স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৩৪২খন জিলাৰে গঠিত প্ৰথম পৰ্যায়ৰ বিস্তাৰিত তথ্য প্ৰকাশ

শিশুৰ টিকাকৰণ, শিশুৰ সুক্ষ্ম পোষণতন্ত্ৰ, মাহেকীয়া স্বচ্ছতা, সুৰা আৰু ধুম্ৰপান ব্যৱহাৰৰ পৰিমাণ, অসংক্ৰামক ৰোগ, ১৫ বছৰ আৰু ততোধিক বয়সৰ সকলো লোকৰ মাজত উচ্চ ৰক্তচাপ আৰু মধুমেহ পৰিমাপৰ বাবে বয়সৰ সীমা বৃদ্ধি আদি ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ত অন্তৰ্ভুক্ত হৈছে

Posted On: 15 DEC 2020 12:00PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ১২ ডিচেম্বৰত ইউনিভাৰ্ছেল হেল্থ কভাৰেজ ডে উপলক্ষে ২২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২০১৯-২০ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ প্ৰথম পৰ্যায়ৰ বিস্তাৰিত তথ্য প্ৰকাশ কৰে। এই তথ্যত আছে জনসংখ্যা, প্ৰজনন আৰু শিশুৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, পুষ্টি আৰু আন কেইবাটাও দিশ।

মন্ত্ৰালয়ৰ ৱেবছাইট(www.mohfw.gov.in.)তএই ফলাফলসমূহ উপলব্ধ হৈছে।এই প্ৰথম পৰ্যায়ৰ ২২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হল অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, তেলেংগণা, ত্ৰিপুৰা, পশ্চিম বংগ, আন্দামান নিকোবৰ দ্বীপপুঞ্চ, দাদৰ আৰু নগৰ হাভেলী, দমন আৰু ডিউ, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু লক্ষদ্বীপ। বাকী থকা ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমীক্ষা অব্যাহত আছে। দ্বিতীয় পৰ্যাত এয়া প্ৰকাশ পাব।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ প্ৰধান উদ্দেশ্য হল স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু অন্যান্য জৰুৰী বিষয়ত বিশ্বাসযোগ্য আৰু তুলনাযোগ্য তথ্য প্ৰদান কৰা। ভাৰতত এতিয়ালৈকে চাৰিটা পৰ্যায়ৰ(১৯৯২-৯৩, ১৯৯৮-৯৯, ২০০৫-০৬ আৰু ২০১৫-১৬)ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় নডেল এজেন্সী মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান(আইআইপিএছ)-এ এই সকলো সমীক্ষা সম্পন্ন কৰিছে। পূৰ্বে স্বাস্থ্য মন্ত্ৰালয়ে নিজেই জিলা পৰ্যায়ৰ স্বাস্থ্য সমীক্ষা আৰু বাৰ্ষিক স্বাস্থ্য সমীক্ষা সম্পন্ন কৰিছিল।

১৩১টা মুখ্য সূচকৰ তথ্য সামৰি ৰাজ্যিক ফেক্টশ্বীট প্ৰকাশ পাইছে। প্ৰথম পৰ্যায়ত ৩৪২খন জিলাৰে গঠিত জিলা পৰ্যায়ৰ ফেক্টশ্বীট যোৱা ১৪ ডিচেম্বৰ,২০২০ত মন্ত্ৰালয়ৰ ৱেবছাইটত আপলোড কৰা হৈছে। ১০৪টা মুখ্য সূচকৰ তথ্য ইয়াত সন্নিবিষ্ট কৰা হৈছে। জনসংখ্যা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পুষ্টি আৰু আন গুৰুত্বপূৰ্ণ সূচকসমূহে দেশৰ বহনক্ষম উন্নয়নমূলক লক্ষ্য(এছডিজি)ৰ প্ৰগতি নিৰ্ধাৰণত সহায় কৰিব। শিশুৰ টিকাকৰণ, শিশুৰ সুক্ষ্ম পোষণতন্ত্ৰ, মাহেকীয়া স্বচ্ছতা, সুৰা আৰু ধুম্ৰপান ব্যৱহাৰৰ পৰিমাণ, অসংক্ৰামক ৰোগ, ১৫ বছৰ আৰু ততোধিক বয়সৰ সকলো লোকৰ মাজত উচ্চ ৰক্তচাপ আৰু মধুমেহ পৰিমাপৰ বাবে বয়সৰ সীমা বৃদ্ধি আদিৰ দৰে নতুন দিশসমূহ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ত অন্তৰ্ভুক্ত হৈছে

১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত যোৱা জানুৱাৰী,২০২০ত ফিল্ডৱৰ্ক মুকলি কৰা হৈছিল। লকডাউন আৰম্ভ হোৱাৰ সময়ত(মাৰ্চ,২০২০ৰ অন্তিম সময়ছোৱা)এই ৰাজ্যসমূহৰ প্ৰায় ৩৮ শতাংশ ফিল্ডৱৰ্ক সম্পূৰ্ণ হৈছিল। লকডাউন শিথিল হোৱাৰ পাছত নৱেম্বৰৰ মাজভাগৰ পৰা ফিল্ডৱৰ্ক পুনৰ আৰম্ভ হয়। ফিল্ডৱৰ্ক ফেব্ৰুৱাৰী/মাৰ্চ,২০২১ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্যসমূহ মে,২০২১ত উপলব্ধ হব।

 

****

MV/SJ/MS



(Release ID: 1680979) Visitor Counter : 225