বিত্ত মন্ত্ৰালয়

বিত্তীয় স্থিৰতা আৰু উন্নয়ন পৰিষদৰ ২৩তম বৈঠকত অধ্যক্ষতা কৰিলে বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে

Posted On: 15 DEC 2020 5:03PM by PIB Guwahati

কেন্দ্রীয় বিত্তমন্ত্রী শ্রীমত নির্মলা সীতাৰমণৰ অধ্যক্ষতাত আজি ভিডি কনফাৰেন্সৰ জৰিয়তে বিত্তীয় সুস্থিৰতা আৰু উন্নয়ন পৰিষদ(এফএছডিচি)ৰ ২৩তম বৈঠক অনুষ্ঠিত হৈ যায়

 

ই বৈঠক বিত্ত মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী শ্রী অনুৰাগ সিং ঠাকু, বিত্ত সচিব ড অজয় ভূষণ পাণ্ডে, ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি বিভাগৰ সচিব শ্রী অজয় প্রকাশ সাহানি, অর্থনৈতিক সেৱা বিভাগৰ সচিব শ্রী দেৱাশীষ পাণ্ডা, কর্পৰেট পৰিক্ৰমা মন্ত্ৰায়ৰ ভাৰপ্ৰাপ্ত সচিব শ্রী তহিন কান্ত পাণ্ডে, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী তৰুণ বাজাজ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস, মুখ্য অৰ্থনৈতিক উপদেষ্টা ডঃ কৃষ্ণমূৰ্তি ভি সুব্ৰমণিয়াম সহ বিত্ত মন্ত্রালয়ৰ বিভিন্ন দপ্তৰৰ বিষয়াসকল উপস্থিত ছিল

 

সভাখনে দুৰ্বলতা সম্পৰ্কীয় বিষয়ৰ বিশেষ প্ৰসংগৰে মুখ্য সামগ্ৰিক বিকাশ আৰু বিত্তীয় স্থিৰতা বিষয়বোৰ (বিশ্বব্যাপী আৰু ঘৰুৱা) সমীক্ষা কৰে আৰু উল্লেখ কৰে যে ভাৰত চৰকাৰ আৰু বিত্তীয় খণ্ডৰ নিয়ামক কৰ্তৃপক্ষই গ্ৰহণ কৰা নীতি ব্যৱস্থাবোৰে ২০২০-২১ চনৰ কিউ২-ত জিডিপি হ্ৰাস হোৱা অনুসৰি ভাৰতত দ্ৰুত অৰ্থনৈতিক পুনৰুদ্ধাৰ নিশ্চিত কৰিছে। অৰ্থনীতিয়ে গতি লাভ কৰিছে আৰু পুনৰুদ্ধাৰৰ পথ আগতে ভৱিষ্যতবাণী কৰাতকৈ দ্ৰুত হ'ব। পৰিষদে ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰু অন্যান্য নিয়ামকসকলে দাখিল কৰা বাজেট প্ৰস্তাৱবোৰো আলোচনা কৰে।

 

মন কৰিবলগীয়া যে মধ্যম আৰু দীৰ্ঘম্যাদীৰ ক্ষেত্ৰত বিত্তীয় অভাৱ ৰক্ষা কৰিব পৰা বিত্তীয় পৰিস্থিতিৰ ওপৰত চৰকাৰ আৰু সকলো নিয়ামকসকলে নিৰন্তৰ সতৰ্কতা ৰখাৰ প্ৰয়োজনীয়তা আছে।

 

সভাই লণ্ডন ইণ্টাৰবেংক অফাৰ ৰেট (এলআইবিঅআৰ) আধাৰিত চুক্তিৰ মসৃণ পৰিৱৰ্তনত জড়িত প্ৰত্যাহ্বানবোৰৰ বিষয়ে আলোচনা কৰে আৰু উল্লেখ কৰে যে এই ক্ষেত্ৰত প্ৰাসংগিক অংশীদাৰী প্ৰতিষ্ঠান আৰু বিভাগসমূহক অন্তৰ্ভুক্ত কৰা এক বহুমুখী ৰণনীতিৰ প্ৰয়োজন।

 

 

পৰিষদে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ সভাপতিত্বত এফএছডিচি উপসমিতিয়ে কৰা কাৰ্যকলাপ আৰু আগতে এফএছডিচিৰ সিদ্ধান্তৰ ওপৰত সদস্যসকলে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰতো নজৰ দিয়ে

 

********

RM/KMN/KG



(Release ID: 1680980) Visitor Counter : 178