উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষা-২০২০ : পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়

কেন্দ্ৰীয় বাজেট ২০২০-২১ত পূৰ্বোত্তৰ ক্ষেত্ৰৰ সামগ্ৰিক বিকাশক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হয়ঃ বাজেটৰ আৱণ্টনত ১৪%তকৈ অধিক বৃদ্ধি কৰা হয়

পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাবে ইনভেষ্ট ইণ্ডিয়াৰ সমৰ্পিত ডেস্ক

Posted On: 31 DEC 2020 12:32PM by PIB Guwahati

    ২০২০ বৰ্ষত পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা আহৰণ কৰা প্ৰধান প্ৰাপ্তিঃ

 

১।পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ যোজনাৰ জৰিয়তে সমাজৰ বঞ্চিত আৰু উপেক্ষিত শ্ৰেণী তথা বঞ্চিত ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে ৩০% ধনৰাশি আৱণ্টিত কৰা হয়ঃ চৰকাৰে জানুৱাৰী, ২০২০ত পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ বঞ্চিত এলেকাবিলাকৰ বিকাশ, সমাজৰ বঞ্চিত/উপেক্ষিত শ্ৰেণীৰ বিকাশ আৰু ৰাজ্যৰ উন্নয়নমুখী অগ্ৰাধিকাৰভিত্তিক ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে বৰ্তমানৰ পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদ যোজনাৰ জৰিয়তে নতুন পৰিকল্পনাৰ বাবে পূৰ্বোত্তৰ পৰিষদক আৱণ্টিত ধনৰাশিৰ পৰা ৩০% ধনৰাশি আৱণ্টন কৰে। যিবিলাক ক্ষেত্ৰ আৰু খণ্ডক এই ধনৰাশি দিয়া হ'ব, তাৰ তালিকা এনেধৰণৰঃ

 

ক। পূৰ্বোত্তৰ ক্ষেত্ৰৰ আৱৰণ ৰহিত পাহাৰৰ বনানীকৰণ কাৰ্যক্ৰম। ইয়াৰ জৰিয়তে বাঁহৰ উপৰিও এনেকুৱা গছ ৰোপন কৰা হ'ব, যি বাঢ়ি গৈ ওখ গছ হয়।

 

খ। পূৰ্বোত্তৰ ক্ষেত্ৰত জৈৱিক খেতিৰ বিকাশৰ কাৰ্যক্ৰম/যোজনা।

 

গ। পূৰ্বোত্তৰ ক্ষেত্ৰৰ ব্ৰু, ছাকমা আদি জনজাতিৰ সমস্যাসমূহৰ অধ্যয়নৰ বাবে আৰু এই সমস্যাসমূহৰ সম্ভাব্য সমাধানৰ বাবে অধ্যয়ন আৰম্ভ কৰা।

 

ঘ। পূৰ্বোত্তৰ ক্ষেত্ৰৰ বিভিন্ন ৰাজ্যৰ মাজত বিবাদৰ নথিভুক্তকৰণ কৰা, যাতে গৃহ মন্ত্ৰালয়ে ইয়াৰ ওপৰত পৰৱৰ্তী পদক্ষেপ ল'ব পাৰে।

 

ঙ। পূৰ্বোত্তৰ ৰাজ্যৰ বিভিন্ন ভাষা আৰু লিপিৰ অধ্যয়ন কৰা আৰু লুপ্ত হৈ থকা ভাষা আৰু লিপিসমূহক পুনৰুজ্জীৱিত কৰাৰ উপায় উলিওৱা।

 

চ। পূৰ্বোত্তৰ ক্ষেত্ৰৰ বঞ্চিত এলেকা, সমাজৰ দুৰ্বল আৰু উপেক্ষিত সমুদায় আৰু শ্ৰেণী তথা অন্য উন্নয়নশীল প্ৰাথমিক ক্ষেত্ৰৰ বিকাশৰ ওপৰত মনোযোগ দিয়াৰ গুৰুত্ব প্ৰতিপন্ন কৰা এনেকুৱা অন্য পৰিকল্পনা।

 

২। পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়ৰ ডিজিটাইজেশ্যনঃ পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়ত সহায়ক ব্যৱস্থা উপলব্ধ কৰোৱা হৈছে আৰু বিষয়াসকলৰ বাবে ভিপিএনৰ জৰিয়তে ই-অফিচ সুবিধাৰ ১০০% ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে কৰ্মচাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাও সুনিশ্চিত কৰিব পৰা যায় তথা উপাদনৰ কোনো ক্ষতি নহয়।

 

৩। পূৰ্বোত্তৰ ৰাজ্যসমূহত বাঁহ ক্ষেত্ৰৰ বিকাশঃ দেশৰ মুঠ বাঁহ আৱৰণৰ ৩৫% ক্ষেত্ৰ পূৰ্বোত্তৰৰ ৰাজ্যত আছে। কিন্তু ভাৰতীয় বন আইন ১৯২৭ৰ জৰিয়তে বাঁহৰ পৰিবহনৰ ওপৰত বলৱ প্ৰতিবন্ধকতাৰ বাবে এই সম্ভাৱনাৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নগৈছিল।

 

চৰকাৰে ভাৰতীয় বন (সংশোধন) আইন, ২০১৭ৰ জৰিয়তে বাঁহক ভাৰতীয় বন আইন ১৯২৭ৰ জৰিয়তে বৰ্গীকৃত বৃক্ষৰ শ্ৰেণীৰ পৰা বাহিৰ কৰি দিয়ে আৰু ইয়াক পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ জৰিয়তে ঘাঁহৰ শ্ৰেণীত পুনৰ বৰ্গীকৃত কৰে।

 

এক অন্য প্ৰধান সংস্কাৰ বেম্বো ষ্টিকৰ ওপৰত বলৱ আমদানি শুল্ক ১০%ৰ পৰা বঢ়াই ২৫% কৰা হয়। ছেপ্টেম্বৰ, ২০১৯ৰ পিছৰ পৰা ধুপৰ বাবে কেঁচা কাঠিৰ আমদানি সম্পূৰ্ণৰূপে সমাপ্ত হয় আৰু ধুপৰ বাবে স্থানীয় বাঁহ সামগ্ৰীৰ ব্যৱহাৰ কৰিবলৈ লোৱা হয়।

 

ইয়াৰ উপৰিও অনাগত মাহবিলাকত জম্মু, কটৰা আৰু সাম্বাত তিনিটা বাঁহ ক্লাষ্টাৰ বিকশিত কৰা হ'ব, যাৰ ফলত বাঁহৰ পাছি, ধুপ আৰু বাঁহৰ খৰিৰ কয়লা বনাব পাৰিব আৰু এইদৰে প্ৰায় ২৫ হাজাৰ মানুহে প্ৰত্যক্ষভাৱে কৰ্ম সংস্থানৰ সুযোগ লাভ কৰিব।

 

৪৷ ডেষ্টিনেচন নৰ্থ-ইষ্টঃ ডেষ্টিনেচন নৰ্থ-ইষ্ট পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়ৰ এটা কাৰ্যক্ৰম। ডেষ্টিনেচন নৰ্থ-ইষ্ট ২০২০ৰ মুখ্য বিষয় 'দ্য ইমাৰ্জিং ডিলাইটফুল ডেষ্টিনেচনছ' আছিল। এই উসৱ ছেপ্টেম্বৰ, ২০২০ত ভাৰ্চুৱেল মাধ্যমত আয়োজন কৰা হয়।

 

৫৷কেন্দ্ৰীয় মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিংহই মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ জৰিয়তে পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়ৰ এবছৰৰ প্ৰাপ্তিৰ বিষয়ে জুন, ২০২০ত এখন বুকলেট আৰু তাৰ ই-সংস্কৰণ জাৰি কৰে।

 

কেন্দ্ৰীয় পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ)য়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কাৰ্যকৰী, গণ অভিযোগ আৰু পেন্সন, পৰমাণু শক্তি তথা অন্তৰীক্ষ ৰাজ্য মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিংহই মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অধীনত পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়ৰ এটা বছৰৰ প্ৰাপ্তিৰ ওপৰত পুস্তিকা আৰু ইয়াৰ ই-সংস্কৰণ জাৰি কৰে।

 

মন্ত্ৰীজনে কয় যে যোৱা এটা বছৰত পূৰ্বোত্তৰ ক্ষেত্ৰত ব্যৱস্থাপনা, শক্তি আৰু অন্য ক্ষেত্ৰসমূহত উল্লেখযোগ্য বিকাশ হৈছে। পূৰ্বোত্তৰ ক্ষেত্ৰৰ বিকাশৰ বাবে জিবিএছৰ কমেও ১০% নিৰ্ধাৰিত কৰাৰ চৰকাৰী নীতিৰ জৰিয়তে ৰেহাই নোপোৱা বিভাগৰ দ্বাৰা আৰই পৰ্যায়ত পূৰ্বোত্তৰ ৰাজ্যক ৫৩,৩৭৪ কোটি টকা উপলব্ধ কৰোৱা হৈছিল। ৰে'লৱেই জিবিএছৰ অতিৰিক্ত ৪,৭৪৫ কোটি টকা আৱণ্টন দিয়ে।

 

কিছুমান প্ৰধান পৰিকল্পনা, যাৰ পূৰ্বোত্তৰ ক্ষেত্ৰত যোৱা এটা বছৰত অনুমোদন কৰা হয়, আৰম্ভ কৰা হৈছে বা যি সম্পূৰ্ণ হৈছে, তলত উল্লেখ কৰা হ'লঃ

 

১৷ ৯২৬৫ কোটি টকা ব্যয়সাপেক্ষে অনুমোদিত ইন্দ্ৰধনুষ গেছ গ্ৰিড পৰিকল্পনাৰ জৰিয়তে ক্ষেত্ৰৰ আঠোখন ৰাজ্যত ১,৬৫৬ কিলোমিটাৰ দীঘল পূৰ্বোত্তৰ গেছ পাইপলাইন গ্ৰিড বনোৱা হ'ব। ই পূৰ্বোত্তৰৰ জলবায়ুক ইয়াৰ মূল ৰূপত সংৰক্ষণ কৰাতো সহায়ক হ'ব।

 

২। অৰুণাচল প্ৰদেশৰ ৰাজধানীক সংলগ্ন কৰিবলৈ গ্ৰীণ ফিল্ড হোলংগী বিমান বন্দৰৰ কাম আৰম্ভ হৈছে। এই পৰিকল্পনাৰ জৰিয়তে ৯৫৫.৬৭ কোটি টকাৰ আনুমানিক ব্যয়েৰে ডিচেম্বৰ, ২০২২ পৰ্যন্ত সম্পূৰ্ণ হোৱাৰ আশা আছে।

 

৩। ৰে'লৱেই দক্ষিণ ত্ৰিপুৰা আৰু বাংলাদেশৰ চটগাঁও বিমান বন্দৰলৈ সুগম যাতায়ত উপলব্ধ কৰোৱাৰ বাবে বেলোনিয়া-ছাব্ৰুম (৩৯.১২ কিলোমিটাৰ) ৰে'ল লাইনৰ কাম সম্পূৰ্ণ কৰিছে। নিউ জলপাইগুৰি-লামডিং পৰিকল্পনাৰ হাৱাইপুৰ-লামডিং পৰ্যন্ত ২৫.০৫ কিলোমিটাৰ দীঘল খণ্ডৰ ডাব্লিং কৰণৰ কামো সম্পূৰ্ণ হৈছে।

 

৪। নতুন অনুমোদিত পৰিকল্পনাৰ ভিতৰত (১) ২,০৪২.৫১ কোটি টকা ব্যয়সাপেক্ষে ৰঙিয়াৰ পথ নিউ বঙাইগাঁৱৰ পৰা আধা খণ্ড (১৪২ কিলোমিটাৰ)ৰ ডাব্লিং; (২) ৮৮৮ কোটি টকা আৰু ৩৫১২ কোটি টকাৰ ব্যয়সাপেক্ষে ব্ৰহ্মপুত্ৰৰ ওপৰত ক্ৰমে শৰাইঘাট আৰু তেজপুৰ শিলঘাটত দলং নিৰ্মাণ; (৩) ২,২৯৩ কোটি টকাৰ আনুমানিক ব্যয়সাপেক্ষে পূৰ্বোত্তৰৰ সমস্ত ২,৩৫২ কিলোমিটাৰ দীঘল বিজি ৰে'ল নেটৱৰ্কৰ বৈদ্যুতিকীকৰণ।

 

৫৷ পথ ক্ষেত্ৰত, ৭৭০৭.১৭ কোটি টকাৰ আনুমানিক ব্যয়েৰে ৫৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৫টা ৰাষ্ট্ৰীয় ঘাইপথ পৰিকল্পনাৰ কাৰ্য আৱণ্টিত কৰা হৈছে।

 

৬৷ ভাৰত-বাংলাদেশ প্ৰট'কল (আইবিপি) মাৰ্গ আৰু এনডব্লিউ-২ (ব্ৰহ্মপুত্ৰ)ৰ পথ কলকাতা আৰু হালদিয়া বিমান বন্দৰৰ পৰা গুৱাহাটী টাৰ্মিনেললৈকে বাল্ক কাৰ্গো আৰু কণ্টেইনাৰ অহাযোৱা আৰম্ভ হৈছে।

 

৭৷ কেন্দ্ৰীয় বাজেট ২০২০-২১ত আৰম্ভ কৃষি উড়ান যোজনাৰ পৰিচালনা আৰম্ভ হৈছে আৰু বাগডোগ্ৰা, গুৱাহাটী আৰু আগৰতলা বিমান বন্দৰৰ পৰা আনাৰস, আদা, কিৱি আৰু জৈৱিক শস্যৰ দৰে কৃষি সামগ্ৰীৰ পৰিবহন আৰম্ভ হৈছে।

 

৮৷ অৰুণাচল প্ৰদেশত সোৱণশিৰি জলবিদ্যুত পৰিকল্পনা সম্পৰ্কীয় সকলো বাধা (আইনী, ৰাজনৈতিক আৰু পৰিৱেশগত) আঁতৰোৱা হৈছে আৰু ২০০০ মেগাৱট পৰিকল্পনা (যি ২০১১ৰ পৰা অবৰুদ্ধ হৈ আছিল)ৰ ওপৰত কাম আৰম্ভ হৈছে আৰু ই ২০২৩ পৰ্যন্ত সম্পূৰ্ণ হোৱাৰ আশা আছে।

 

পূৰ্বোত্তৰ ক্ষেত্ৰত ইনভেষ্ট ইণ্ডিয়াৰ বাবে সমৰ্পিত ডেস্কঃ

 

মাৰ্চ, ২০২০ত প্ৰস্তাৱ কৰা হৈছিল যে পূৰ্বোত্তৰ ক্ষেত্ৰত ইনভেষ্ট ইণ্ডিয়াৰ বাবে এক বিশেষ সমৰ্পিত ডেস্ক স্থাপন কৰা হওক। এই ডেস্ক বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা, বিনিয়োগ বঢ়োৱা, তাৰ বাবে সুবিধা কৰা আৰু পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ বাবে এটা ৱেবছাইটৰ বিকাশ কৰাৰ কাম কৰিব।

পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাবে প্ৰস্তাৱিত সুবিধা-

১। তথ্যৰ ব্যৱস্থা

২৷ সমৰ্থন প্ৰাপ্ত কৰা

৩৷ সুগমতা অনা

৪৷ ৰাজ্যিক প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ

৫৷ ৰাজ্যিক বিনিয়োগ টীমৰ নিৰ্মাণ আৰু ব্যৱস্থাপনা

৬৷ ৰাজ্যসমূহৰ বাবে সিবিলাকৰ বিনিয়োগ সন্মিলন/বৈঠকৰ বাবে পৰামৰ্শ

৭৷ বিনিয়োগকাৰীৰ বাবে সমৰ্থন

৮৷ ৱেবছাইট

ওপৰোক্ত সকলো কাৰ্যকলাপ ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে কৰা হ'ব।

 

******

SNC



(Release ID: 1685548) Visitor Counter : 225