সাংস্কৃতিক মন্ত্ৰালয়

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্মবাৰ্ষিকী উদযাপনত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নেতৃত্বত চৰকাৰৰ উচ্চস্তৰীয় কমিটি গঠনৰ সিদ্ধান্ত

Posted On: 21 DEC 2020 6:17PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্মবাৰ্ষিকী উদযাপনৰ বাবে এক উচ্চস্তৰীয় কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২১ চনৰ ২৩ জানুৱাৰীৰ পৰা এবছৰ ধৰি চলিবলগীয়া এই জন্ম বাৰ্ষিকী উদযাপনৰ বিভিন্ন কাম-কাজ পৰিচালনাৰ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবেই এই কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এই কমিটিৰ নেতৃত্ব দিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু সম্পৰ্কে কৈছিল, “সাম্ৰাজ্যবাদ প্ৰতিৰোধত তেওঁৰ সাহসিকতা তথা অতুলনীয় অৱদানৰ বাবে ভাৰত চিৰকাল তেঁওৰ প্ৰতি কৃতজ্ঞ থাকিব। তেওঁ আছিল, এনে এক প্ৰভাৱশালী ব্যক্তিত্ব, যিয়ে প্ৰত্যেক ভাৰতীয়ই যাতে মৰ্যাদাৰে জীৱন-যাপন কৰিব পাৰে, সেয়া সুনিশ্চিত কৰিবলৈ নিজেক সম্পূৰ্ণভাৱে নিয়োজিত কৰিছিল। সুভাষ বাবুৱে তেওঁৰ পৰাক্ৰমী বিচক্ষণতা আৰু সাংগঠনিক দক্ষতাৰ বাবে সুবিদিত হৈছিল। আমি তেওঁৰ আদৰ্শ আৰু শক্তিশালী ভাৰত গঠনৰ স্বপ্ন পূৰণৰ বাবে অঙ্গীকাৰবদ্ধ”।

উচ্চস্তৰীয় এই কমিটিত বিশেষজ্ঞ, ঐতিহাসিক, লেখক, নেতাজী সুভাষ চন্দ্ৰ বসুৰ পাৰিবাৰিক সদস্যসকলৰ উপৰিও আজাদ হিন্দ ফৌজ/আইএনএৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলো থাকিব। এই কমিটিয়ে নেতাজী আৰু আজাদ হিন্দ ফৌজৰ সৈতে স্মৃতি বিজড়িত দিল্লী আৰু কলকাতাসহ দেশ-বিদেশৰ বিভিন্ন স্থানত জন্ম বাৰ্ষিকী উদযাপনেৰ বিষয়ে নীতি-নিৰ্দেশিকা প্ৰণয়ন কৰিব।

সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ অমূল্য পৰম্পৰা সংৰক্ষণত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনৰ ২৩ জানুৱাৰী মাহত নতুন দিল্লীৰ লালকিল্লাত নেতাজী নামাঙ্কিত এক সংগ্ৰহালয়ো উদ্বোধন কৰে। কলকাতাৰ ঐতিহাসিক স্মৃতিসৌধ ভিক্টোৰিয়া মেমোৰিয়েলত এক স্থায়ী প্ৰদৰ্শনীৰ লগতে লাইট এণ্ড ছাউণ্ড অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসু সম্পৰ্কীয় একাধিক ফাইল প্ৰকাশ কৰে। সেই বছৰৰে ৪ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ ৩৩ টা ফাইল প্ৰকাশ কৰা হয়। পিছৰ বছৰ অৰ্থাৎ ২০১৬ চনৰ ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে নেতাজী সম্পৰ্কীয় আৰু ১০০ টা ফাইলৰ ডিজিটেল কপি প্ৰকাশ কৰে। নেতাজী সুভাষ চন্দ্ৰ বসু সম্পৰ্কীয় গোপন এই ফাইলবোৰ প্ৰকাশৰ বিষয়টো সাধাৰণ মানুহৰ দীৰ্ঘদিনীয়া দাবী আছিল।

২০১৯ চনত আন্দামান ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা গঠিত অস্থায়ী আজাদ হিন্দ ফৌজৰ প্ৰতি শ্ৰদ্ধা জনাইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ প্ৰশাসনিক ক্ষমতা আছিল অস্থায়ী আজাদ হিন্দ ফৌজৰ হাতত। সেই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি বিনম্ৰ শ্ৰদ্ধা জনাই ৰসদ্বীপৰ নামকৰণ কৰে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ নামেৰে, নীল দ্বীপৰ নামকৰণ কৰে শ্বহীদ দ্বীপ আৰু হেভলক দ্বীপৰ নামকৰণ কৰে স্বৰাজ দ্বীপ হিচাপে।

 

***

NB/KP/RD



(Release ID: 1682601) Visitor Counter : 193