মহাকাশ দপ্তৰ

ব্যক্তিগত খণ্ডৰ সহযোগিতাৰে ‘ইছৰো’ৱে ‘আত্মনিৰ্ভৰ ভাৰত’ক উত্সাহিত কৰিব : ড০ জিতেন্দ্ৰ সিং

Posted On: 04 JAN 2021 5:40PM by PIB Guwahati

ব্যক্তিগত খণ্ডৰ সহযোগিতাৰে ইছৰোৱে আত্মনিৰ্ভৰ ভাৰতকাৰ্যক্ৰমক বিশেষভাবে উত্সাহিত কৰিব। এই অভিমত ব্যক্ত কৰিছে কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণবিক শক্তি আৰু মহাকাশ বিভাগৰ দায়িত্ববাহী ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে।

ইছৰো আৰু ভাৰতৰ মহাকাশ কাৰ্যক্ৰম সন্দৰ্ভত প্ৰকাশ কৰা চমু বক্তব্যত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ মহাকাশ অনুসন্ধান কাৰ্যক্ৰমক ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে মুকলি কৰি দিয়াৰ সম্পূৰ্ণ কৃৰ্তিত্ব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত ভাবে কৰা হস্তক্ষেপৰ সুবাদতে এই ঐতিহাসিক সিদ্ধান্ত উপনীত হব পৰা গল। তেওঁ কয়, ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উন্নয়ণ আৰু প্ৰাধিকৰণ কেন্দ্ৰ(ইন-স্পেচ)ই ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ লগতে ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ বাবে এক সমতা স্থাপনকাৰী ক্ষেত্ৰ প্ৰদান কৰিব। মহাকাশ কাৰ্যক্ৰমত সৰু কৃত্ৰিম উপগ্ৰহ উত্ক্ষেপন যান, ভূ-স্থানিক সেৱা, কৃত্ৰিম উপগ্ৰহীয়পূঞ্জ, ব্যৱহাৰিক সা-সামগ্ৰীৰ উত্পাদন আদিক সামৰি লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।  

মহাকাশ অনুসন্ধান খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশক প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা এক নতুন পথ সূচনাকাৰী পদক্ষেপ বুলি অভিহিত কৰে ড০ সিঙে। ব্যক্তিগত খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহে এই সিদ্ধান্তক আন্তৰিকতাৰে আদৰণি জনোৱা পৰলক্ষিত হোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

*****

SNC/KB



(Release ID: 1686204) Visitor Counter : 157