে বিৱৰণ দিয়া হৈছে।
  • নিলামত ভাগ ল'বলৈ আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৫ ফেব্ৰুৱাৰী, ২০২১।
  • নিলাম ০১ মাৰ্চ, ২০২১ত আৰম্ভ হ'ব আৰু ইয়াক অনলাইন আয়োজন কৰা হ'ব।
  • আবেদন আহ্বান কৰিবলৈ জাৰি নোটিচ (এনআইএ)ৰ বিস্তৃত তথ্যৰ বাবে ইয়াত ক্লিক কৰক।

 

******



(Release ID: 1686691) Visitor Counter : 160