উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

মেঘালয়ত পূৰ্বোত্তৰৰ প্ৰথম ''আদা'' প্ৰক্ৰিয়াকৰণ প্ৰকল্পক পুনৰুজ্জীৱিত কৰি থকা হৈছেঃ ড৹ জিতেন্দ্ৰ সিংহ

Posted On: 30 DEC 2020 5:39PM by PIB Guwahati

মেঘালয়ৰ জিলা ৰি-ভইত পূৰ্বোত্তৰৰ প্ৰথম বিশেষীকৃত আদা প্ৰক্ৰিয়াকৰণ প্ৰকল্পক পুনৰুজ্জীৱিত কৰি থকা হৈছে আৰু ২০২১ৰ আৰম্ভণিতে ই আৰম্ভ হোৱাৰ আশা কৰা হৈছে। এই তথ্য কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ), পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়ৰ ড৹ জিতেন্দ্ৰ সিংহই মন্ত্ৰালয়ৰ অধীনত কাম কৰি থকা পিএছইউ উত্তৰ-পূব ক্ষেত্ৰীয় কৃষি বিপণন নিগমৰ কাম-কাজৰ সমীক্ষাৰ পিছত প্ৰদান কৰে। ড৹ সিংহ, যি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰূপায়ণ, জন অভিযোগ, পেন্সন, পৰমাণু শক্তি আৰু অন্তৰীক্ষৰ দৰে মন্ত্ৰালয়ৰো ৰাজ্যমন্ত্ৰী, কয় যে পূৰ্বোত্তৰ ভাৰতৰ এইটো একমাত্ৰ আদা প্ৰক্ৰিয়াকৰণ প্ৰকল্প ২০০৪ চনৰ আশেপাশে স্থাপন কৰা হৈছিল, কিন্তু দীৰ্ঘ সময় ধৰি ই বন্ধ হৈ আছিল। ভাৰত চৰকাৰৰ এনইআৰএএমএচিয়ে এতিয়া ইয়াক পুনৰুজ্জীৱিত কৰাৰ দায়িত্ব লৈছে আৰু ৰাজহুৱা-বেচৰকাৰী অংশগ্ৰহণ (পিপিপি মোড)ৰ জৰিয়তে এই বন্ধ প্ৰকল্পৰ সঞ্চালনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ড৹ জিতেন্দ্ৰ সিংহই কয় যে এক্সপ'ৰ্ট প্ৰমোচন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক (ইপিআইপি), ৰাজা ভাগন, বৰ্নিহাটস্থিত এই প্ৰকল্প কেৱল আদাকেই প্ৰক্ৰিয়াকৰণ নকৰে, বৰং ভেক্সড আদা, আদাৰ পেষ্ট, আদাৰ পাউদাৰ, আদাৰ ফ্লেক্স, আদাৰ তেল আদিৰ দৰে সামগ্ৰীও তৈয়াৰ কৰাত সহায় কৰিব।

 

ড৹ সিংহই কয় যে বিগত কিছু কাল ধৰি ক'ৰোনা মহামাৰীৰ বাবে আদাৰ উপযোগিতা যথেষ্ট বৃদ্ধি পাইছে। ই এই ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰক্ষা বঢ়াবৰ বাবে অত্যন্ত আৱশ্যকীয় ঔষধি যাৰ প্ৰশংসা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে কৰিছে।

 

কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে এই প্ৰকল্পৰ জৰিয়তে তৈয়াৰ কৰা আদাৰ সামগ্ৰীয়ে কেৱল ঘৰুৱা উপভোগেই পূৰণ নকৰে, বৰং প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ''ভোকেল ফৰ লোকেল''ৰ অভিলাষো পূৰণ কৰি এক ব্যাপক চাহিদা পূৰণ কৰিব। চৰকাৰ আৰু বেচৰকাৰী অংশগ্ৰহণৰ মডেলৰ ওপৰত চলি থকা এই প্ৰকল্পৰ সঞ্চালন আৰু চোৱাচিতাৰ বাবে অপাৰেটৰক নিবিদা প্ৰক্ৰিয়াৰ মাধ্যমত বাছনি কৰা হৈছিল আৰু প্ৰকল্প স্থাপন আৰু পুনৰুজ্জীৱিত কৰাৰ কাম চলি আছে।

 

উত্তৰ-পূব ক্ষেত্ৰীয় কৃষি বিপণন নিগমৰ প্ৰবন্ধ নিৰ্দেশক, মনোজ কুমাৰ দাসৰ দ্বাৰা প্ৰদান কৰা সংক্ষিপ্ত তথ্যৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ পূৰ্বোত্তৰ ক্ষেত্ৰত প্ৰতি বছৰে প্ৰায় ৪৫০,০০০ মেট্ৰিক টন উচ্চ মানসম্পন্ন আদা উৎপাদন হয়, কিন্তু প্ৰক্ৰিয়াকৰণ আৰু ক'ল্ড ষ্টৰেজ সুবিধাৰ অভাৱ হোৱা বাবে ইয়াক কম দামত বেচা হয়। মেঘালয়ত এই প্ৰকল্পই আদা উৎপাদনকক অতি আৱশ্যকীয় সুবিধা প্ৰদান কৰিব আৰু তেওঁলোকে নিজৰ ক্ষমতাৰ ব্যৱহাৰ কৰাত সক্ষম হ'ব আৰু লগতে প্ৰাকৃতিক সম্পদৰো উন্নত ব্যৱহাৰ কৰিব।

 

ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীজনক পূৰ্বোত্তৰত ১০০টা নতুন খুচুৰা কেন্দ্ৰ স্থাপন কৰা আৰু গুৱাহাটীসহ কেইবাখনো ডাঙৰ চহৰত ফল বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ তথ্য অৱগত কৰোৱা হয়। ইয়াৰ ভিতৰতো বেছিভাগ চৰকাৰী-বেচৰকাৰী অংশগ্ৰহণৰ মডেলৰ ওপৰত কাম কৰিব। উত্তৰ-পূব ক্ষেত্ৰীয় কৃষি বিপণন নিগমে অত্যাধুনিক সুবিধাসহ বিপণন পৰিসৰ বিকশিত কৰাৰ দায়িত্বও পালন কৰে।

 

 ***

 

SNC



(Release ID: 1684985) Visitor Counter : 143