স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
‘দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মৰ্চা’(চিডিআৰআই) আৰু ‘ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ আশংকা প্ৰশমণ কাৰ্যালয়’(ইউএনডিআৰআৰ)ৰ অনুষ্ঠান সম্বোধন কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে
“বিস্তৃত পৰিসৰৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে সম্পাদন কৰা বহুমুখী গৱেষণাৰ পৰা আমি আমাৰ সামৰ্থ্যৰ পুনৰুদ্দেশীকৰণ সম্ভৱ কৰিছো। তাত্ক্ষণিক ভাবে আৰু বৰ্দ্ধিত সামৰ্থ্যৰে চিকিত্সালয় স্থাপন কৰিব পৰাকৈ আমি আমাৰ প্ৰতিৰক্ষা গৱেষণাৰ পুনৰুদ্দেশীকৰণৰ দিহা কৰিছো। প্ৰাক-মহামাৰী কালত ‘পিপিই’-ৰ আমদানীকৰোতা ভাৰত এতিয়া ‘পিপিই’-ৰ বৃহত্ ৰপ্টানীকৰোতা হৈ উঠিছে”
Posted On:
17 DEC 2020 8:05PM by PIB Guwahati
‘দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মৰ্চা’(চিডিআৰআই) আৰু ‘ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ আশংকা প্ৰশমণ কাৰ্যালয়’(ইউএনডিআৰআৰ)য়ে অনুষ্ঠিত কৰা এক অনুষ্ঠানত আজি ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। ‘বিল্ড বেক বেটাৰ : বিল্ডিং ৰিজেলিয়েণ্ট হেল্থ ইনফ্ৰাষ্ট্ৰাকশ্যাৰ এণ্ড ছাপ্লাই চেইন’ শীৰ্ষক প্ৰসংগত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।
স্বাস্থ্য আন্তঃগাঁথনি আৰু যোগান-শৃংখলক অধিক ফলপ্ৰসূ কৰি তোলাৰ বাবে প্ৰগতিশীল দৃষ্টিভংগী গ্ৰহণ কৰিব পৰাকৈ বিশেষজ্ঞ-মতামত আৰু দিহা-পৰামৰ্শ আহ্বানৰে এনে এক ৱে’বিনাৰৰ আয়োজন কৰা বাবে মন্ত্ৰীগৰাকীয়ে পোণতে ‘চিডিআৰআই’ আৰু ‘ইউএনডিআৰআৰ’-ৰ শলাগ লয়।
ভাষণ প্ৰসংগত ক’ভিড-পৰিস্থিতি চম্ভালাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে “প্ৰাদুৰ্ভৱৰ মুহূৰ্তৰ পৰা এই পৰ্যন্ত ক’ভিডে প্ৰায় এটা বছৰ সম্পূৰ্ণ কৰিলে। এতিয়ালৈ পৃথিৱীৰ বহু দেশত সংক্ৰমণৰ হাৰ বহু পৰিমাণে অৱনমিত হৈছে যদিও বহুবোৰ প্ৰান্তত কিন্তু ক’ভিডে দ্বিতীয় বা তৃতীয়বাৰৰ বাবে তাণ্ডৱ চলোৱাৰ অভিজ্ঞতাও হৈছে। সৌভাগ্যক্ৰমে ভাৰতত ইয়াৰ সংক্ৰমণৰ হাৰ দ্ৰুতগতিত অৱনমিত হৈছে। আমি ই সৃষ্টি কৰিব পৰা সংকট আগতেই অনুধাৱন কৰিছিলো আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে এক বিজ্ঞানসন্মত মনোভাৱেৰে আগবঢ়াৰ ৰণকৌশল যুগুতাইছিলো”।
মানৱতাৰ বিৰুদ্ধে উদ্ভৱ হোৱা অভুতপূৰ্ব সংকট প্ৰশমণৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয়, “সৰ্ব প্ৰথমে আমি তড়িত গতিৰে আমাৰ সামৰ্থ্য বৰ্দ্ধনৰ পদক্ষেপ লৈছিলো। ‘পিপিই কিট’ প্ৰস্তুত কৰাৰ পৰা আক্ৰান্তৰ নমুনা পৰীক্ষণৰ বাবে আন্তঃগাঁথনি নিৰ্মাণলৈ অথবা চিকিত্সালয়ৰ বিচনাৰ সংখ্যা বৰ্দ্ধনলৈ, আমি সমস্যাক সুক্ষ্ম বিশ্লেষণ কৰাৰ বিপৰীতে ইয়াৰ প্ৰশমণৰ বাবে আমাৰ সামৰ্থ্য সম্প্ৰসাৰিত কৰিবলৈ অনন্য দ্ৰুততাৰে কৰ্মত ব্ৰতী হৈছিলো”।
তেওঁ কয়, “বিস্তৃত পৰিসৰৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে সম্পাদন কৰা বহুমুখী গৱেষণাৰ পৰা আমি আমাৰ সামৰ্থ্যৰ পুনৰুদ্দেশীকৰণ সম্ভৱ কৰিছো। তাত্ক্ষণিক ভাবে আৰু বৰ্দ্ধিত সামৰ্থ্যৰে চিকিত্সালয় স্থাপন কৰিব পৰাকৈ আমি আমাৰ প্ৰতিৰক্ষা গৱেষণাৰ পুনৰুদ্দেশীকৰণৰ দিহা কৰিছো। প্ৰাক-মহামাৰী কালত পিপিই-ৰ আমদানীকৰোতা ভাৰত এতিয়া পিপিই-ৰ বৃহত্ ৰপ্টানীকৰোতা হৈ উঠিছে। মাত্ৰ কেইশমান নমুনা পৰীক্ষা কৰিব পৰা আমাৰ পৰীক্ষাগাৰসমূহৰ সামৰ্থ্য এতিয়া প্ৰতিদিনে ১০লাখৰো অধিক নমুনা পৰীক্ষা কৰিব পৰাকৈ গঢ়ি তুলিবলৈ সক্ষম হৈছো”। ভাৰতীয় গৱেষণা প্ৰতিষ্ঠানসমূহে প্ৰদৰ্শন কৰা ‘অনবদ্য দক্ষতাৰ নিৰ্দশনক কেৱল সংৰক্ষিত কৰাই নহয় বৰঞ্চ উদ্বুদ্ধ কৰাৰো প্ৰয়োজন আছে’ বুলি তেওঁ মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে ক’ভিড-ক নিৰস্ত্ৰ কৰাৰ বাবে বহুমুখী আৰু বহুস্তৰীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে।
প্ৰসংগক্ৰমে তেওঁ ৰোগৰ সংক্ৰমণৰ অনসৰণ, নিৰীক্ষণ তথা নিয়ন্ত্ৰণৰ বাবে ‘ডিজিটেল প্ৰযুক্তি’ৰ ব্যাপক সদ্ব্যৱহাৰৰো পোষকতা কৰে।
সামগ্ৰিকভাবে মানৱসমাজে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহক চিনাক্ত কৰি তাৰ নিয়ন্ত্ৰণ, প্ৰশমণ, নিৰস্ত্ৰকৰণেৰে সামগ্ৰিকভাবে মানৱ সমাজৰ এক কুশল ভৱিষ্যত সম্ভৱ কৰিব পৰাকৈ এক গোলকীয় চৰ্চাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা দোহাৰে ড০ বৰ্দ্ধনে।
****
MV/SJ/KB
(Release ID: 1681652)
Visitor Counter : 147