সংসদীয় পৰিক্ৰমা

বৰ্ষান্তিক পৰ্যালোচনা ২০২০ : সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়

২০২০ত সংসদে অনুমোদন জনালে ৩৯খন বিধেয়ক

বৰ্ষাকালীন অধিৱেশন : কৰ্মদিনৰ সাফল্যৰ হাৰ প্ৰায় ১৬৭% আৰু ৰাজ্যসভাত প্ৰায় ১০০.৪৭%

নতুন সংসদ ভৱন : ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক অপৰিহাৰ্য অংগ

‘নেশ্যনেল ই-বিধান এপ্লিকেশ্যন’(এনইভিএ)-৩৯খন সদন (সংসদৰ উভয় সদন, ৩১খন ৰাজ্যৰ বিধান সভা আৰু ৬খন পৰিষদকে ধৰি)ৰ একত্ৰ ‘ই-মঞ্চ’

Posted On: 31 DEC 2020 4:01PM by PIB Guwahati

বিধায়িনী কাৰ্য সম্পাদন :

সপ্তদশ লোকসভাৰ দ্বিতীয় অধিৱেশন আৰু ৰাজ্যসভাৰ ২৫০ সংখ্যক অধিৱেশনৰ অন্তত মুঠ ৪১খন বিধেয়ক(৯খন লোকসভাত আৰু ৩২খন ৰাজ্যসভাত) গৃহীত নোহোৱাকৈ থাকি গৈছিল। ২০২০বৰ্ষৰ সময়ছোৱাত এই ৪১খন বিধেয়ক (লোকসভাত ৩৪খন আৰু ৰাজ্যসভাত ৭খন বিধেয়ক)উত্থাপন কৰাত ইয়াৰ মুঠ সংখ্যা ৮২খন হয়গৈ। ইয়াৰে ৩৯খন বিধেয়কলৈ উভয় সদনে অনুমোদন জনায়। ৭খন বিধেয়ক(লোকসভাত ৪খন আৰু ৰাজ্যসভাত ৩খন) উঠাই লোৱা হয়। ইফালে, লোকসভাৰ চতুৰ্থ অধিৱেশন আৰু ৰাজ্যসভাৰ ২৫২সংখ্যক অধিৱেশনৰ অন্তত মুঠ ৩৬খন বিধেয়ক(৬খন লোকসভাত আৰু ৩০খন বিধেয়ক ৰাজ্যসভাত) গৃহীত নোহোৱাকৈ ৰৈ গৈছে।

সংসদৰ বৰ্ষাকালীন অধিৱেশন ২০২০:

সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰা এক বিবৃতিৰ তথ্য মতে ২০২০ চনৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভাৰ কৰ্মদিনৰ সাফল্য প্ৰায় ১৬৭% আৰু ৰাজ্যসভাৰ সাফল্য ১০০.৪৭% বুলি নিশ্চিত কৰা হৈছে। এই প্ৰসংগত তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংসদৰ অধিৱেশন আৰম্ভ হৈছিল ১৪ ছেপ্টেম্বৰ ২০২০ত আৰু নিৰ্দ্ধিৰত সূচী মতে সামৰণি পৰাৰ কথা আছিল ১ অক্টোবৰ ২০২০ত। পিচে, কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সংসদৰ অত্যাৱশ্যকীয় কাৰ্যক্ৰমণিকা সফলতাৰে সম্পন্ন হোৱাৰ পিচত নিৰ্দ্ধাৰিত সূচীৰ ১০দিন পূৰ্বেই অৰ্থাত্ ২৩ ছেপ্টেম্বৰ ২০২০ত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱশন পৰৱৰ্তি অধিৱেশনৰ দিন পৰ্যন্ত সামৰণি পৰিল বুলি ঘোষণা কৰা হৈছিল।

এই অধিৱেশনৰ কালছোৱাত ২২খন বিধেয়ক(১৬খন লোকসভাত আৰু ৬ খন ৰাজ্যসভাত) উথ্থাপন কৰা হৈছিল। লোকসভা আৰু ৰাজ্যসভাই নিজাববীয়াকৈ ২৫খনকৈ বিধেয়ক গৃহীত কৰে। এইছোৱা কালত উভয় সদনে গৃহীত কৰা বিধেয়কৰ সংখ্যা আছিল ২৭খন। ইফালে অধিৱেশনৰ আগৰ সময়ছোৱাত জাৰি কৰা ১১খন অধ্যাদেশো সংসদৰ এই অধিৱেশনতে আইনৰ দ্বাৰা প্ৰতিস্থাপিত কৰাৰ দিহা কৰা হয়। এইখিনি সময়ত লোকসভাৰ পৰা ৪খন আৰু ৰাজ্যসভাৰ পৰা ১খন পুৰণি বিধেয়ক উঠাই লোৱা হয়।

 

নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে:

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। নৱ-নিৰ্মিত সংসদ ভৱনটো স্বাভাৱিকতেই আত্মনিৰ্ভৰ ভাৰতৰ অপৰিহাৰ্য অংগ হৈ উঠিব। তদুপৰি ই স্বাধীনতাৰ পৰৱৰ্তি কালত জনতাৰ সংসদৰ বাবে এক ঐতিহাসিক স্মাৰক নিৰ্মাণৰ ক্ষেত্ৰতো এক সুযোগ প্ৰদান কৰিব। নতুন ভাৰতৰ আশা-আকাংক্ষাক পূৰ্ণতা প্ৰদানৰ ক্ষেত্ৰত ই এক সুন্দৰ অৱকাশ হৈ উঠাৰ লগতে ২০২২ চনত অনুষ্ঠিতব্য স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তীৰ বাবেও এক উপযুক্ত উপহাৰ হৈ উঠিব।

সংবিধান দিৱস উদযাপন:

দেশৰ সংবিধান গ্ৰহণৰ ৭০বছৰ পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰাণালয়ে সংবিধান দিৱস উদযাপনৰ দিহা কৰে।  এই উপলক্ষে গুজৰাটৰ কাৱেড়ীয়াত বিশেষ কৰ্যক্ৰমৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বহু-মাধ্যম প্ৰদৰ্শনীৰো দিহা কৰা হয়।

 

৮০সংখ্যক সদৌ ভাৰত অধ্যক্ষমণ্ডলীৰ দুদিনীয়া সন্মিলন

গুজৰাটৰ কাৱেডীয়াত যোৱা ২৬ নৱেম্বৰ ২০২০ত অনুষ্ঠিত সদৌ ভাৰত অধ্যক্ষমণ্ডলীৰ দুদিনীয়া সন্মিলনখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰিছিল ৰাষ্ট্ৰপতিয়ে। সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিধায়িনী, ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুত থকাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য পৰ্দান কৰে। ভাষণ প্ৰসংগত তেওঁ দেশৰ প্ৰতিখন বিধানসভাৰ কাম-কাজ সম্পূৰ্ণৰূপে ডিজিটেলাইজেশ্যন কৰাৰ পোষকতা কৰি এইক্ষেত্ৰত সন্মিলনত উপস্থিত থকা প্ৰতিগৰাকী অধ্যক্ষকে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ দেশৰ বিধানসভাকে ধৰি অন্যান্য সাংবিধানিক নিকায়সমূহৰ কাম-কাজ সম্পূৰ্ণ ৰূপে কাগজৰ ব্যৱহাৰ শূণ্য কৰি তোলাটো গুৰুত্ব আৰোপ কৰে।

এক ৰাষ্ট্ৰ এক এপ্লিকেশ্যন : ‘নেশ্যনেল ই-বিধান এপ্লিকেশ্যন(এনইভিএ)

দেশক এখন ডিজিটেলী শক্তিৱন্ত সমাজ আৰু জ্ঞান-অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰা ডিজিটেল ভাৰত কাৰ্যক্ৰমৰ অধীনত ৰূপায়ণ কৰা ৪৪টা মিছন মোড প্ৰকল্প(এমএমপি)ৰ অন্যতম হই-বিধান প্ৰকল্প। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ক ডেল মন্ত্ৰালয় হিচাপে গ্ৰহণ কৰি ৰূপায়ণৰ দিহা কৰা নেশ্যনেল ই-বিধান এপ্লিকেশ্যন(এনইভিএ) হ৩৯ সদন(সংসদৰ উভয় সদন, ৩১খন ৰাজ্যৰ বিধান সভা আৰু ৬খন পৰিষদকে ধৰি)ৰ একত্ৰ ই-মঞ্চ

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সাংসদৰ ৩০% দৰ্মহা কৰ্তন:

ভিড-১৯য়ে পৃথিৱী জুৰি সৃষ্টি কৰা অভুতপূৰ্ব সংকটৰ পৰিণতিত সৃষ্ট পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজন হোৱা বিপুল পৰিমাণৰ অৰ্থনৈতিক সমলৰ সংগ্ৰহ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত সাংসদসকলৰ দৰ্মহাৰ ৩০% ধন ০১-০৪-২০২০ তাৰিখৰ পৰা বলবত্ হোৱাকৈ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় কেবিনেটে এই সন্দৰ্ভত ০৬-০৪-২০২০ত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ০৭-০৪-২০২০ত অধ্যাদেশ জাৰি কৰা হৈছিল। পৰৱৰ্তি সময়ত এই অধ্যাদেশ লোকসভাত ১৫-০৯-২০২০ আৰু ৰাজ্যসভাত ১৮-০৯-২০২০ গৃহীত হোৱা বিধেয়কত ৰাষ্ট্ৰপতিয়ে ২৪-০৯-২০২০ত স্বাক্ষৰ দান কৰা আইনৰ দ্বাৰা প্ৰতিষ্ঠাপিত কৰাৰ দিহা কৰা হয়।

 

 

*******

RCJ/SS/KB



(Release ID: 1686411) Visitor Counter : 420