গৃহ মন্ত্ৰালয়

পৰ্যবেক্ষণ, নিয়ন্ত্ৰণ আৰু সতৰ্কতাৰ বাবে জাৰি কৰা নিৰ্দেশনাসমূহ আগলৈও বাহাল ৰখাৰ সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিয়ন্ত্ৰণ ব্যৱস্থা, বিভিন্ন কাৰ্যকলাপৰ ওপৰত এছঅ’পি. আৰু কভিড উপযুক্ত আচৰণ কঠোৰভাৱে বলৱৎ কৰিব লাগিব আৰু সতৰ্কতা আৰু কঠোৰ নিৰীক্ষণ কৰিব লাগিব

Posted On: 28 DEC 2020 6:37PM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে পৰ্যবেক্ষণৰ বাবে পূৰ্বৰ নিৰ্দেশনাবোৰ ৩১.০১.২০২১লৈকে বাহাল ৰাখিবলৈ আজি এক নিৰ্দেশ জাৰি কৰে।

 

কভিড-১৯ৰ সক্ৰিয় আৰু নতুন ঘটনা ধাৰাবাহিকভাৱে হ্ৰাস হোৱা দেখা গৈছে যদিও বিশ্বব্যাপী বৃদ্ধি পোৱা ঘটনা আৰু ব্ৰিটেইনত এক নতুন প্ৰকাৰৰ ভাইৰাছৰ উদ্ভৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু সতৰ্কতা বজাই ৰখাৰ প্ৰয়োজন।

 

সেই অনুসৰি, নিয়ন্ত্ৰণ অঞ্চলবোৰ সাৱধানে নিৰ্ধাৰণ কৰা অব্যাহত আছে; এই অঞ্চলবোৰৰ ভিতৰত নিৰ্ধাৰিত নিয়ন্ত্ৰণৰ পদক্ষেপসমূহ কঠোৰভাৱে অনুসৰণ কৰা হৈছে; কভিড উপযুক্ত আচৰণ প্ৰৱৰ্তন আৰু কঠোৰভাৱে বলবৎ কৰা; আৰু বিভিন্ন অনুমোদিত কাৰ্যকলাপৰ বাবে নিৰ্ধাৰিত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া (এছঅ’পি) সতৰ্কতাৰে অনুসৰণ কৰা হয়।

 

সেয়েহে, ২৫ নৱেম্বৰ, ২০২০ত জাৰি কৰা নিৰ্দেশনাৱলীত উল্লেখ কৰা অনুসৰি, গৃহ মন্ত্ৰালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা/এছঅ’পি নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পদক্ষেপ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা কঠোৰভাৱে বলৱৎ কৰিব লাগিব।

 

 

**********

NW/RK/PK/AD/DDD/KG



(Release ID: 1684322) Visitor Counter : 288