কৃষি মন্ত্ৰালয়

পিএম কিষাণ সন্মান নিধিৰ অধীনত বিত্তীয় লাভালাভৰ সপ্তম কিস্তি মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

৯ কোটি কৃষক পৰিয়ালে লাভ কৰিব এই সুবিধা, ডিবিটিৰ জৰিয়তে জমা হ’ব ১৮,০০০ কোটি টকা

বিশ্বৰ কৃষিভিত্তিক বজাৰসমূহত ব্ৰেণ্ড ইণ্ডিয়াক প্ৰতিষ্ঠা কৰাৰ সময় সমাগতঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষি খণ্ডত ব্যাপক সংস্কাৰ পৰিলক্ষিত হৈছে-শ্ৰী নৰেন্দ্ৰ সিং টোমাৰ

Posted On: 25 DEC 2020 6:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅকনফাৰেন্সযোগে পিএম কিষাণ সন্মান নিধিৰ অধীনত বিত্তীয় লাভালাভৰ সপ্তম কিস্তি মুকলি ৰে৷ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অৰুণাচল প্ৰদেশ, ওড়িশা, হাৰিয়ানা, তামিলনাডু, মহাৰাষ্ট্ৰ, আৰু মধ্যপ্ৰদেশৰ একাংশ কৃষকৰ সৈতে মত বিনিময় কৰে৷ কৃষকসকলে কৃষি আইন কাৰ্যকৰী কৰাৰ পৰা তেওঁলোক কিদৰে উপকৃত হৈছে, সেই বিষয়ে প্ৰধানমন্ত্ৰীৰ আগত ব্যক্তি কৰে৷

এই উপলক্ষ আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি এটা বুটামত ক্লিক কৰিয়েই দেশৰ কোটিৰো অধিক কৃষক পৰিয়ালৰ বেংক একাউণ্টত ১৮,০০০ কোটি টকা পোনপটীয়াকৈ জমা কৰা হৈছে। তেওঁ লগতে কয় যে এই আঁচনিখন শুভাৰম্ভ কৰাৰে পৰা .১০লাখ কোটিৰো অধিক টকা কৃষকসকলৰ একাউণ্টত জমা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে পশ্চিমবংগৰ ৭০ লাখৰো অধিক কৃষকে এই সুবিধা পাবলৈ সক্ষম হোৱা নাই৷ তেওঁ কয় যে বংগৰ ২৩ লাখতকৈও অধিক কৃষকে এই আঁচনিৰ সুবিধা অৰ্জনৰ বাবে অনলাইনেৰে আবেদন কৰিছিল। কিন্তু ৰাজ্য চৰকাৰখনে বহু সময়ৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়াটো বন্ধ ৰাখে। তেওঁ কয় যে পশ্চিমবংগত কৃষকসকলৰ স্বাৰ্থৰ হকে মৌন হৈ থকা দলসমূহে দিল্লীলৈ আহি কৃষক সন্দৰ্ভত মাতিছে। তেওঁ কয় যে এই দলসমূহক আজিকালি এপিএমচি-মাণ্ডিত দেখা নাযায়, কিন্তু এই দলসমূহে বাৰম্বাৰ পাহৰিছে যে কেৰালাত কোনো এপিএমচি-মাণ্ডি নাই আৰু তেনে লোকসকলে কেতিয়াও কেৰালাত বিক্ষোভ নকৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ উৎপাদন ব্যয় হ্ৰাসৰ লক্ষ্যৰে চৰকাৰখনে কাম কৰিছে। চৰকাৰখনৰ কেতবোৰ কৃষককেন্দ্ৰিক প্ৰচেষ্টা যেনে-ভূমি স্বাস্থ্য কাৰ্ড, ইউৰিয়াৰ নীম টিং, সৌৰচালিত পাম্প বিতৰণৰ অৰ্থে আঁচনিৰ কথা উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে কয় যে এইসমূহে কৃষকসকলৰ বাবে উৎপাদন ব্যয় হ্ৰাস কৰাত সহায় কৰিছে। তেওঁ লগতে কয় যে কৃষকসকলে এটা উত্তম শস্য বীমাৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিবলৈ চৰকাৰখনে প্ৰচেষ্টা হাতত লৈ আহিছে। আজি কোটি কোটি কৃষকে পিএম ফচল বীমা আঁচনিৰ লাভালাভ অৰ্জন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখনৰ কৃষকসকলে শস্যৰ বাবে এটা ন্যায্য মূল্য লাভ কৰাটো চৰকাৰখনে নিশ্চিত কৰিবলৈ চেষ্টা চলাইছে। তেওঁ কয় যে দীৰ্ঘদিনীয়া স্বামীনাথন কমিটিৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি চৰকাৰখনে কৃষকসকলৰ বাবে উৎপাদনী ব্যয়ৰ ডেৰগুণক এমএছপি হিচাপে নিৰ্ধাৰণ কৰিছে। তেওঁ লগতে কয় যে এমএছপি উপলব্ধ হোৱা শস্যৰ সংখ্যাও বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰখনে কৃষকসকলে তেওঁলোকৰ শস্য বিক্ৰী কৰিবৰ অৰ্থে নতুন বজাৰ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে চৰকাৰখনে দেশখনৰ এহেজাৰৰো অধিক কৃষিজাত মাণ্ডি অনলাইনত সংযোজন ঘটাইছে। ইয়াৰ জৰিয়তে এক লাখ কোটিৰো অধিক টকাৰ বাণিজ্য হৈছে। তেওঁ কয় যে চৰকাৰখনে ক্ষুদ্ৰ কৃষকসকলৰ গোট গঠনৰ দিশে অগ্ৰসৰ হৈছে যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অঞ্চলত সন্মিলিত শক্তি হিচাপে কাম কৰিব পাৰিব। আজি, দেশখনত ১০,০০০তকৈও অধিক কৃষক উৎপাদক সংস্থা-এফপিঅগঠনৰ অৰ্থে অভিযান অব্যাহত ৰখা হৈছে, তেওঁলোকক আৰ্থিক সহায় আগবঢ়োৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি কৃষকসকলে পকা ঘৰ, শৌচাগাৰ আৰু পাইপেৰে পৰিষ্কাৰ খোৱা পানী লাভ কৰিছে। বিনামূলীয়া বিদ্যুৎ সংযোগ, বিনামূলীয়া গেছ সংযোগৰ জৰিয়তে তেওঁলোক বাৰুকৈয়ে লাভান্বিত হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত লাখ টকালৈকে বিনামূলীয়া চিকিৎসাই কৃষকসকলৰ জীৱনৰ মূল সমস্যাসমূহ লাঘৱ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি সংস্কাৰসমূহৰ জৰিয়তে কৃষকসকললৈ উত্তম বিকল্প আগবঢ়োৱা হৈছে। এই আইনসমূহৰ বাবে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী তেওঁলোকে যাকেই বিচাৰে তেওঁকেই বিক্ৰী কৰিব পাৰিব। তেওঁলোকে তেই উচিত মূল্য লাভ কৰে, সেই স্থানতেই তেওঁলোকৰ উৎপাদিত পণ্য বিক্ৰী কৰিব পাৰে। তেওঁ কয় যে নতুন আইনসমূহৰ বাবে, কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী এমএছপিত বিক্ৰী কৰিব পাৰে বা বজাৰত বিক্ৰী কৰিব পাৰে বা ৰপ্তানি কৰিব পাৰে বা ব্যৱসায়ীক বিক্ৰী কৰিব পাৰে বা আন ৰাজ্যত বিক্ৰী কৰিব পাৰে বা এফপিঅ জৰিয়তে বিক্ৰী কৰিব পাৰে বা বিস্কুট, চিপছ, জাম, আন উপভোক্তা সামগ্ৰীৰ মূল্য শৃংখলৰ অংশ পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আন খণ্ডসমূহত বিনিয়োগ আৰু উদ্ভাৱনৰ অগ্ৰগতি সাধন হৈছে, আয় বৃদ্ধি হৈছে আৰু এই খণ্ডত ব্ৰেণ্ড ইণ্ডিয়া স্থাপন কৰা যায়। তেওঁ কয় যে -সন্মানেৰে বিশ্বখনৰ কৃষিভিত্তিক বজাৰসমূহত ব্ৰেণ্ড ইণ্ডিয়াক প্ৰতিষ্ঠা কৰাৰ সময় সমাগত।

কৃষি সংস্কাৰসমূহক পূৰ্ণ সমৰ্থন আৰু আদৰণি জনোৱা সমগ্ৰ দেশৰ কৃষকসকলক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু আশ্বাস দি কয় যে তেওঁ তেওঁলোকক কেতিয়াও হতাশ নকৰে। তেওঁ কয় যে শেহতীয়াকৈ অসম, ৰাজস্থান, জম্মু-কাশ্মীৰত অনুষ্ঠিত স্থানীয় নিকায় নিৰ্বাচনত মূলতঃ গ্ৰামাঞ্চলৰ লোকসকলে অংশগ্ৰহণ কৰে আৰু কৃষকসকলক বিপথে পৰিচালিত কৰা সকলোবোৰ দলকে ইতিমধ্যে সকলোৱে প্ৰত্যাখ্যান কৰে।

অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই কৃষিক মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে সু-শাসনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু কৃষি খণ্ডৰ সংস্কাৰৰ কাম হাতত লৈ মোদী চৰকাৰে বিভিন্ন সিদ্ধান্ত লৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কৃষি খণ্ডত বাজেট ধাৰ্য পূঁজি বৃদ্ধি, এমএছপি বৃদ্ধি, ক্ৰয়ৰ পৰিমাণ বৃদ্ধিৰ হোৱাৰ লগতে ১০০০ হাজাৰতকৈ অধিক এফপিঅ’ গঠন কৰা হৈছে৷

শ্ৰী টোমাৰে কয় যে পশ্চিমবংগৰ বাদ দি বাকী সকলো ৰাজ্য পি এম কিষাণ সন্মান নিধিয়ে সামৰি লৈছে৷ আনকি ক’ভিড আৰু লকডাউনৰ সময়টো কৃষকসকলে ধন লাভ কৰিছে৷ তেওঁ কয় যে নতুন কৃষি আইনক লৈ পাঞ্জাৱৰ কৃষকসকলৰ মনত সন্দেহৰ ভাৱ সৃষ্টি হৈছে৷ চৰকাৰে সেই সন্দেহ আৰু অপপ্ৰচাৰৰ নাইকিয়া কৰিবলৈ আগ্ৰহী আৰু তেওঁলোকক আলোচনা বহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে৷

*****

APS/DB



(Release ID: 1683771) Visitor Counter : 121