বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

‘আইআইএছএফ-২০২০’ত ‘ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোত্সৱ’ৰ শুভাৰম্ভ ঘোষণা

প্ৰদৰ্শিত হ’ব বিপুল সংখ্যক বৈচিত্ৰপূৰ্ণ ছবি

বিজ্ঞান-প্ৰচাৰৰ বাবে কুশলী মাধ্যম হ’ল চলচ্চিত্ৰ : ড০ হৰ্ষ বৰ্দ্ধন

Posted On: 24 DEC 2020 1:22PM by PIB Guwahati

IISF-2020

ভাৰতৰ আন্তৰাষ্ট্ৰীয় বিজ্ঞান মহোত্সৱ(আইআইএছএফ ২০২০)ৰ অন্যতম গুৰুত্বপূৰ্ণ আকৰ্ষণ হভাৰতৰ আন্তঃৰা্ষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ(আইএছএফএফআই)। এইবেলি ৬০খন দেশৰ ৬৩৪খন ছবিয়ে এই মহোত্সৱত অংশগ্ৰহণৰ অনুমোদন লাভ কৰিছে। বিজ্ঞান-সম্বন্ধীয় চলচ্চিত্ৰ নিৰ্মাণৰ বাবে দক্ষতাসম্পন্ন যুৱ-প্ৰতিভাক আকৰ্ষণ কৰাৰ লগতে বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে এক সুন্দৰ মঞ্চ হৈছে এই মহোত্সৱ।

আইএছএফএফআই-ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি, ধৰিত্ৰী বিজ্ঞান আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে কয় যে মহোত্সৱত প্ৰদৰ্শিত হবলগীয়া ছবিসমূহ বিজ্ঞান, প্ৰযুক্তি, কভিড-১৯ সন্দৰ্ভত সজাগতা সৃষ্টি তথা আত্মনিৰ্ভৰ হোৱাৰ বাবে ভাৰতে অব্যাহত ৰখা প্ৰয়াস সংক্ৰান্তীয় হব, সেয়ে শ্ৰোতা-দৰ্শকে ছবিসমূহ উপভোগ কৰি নিতান্তই বৈচিত্ৰ্য অনুভৱ কৰিব পাৰিব। তেওঁ বিজ্ঞানৰ প্ৰচাৰৰ বাবে চলচ্চিত্ৰ এক উত্তম মাধ্যম বুলিও অভিমত ব্যক্ত কৰে।

Press Information Bureau

আইআইএছএফ ২০২০-ত ভাৰতৰ বিজ্ঞান চলচ্চিত্ৰ মহোত্সৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদানৰ মুহূৰ্তত ড০ হৰ্ষ বৰ্দ্ধন

প্ৰতি বছৰে চলচ্চিত্ৰ মহোত্সৱে আকাৰ আৰু মাত্ৰাৰে শ্ৰীবৃদ্ধি লাভ কৰা পৰিলক্ষিত হৈছে। বিজ্ঞান সম্পৰ্কীয় বিষয়বস্তুক আধাৰ কৰি ছবি নিৰ্মাণত ব্ৰতী হব খোজা উদীয়মান নিৰ্মাতসকলৰ বাবে এই মহোত্সৱ এক উত্কৃষ্ট মঞ্চ হৈ উঠিছে। তেওঁলোকৰ মাজত বিপুল সম্ভাৱনীয়তা আছে আৰু সেই প্ৰতিভাক প্ৰতিপালনৰ বাবে আমি আমাৰ অভিজ্ঞতাৰ ভাগ-বাটোৱাৰা কৰিব পাৰো বুলি অভিমত ব্যক্ত কৰিছে বিশিষ্ট ছবি-নিৰ্মাতা আৰু আইএছএফএফআই-ৰ বিচাৰকমণ্ডলীৰ অধ্যক্ষ শ্ৰী মাইক পাণ্ডেই।

আইআইএছএফ ২০২০-ত আইএছএফএফআই-ৰ বিচাৰকমণ্ডলীৰ অধ্যক্ষ শ্ৰী মাইক পাণ্ডে

অনুষ্ঠানত অংশগ্ৰহণ কৰি ইউনাইটেড কিংডমৰ ‘পাব্লিক হেল্থ ফিল্ম ছ’চাইটী’ৰ সভাপতি য়ী হোৱাঙে কয় যে বিজ্ঞান সংক্ৰান্তীয় যোগাযোগব্যৱস্থাই জনতাক একত্ৰিত কৰাৰ প্ৰত্যাহ্বান গ্ৰহণৰ কৰাৰ লগতে ছবি নিৰ্মাতাসকলেও এই সমস্যা প্ৰশমণৰ বাবে প্ৰয়াস  আৰম্ভ কৰিছে আৰু এইক্ষেত্ৰত নিশ্চয় সাফল্যও অৰ্জন কৰিব পৰা যাব।      

নাগৰিকসকলৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ লগতে বিজ্ঞান সম্পৰ্কীয় ছবি নিৰ্মাণৰ বাবে যুৱ প্ৰতিভাধৰ আৰু বিজ্ঞানোত্সাহীক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰেই আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোত্সৱৰ আয়োজন কৰি অহা হৈছে। এই কাৰ্যক্ৰমত ছবিৰ মাধ্যমেৰে ছবি নিৰ্মাতা আৰু ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ বিভিন্ন প্ৰসংগত মত-বিনিময়ৰো সুযোগ লাভ কৰিব পাৰে।

*****

NB/KGS/(Inputs: CSIR-NISTADS)/KB      



(Release ID: 1683521) Visitor Counter : 143