দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয়ৰ বৰ্ষান্তিক পৰ্যালোচনা-২০২০

উমাং প্লেটফৰ্মত প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনি

শীঘ্ৰেই ঘোষণা কৰা হ’ব পিএমকেভিৱাই ৩.০ (২০২০-২১) আঁচনি

STRIVE: ঔদ্যোগিক মান বৰ্ধনৰ অৰ্থে দক্ষতা সুদৃঢ়কৰণৰ অধীনত নতুন পদক্ষেপ গ্ৰহণ আৰু সফলতাৰ মাইলৰ খুঁটি- প্ৰদৰ্শন ভিত্তিক অনুমোদন চুক্তিত স্বাক্ষৰ ২৪৪ আইটিআইৰ

দক্ষতা মানচিত্ৰণঃ শ্ৰমিকৰ গতিশীলতা আৰু প্ৰব্ৰজনৰ অৰ্থে ১৫ ৰাষ্ট্ৰৰ স্বাস্থ্য খণ্ডৰ জব ৰুল মানচিত্ৰণ সন্দৰ্ভত বহু পদক্ষেপ গ্ৰহণ

Posted On: 29 DEC 2020 1:01PM by PIB Guwahati

মন্ত্ৰালয়টোৰ দ্বাৰা ২০২০- বৰ্ষটোত গ্ৰহণ কৰা মূল প্ৰচেষ্টাৰাজি তলত উল্লেখ কৰা হ’লঃ

নীতি ব্যৱস্থা

  1. ০১-০৮-২০২০ ত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ সংস্থা (NSDA) ৰ এনচিভিইটি ত অন্তৰ্ভুক্ত।
  2. এনচিভিইটি এ এৱাৰ্ডিং ব’ডী আৰু এচেছমেন্ট এজেন্সী গাইডলাইন চূড়ান্ত কৰে আৰু ইয়াৰ মুকলি কৰে। একেদৰে, এটা ইউনিক আইডেন্টিফায়েবল চাৰ্টিফিকেশ্যন চিষ্টেম চূড়ান্ত আৰু মুকলি কৰা হয়।
  3. ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযান (NSDM): এমএছডিই ৰ সচিবৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযানৰ কাৰ্যবাহী কমিটিৰ ৪ৰ্থ বৈঠক অনুষ্ঠিত হয়।

প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনা (PMKVY)

  1. পিএমকেভিৱাই ৩.০ (২০২০-২১) আঁচনিৰ অৰ্থে অনুমোদন
  2. উমাং প্লেটফৰ্মত পিএমকেভিৱাই আঁচনিৰ অন-ব’ৰ্ডিং -

আইটিআই/এনএছটিআই ত প্ৰশিক্ষণ আৰু শিক্ষানৱিছৰ প্ৰোসাহন

  1. এনএছটিআই/আইটিআই ত পৰীক্ষাঃ
  2. অল ইণ্ডিয়া ট্ৰেড টেষ্ট (AITT):
  3. অনলাইন ভাৰ্চুৱেল ক্লাছঃ
  4. এনএছটিআই ৰ ৱেবচাইট উদ্বোধনঃ ১০ ছেপ্টেম্বৰ, ২০২০ ত কৌশলচাৰ্য্য বঁটা, ২০২০ কাৰ্যক্ৰমত মাননীয় দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰীৰদ্বাৰা সমগ্ৰ ৩৩ খন ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান (NSTI) (কমন টেম্পলেটসহ) ৰ অৰ্থে ৱেবচাইটসমূহ উদ্বোধন কৰা হয়।
  5. ডিজিটেল প্লেটফৰ্মঃ আইটিআই প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলৰ পুনৰাই দক্ষ/দক্ষতাৰ অগ্ৰগতি সাধনাৰ্থে এটা ডিজিটেল দক্ষতা প্লেটফৰ্মৰ বিকাশ সাধন কৰা হয়।
  6. শিক্ষানৱিছৰ প্ৰোসাহনৰ অৰ্থে ব্যৱস্থাঃ এমএছডিই ৰ সচিবৰপৰা সকলো ৰাজ্যৰ মুখ্য সচিবসকললৈ এখনি ডি.অ. পত্ৰ জাৰিৰে তেওঁলোকক তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যসমূহৰ প্ৰতিষ্ঠানসমূহত শিক্ষানৱিছৰ প্ৰশিক্ষণক প্ৰোসাহিত কৰাৰ ক্ষেত্ৰত সহায়ৰ অনুৰোধ জনোৱা হয়।
  7. STRIVE: ঔদ্যোগিক মান বৰ্ধনৰ অৰ্থে দক্ষতাৰ সুদৃঢ়কৰণ (STRIVE) কাৰ্যক্ৰমৰ অধীনত গ্ৰহণ কৰা নতুন ব্যৱস্থা আৰু সফলতাৰ মাইলৰ খুঁটি তলত উল্লেখ কৰা হ’লঃ
    1. এই কাৰ্যক্ৰমত অংশগ্ৰহণৰ নিমিত্তে ৩৩ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) এ ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। আজিৰ তাৰিখলৈকে প্ৰদৰ্শন ভিত্তিক অনুমোদন চুক্তিত স্বাক্ষৰ কৰিছে ২৪৪ খনি আইটিআয়ে।
    2. STRIVE প্ৰকল্প ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু ভাৰত চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি (MoU) ত স্বাক্ষৰ। আজিৰ তাৰিখলৈকে STRIVE ৰূপায়ণ কৰিবলৈ ৩২ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে বুজাবুজিৰ চুক্তি (MoU)ত স্বাক্ষৰ কৰিছে।
    3. NSQF (নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক)ৰ অধীনত ২৪০ বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আজিৰ তাৰিখলৈকে NSQF ৰ অধীনত ১৩,৭৫০ বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
    4. আইটিআইসমূহৰ ক্ৰাফ্ট ইনচট্ৰাক্টৰ/প্ৰশিক্ষকসকলৰ অৰ্থে খচৰা নিয়োগ, প্ৰশিক্ষণ আৰু কেৰিয়াৰ অগ্ৰগতি সাধনৰ নীতিৰ নথি নীতি ও পাঠ্যক্ৰমসমূহৰ পৰামৰ্শদাতা কমিটিৰ অনুমোদনৰ অৰ্থে প্ৰেৰণ কৰা হৈছে।
    5. STRIVE প্ৰকল্পৰ অধীনত নিৰ্বাচিত ইণ্ডাষ্ট্ৰী ক্লাষ্টাৰসমূহৰ অৰ্থে এইসমূহক ইণ্ডাষ্ট্ৰী এপ্ৰেনটিছ ইনিচিয়েটিভ (IAI) প্লেনৰ ৰূপায়ণত সহায় কৰিবলৈ ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হয়।
    6. ২ য় পৰ্যায়ৰ অধীনত গ্ৰেডিঙৰ অৰ্থে ১৯৩ আইটিআই প্ৰত্যক্ষভাৱে বাহ্যিক সংস্থাৰদ্বাৰা পৰিদৰ্শন কৰা হয়। আজিৰ তাৰিখলৈকে বাহ্যিক সংস্থাৰদ্বাৰা ১১,৪৮৬ আইটিআই প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰা হয়।
    7. STRIVE প্ৰকল্পটোৰ অধীনত ৰাজ্যিক কোষাগাৰৰপৰা ৰূপায়ণকাৰী সংস্থাসমূহলৈ ক্ষীপ্ৰতৰ অনুদান হস্তান্তৰৰ অনুৰোধেৰে ভিন্ন ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰা হয়।

সংকল্প (স্কিলছ একুইজিশ্যন এণ্ড নলেজ এৱাৰনেছ ফৰ লাইভলীহুড প্ৰম’শ্যন)

  1. সংকল্প পৰ্টেল মুকলিঃ
  2. অনলাইন ডিএছডিপি টুলকিট মুকলিঃ
  3. এমজিএনএফঃ আইআইএম, বেংগালুৰুৰ সৈতে অংশীদাৰিত্বত ২০২০ ৰ ৮ মাৰ্চত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় জলপানি আঁচনি মুকলি কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় চুক্তি

  1. চুইজাৰলেণ্ডৰ সৈতে স্বাস্থ্য খণ্ডত সহযোগিতাঃ
  2. অষ্ট্ৰেলিয়াৰ সৈতে দক্ষতা অংশীদাৰিত্বঃ
  3. দক্ষতা মানচিত্ৰণঃ শ্ৰমিকসকলৰ গতিশীলতা আৰু প্ৰব্ৰজনৰ অৰ্থে ১৫ ৰাষ্ট্ৰৰ স্বাস্থ্য খণ্ডৰ জব ৰুল মানচিত্ৰণ সন্দৰ্ভত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা যায়।
  4. বিদেশী ৰাষ্ট্ৰসমূহলৈ স্বাস্থ্য কৰ্মীসকলৰ প্ৰব্ৰজনঃ বিদেশী ৰাষ্ট্ৰসমূহলৈ স্বাস্থ্য কৰ্মীসকলৰ প্ৰব্ৰজন সুচলতৰ কৰি তুলিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হয়।

বুজাবুজিৰ চুক্তি/অংশীদাৰিত্ব/সহযোগিতাঃ

  1. বুজাবুজিৰ চুক্তি (MoU): ২০২০ ৰ ২০ আগষ্টত দক্ষতা বিকাশ ও উদ্যোগশীলতা মন্ত্ৰালয় (MSDE) আৰু জাহাজ মন্ত্ৰালয় (MoS) ৰ মাজত এখনি বুজাবুজিৰ চুক্তি (MoU) ত স্বাক্ষৰ কৰা হয়।
  2. নমনীয় বুজাবুজিৰ চুক্তি (MoU): নমনীয় বুজাবুজিৰ চুক্তি আঁচনিখনৰ অধীনত সম্ভাৱ্য উদ্যোগসমূহৰ পৰৱৰ্তী পদক্ষেপৰ অৰ্থে নিম্ন উল্লেখিত নিয়োগকৰ্তাসমূহৰ সৈতে সমৰ্পিত ভিডিঅ কনফাৰেন্স অনুষ্ঠিত কৰা যায়। যথাঃ টয়’টা কিৰ্লোস্কাৰ মটৰ্ছ, বেংগালুৰু, চাহাৰা ইলেকট্ৰনিক্স, নয়ডা, লাভা ইন্টাৰনেশ্যনেল লিমিটেড, নয়ডা আৰু মাৰুতি পেপাৰ লিমিটেড, উত্তৰ প্ৰদেশ।
  3. আইআইএছ, মুম্বাইঃ মুম্বাইত আইআইএছ স্থাপনৰ অৰ্থে ২০২০ ৰ ১১ নৱেম্বৰত এমএছডিই, ডিজিটি আৰু টাটা আইআইএছৰ মাজত পৰিচালনাৰ চুক্তি। ২০২০ ৰ ২৫ ডিচেম্বৰৰপৰা আইআইএছ, মুম্বাইৰ কাম-কাজ আৰম্ভ হয়।
  4. অসীমঃ ২০২০ ৰ জুলাইত অসীম পৰ্টেল মুকলি কৰা যায়, যি হৈছে দেশখনৰ সকলো প্ৰামাণিক দক্ষতাসম্পন্ন লোকৰ ডাইৰেক্টৰী।
  5. আইবিএমৰ সৈতে অংশীদাৰিত্বঃ
  6. মাইক্ৰ’ছফ্টৰ সৈতে অংশীদাৰিত্বঃ
  7. ছিম্পলিলাৰ্ণৰ সৈতে অংশীদাৰিত্বঃ
  8. ২০২০ ৰ ফেব্ৰুৱাৰীত অতিৰিক্ত শ্ৰমিকসকলক পুনৰাই-দক্ষ কৰি তুলিবলৈ অৰ্ডিনেন্স ফেক্টৰী ব’ৰ্ডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়।
  9. নিৰ্দিষ্ট স্কিলিং এচাইনমেন্ট সম্পন্নৰ অৰ্থে আন মন্ত্ৰালয়, ৰাজ্য আৰু নিগমৰ সৈতে এনএছডিচিৰ বহু বুজাবুজিৰ চুক্তিত স্বাক্ষৰ/চূড়ান্ত।

’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ৰদ্বাৰা গ্ৰহণ কৰা পদক্ষেপসমূহঃ

  1. মন্ত্ৰালয়টোৱে আইছ’লেশ্যন/কোৱাৰেন্টাইনৰ অৰ্থে সকলোবোৰ এনএছটিআই/ আইটিআই চৌহদ উপলব্ধ কৰাৰ বিপৰীতে, এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, ’ৰোনাৰ পৰিপ্ৰেক্ষিতত ১২ এনএছটিআই/ আইটিআই ভৱন জিলা প্ৰশাসনৰদ্বাৰা অধিগ্ৰহণ কৰা হৈছে। সমান্তৰালভাৱে প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনা প্ৰশিক্ষণ অংশীদাৰসমূহেও তেওঁলোকৰ চৌহদ অস্থায়ী চিকিসালয়কে ধৰি এনে ব্যৱস্থাৰ অৰ্থে আগবঢ়াই দিয়ে।
  2. মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ প্ৰস্তুতত এমএছডিইৰ অধীনস্থ প্ৰতিষ্ঠানসমূহে সক্ৰিয় ভূমিকা পালন কৰে।
  3. ’ভিডৰ বিৰুদ্ধে যুঁজখনত সহায় আগবঢ়াবলৈ বহু আইটিআই/ এনএছটিআয়ে উদ্ভাৱনীমূলক ডিজাইন আৰু মেনুফেকচাৰিং যুগুত কৰি উলিয়ায়। ইয়াৰ কেতবোৰ তলত উল্লেখ কৰা হৈছেঃ

i) আইটিআই, কটকৰদ্বাৰা সেৱা ৰৱট আৰু টেলিপ্ৰেজেনটেশ্যন ৰৱট।

ii) আইটিআই, কটকৰদ্বাৰা ক’ভিড টেষ্টিঙৰ অৰ্থে হেণ্ডছ ফ্ৰী নমুনা সংগ্ৰহ।

iii) উৰিষ্যাৰ বেৰ্হামপুৰস্থিত চৰকাৰী আইটিআয়ে “এৰ’জেল বক্স”ৰ ডিজাইন আৰু বিকাশ সাধন কৰি উলিয়ায়।

iv) এনএছটিআই, লুধিয়ানাই এৰ’ ব্লাষ্টাৰ মেছিন প্ৰস্তুত কৰি উলিয়াই আৰু মহানগৰখন ছেনিটাইজিং কৰি তুলিবলৈ ইয়াক জিলা প্ৰশাসনৰ হাতত তুলি দিয়ে।

v) এনএছটিআই, মুম্বাই এ পেডেল নিৰ্ভৰ (হেণ্ডছ ফ্ৰী) হেণ্ড ছেনিটাইজিং চিষ্টেমৰ বিকাশ সাধন কৰি উলিয়াই আৰু স্থানীয় থানাত ইয়াক স্থাপন কৰা হয়।

vi) ২৯/ত মেইলৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW) লৈ প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত প্ৰশিক্ষণ লাভ কৰা এক লাখ প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্য খণ্ডৰ কৰ্মচাৰীৰ তালিকা প্ৰেৰণ কৰা হয়, ’ত তেওঁলোকৰ ম’বাইল নম্বৰ আৰু ইমেইল ঠিকনাৰ দৰে যোগাযোগৰ সৱিশেষ অন্তৰ্ভুক্ত কৰা হয়।

  1. প্ৰশিক্ষণৰ পুনৰ আৰম্ভণিঃ

আন মূল পদক্ষেপঃ

  1. কৌশলচাৰ্য্য বঁটা, ২০২০ -
  2. বিশ্ব যুৱ দক্ষতা দিৱস কাৰ্যক্ৰম (WYSD) –
  3. স্বচ্ছতা পখৱাড়া, ২০২০ কাৰ্যক্ৰম
  4. এফডিআই চেলঃ
  5. ৰাজভাষা বঁটা, ২০২০:
  6. NIMI মকটেষ্ট এপৰ জৰিয়তে অনলাইন পৰীক্ষা প্ৰস্তুতিঃ

*****

YKB/SK/SB



(Release ID: 1685743) Visitor Counter : 320