প্ৰতিৰক্ষা মন্ত্ৰালয়

ৰেণ্ডম নাম্বাৰ জেনেৰেশ্যনৰ অৰ্থে কোৱান্টাম নিৰ্ভৰ প্ৰযুক্তিৰ বিকাশ সাধন ডিআৰডিঅ’ৰ যুৱ বিজ্ঞানীৰ পৰীক্ষাগাৰৰ

পোষ্ট কৰা হৈছে: 29 DEC 2020 4:20PM by PIB Guwahati

কোৱান্টাম কমিউনিকেশ্যন, ক্ৰাইপট’গ্ৰাফী (কী জেনেৰেশ্যন, কী ৰেপিং, অথেন্টিকেশ্যন ইত্যাদি), বৈজ্ঞানিক অনুকৰণ, লটাৰী আৰু মৌলিক পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাৰ দৰে বহু ক্ষেত্ৰত ৰেণ্ডম নাম্বাৰৰ ভূমিকা অপৰিসীম। জেনুইন ৰেণ্ডমনেছৰ সৃষ্টিক সাধাৰণতে ক্লাছিকেল মিনৰে অসম্ভৱ বুলি গণ্য কৰা যায়। শুদ্ধ ৰেণ্ডম নাম্বাৰ আগবঢ়োৱাত কোৱান্টাম মেকানিকছৰ সহজাত সম্ভাৱনা আছে আৰু সেয়ে ৰেণ্ডমনেছ প্ৰয়োজনীয় বৈজ্ঞানিক এপ্লিকেশ্যনসমূহৰ অৰ্থে পচ্ছন্দৰ বিকল্প হৈ পৰিছে।

কোৱান্টাম প্ৰযুক্তিসমূহৰ অৰ্থে ডিআৰডিঅ’ৰ যুৱ বিজ্ঞানীৰ পৰীক্ষাগাৰ (DYSL-QT) এ এটা কোৱান্টাম ৰেণ্ডম নাম্বাৰ জেনেৰেটৰ (QRNG)ৰ বিকাশ সাধন কৰি উলিয়াইছে যিয়ে ৰেণ্ডম কোৱান্টাম ইভেন্টসমূহ চিনাক্ত কৰে আৰু এইসমূহক বাইনেৰী ডিজিটৰ এটা ষ্ট্ৰীমলৈ ৰূপান্তৰিত কৰে। এই পৰীক্ষাগাৰটোৱে ফাইবাৰ-অপ্টিক ব্ৰান্স পাথ নিৰ্ভৰ QRNG বিকাশ সাধন কৰিছে। ব্ৰান্স পাথ নিৰ্ভৰ QRNG ৰ ভিত্তি তত্ত্ব হৈছে যদি এটা বেলেন্সড বিম স্প্লিট্টাৰত এটা একক ফটনৰ সংঘটন ঘটে, ই যাদৃচ্ছিকভাৱে বিম-স্প্লিট্টাৰ আউটপুট পাথ গ্ৰহণ কৰিব। ফটনটোৱে যাদৃচ্ছিকভাৱে পাথটো বাছনি কৰাৰ পৰিপ্ৰেক্ষিতত, এই ৰেণ্ডমনেছ বিটছৰ চিকুৱেন্সলৈ পৰ্যবসিত হয়।

পৰীক্ষাগাৰটোৱে বিকাশ সাধন কৰি উলিওৱা QRNG চিষ্টেমে গ্ল’ৱেল ৰেণ্ডমনেছ টেষ্টিং ষ্টেণ্ডাৰ্ড যথাঃ NIST আৰু প’ষ্ট-প্ৰচেছিঙৰ পাছত ~১৫০ kbps দ্ৰুতিত ডাই-হাৰ্ডাৰ ষ্টেটিচটিকেল টেষ্ট চ্যুইটত উত্তীৰ্ণ হয়। সৃষ্টি হোৱা ৰেণ্ডম নাম্বাৰটোকো মূল্যায়ন কৰা হয় আৰু ডিআৰডিঅ’ৰ ঘৰুৱাভাৱে বিকাশ সাধন কৰা SAGৰ ৰেণ্ডমনেছ টেষ্টিং ষ্টেটিচটিকেল টেষ্ট চ্যুইট ব্যৱহাৰ কৰি পৰীক্ষা কৰিছে। এই বিকাশ সাধনৰ জৰিয়তে ভাৰতে কোৱান্টাম ফেনমেনন নিৰ্ভৰ ৰেণ্ডম নাম্বাৰ সৃষ্টিৰ অৰ্থে প্ৰযুক্তি সম্পন্ন ৰাষ্ট্ৰসমূহৰ ক্লাবত প্ৰৱেশ কৰিলে।

 

******

ABB/Nampi/Rajib/SB


(ৰিলিজ আই ডি : 1684557) অতিথি কক্ষ : 329
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil