প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২ জানুৱাৰীত আইআইএম সম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 31 DEC 2020 7:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ জানুৱাৰী, ২০২১ৰ পুৱা ১১বজাত আইআইএম সম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব৷

এই উপলক্ষে অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’, শ্ৰীধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগী উপস্থিত থাকিব৷ এই অনুষ্ঠানত বিষয়া, উদ্যোগপতি, শিক্ষাবিদ আৰু শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী আৰু আইআইএম সম্বলপুৰৰ ফেকাল্টিৰ লগতে ৫,০০০ আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰিব৷

আইআইএম সম্বলপুৰ

আইআইএম সম্বলপুল দেশ প্রথম আইআইএম, শ্রেণীকোঠাৰ ধাণা একবাৰে ভিন্ন। ইয়াত ডিজিটেল পদ্ধতিতঢ়াশুনা হয়। তদুপৰি, উদ্যোগ জগত পৰা বিভিন্ন প্রকল্প জৰিয়তে পাঠদান চলে। এই প্রতিষ্ঠান অন্যান্য আইআইএমতকৈ লিংগ বৈষম্যৰ দিশতো পৃথক৷ ইয়াত ২০১৯-২১ এমবিএ বেটছত ৪৯ শতাংশ আৰু ২০২০-২২ বেটছত ৪৩ শতাংশ ছাত্রী আছে, যিটো দেশ অন্যান্য আইআইএম তুলনাৰ্বাধিক৷

 

*****

DS /AKJ/DB


(ৰিলিজ আই ডি : 1685502) অতিথি কক্ষ : 145