বিত্ত মন্ত্ৰালয়

জিএছটি-ৰ ঘাটি পূৰণ কৰিবলৈ ৰাজ্যবোৰক সপ্তম পৰ্বত ৬ হাজাৰ কোটি টকাৰ ঋণ দিয়া হৈছে

আটাইকেইখন ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চললৈ মুঠ ৪২,০০০ কোটি টকা মোকলাই দিয়া হৈছে

ৰাজ্যসমূহলৈ অনুমোদিত অতিৰিক্ত ১,০৬,৮৩০ কোটি টকাৰ ওপৰিঞ্চি ধন এয়া

Posted On: 14 DEC 2020 4:44PM by PIB Guwahati

জিএছটিৰ ঘাটি পূৰণ কৰিবলৈ ৰাজ্যবোৰক সপ্তম সপ্তাহৰ কিস্তিৰ ৬ হাজাৰ কোটি টকাৰ ঋণৰ ধন দিয়া হৈছে। ইয়াৰ ভিতৰত  ২৩ খন ৰাজ্যক ৫৫১৬.৬ কোটি টকা দিয়া হৈছে। দিল্লী, জম্মু-কাশ্মীৰ আৰু পণ্ডীচেৰী- এই তিনখন কেন্দ্ৰশাসিত অঞ্চল, যাৰ বিধানসভা আছে আৰু যি জিএছটি পৰিষদৰো সদস্য তেওঁলোকক ৪৮৩.৪ কোটি টকাকৈ দিয়া হৈছে। অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ জিএছটি ঘাটি নাই। 
 
কেন্দ্ৰই অক্টোবৰ মাহত জিএছটি-ৰ ১.১ লাখ কোটি টকাৰ ৰাজহ ঘাটি পূৰণ কৰিবলৈ বিশেষ ঋণদান প্ৰকল্পৰ ব্যৱস্থা কৰিছে। ইয়াৰ মাধ্যমেৰে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰৰ বাবে ধন ধাৰ হিচাপে গ্ৰহণ কৰিব। ইতিমধ্যে ৭ টা পৰ্যায়ত ঋণ দিয়া হৈছে- ২৩ অক্টোবৰ, ২ নৱেম্বৰ, ৯ নৱেম্বৰ, ২৩ নৱেম্বৰ, ১ ডিচেম্বৰ, ৭ ডিচেম্বৰ আৰু ১৪ ডিচেম্বৰ। ৰাজ্যসমূহৰ বাবে এই সপ্তাহত সপ্তম কিস্তিৰ ধন দিয়া হ’ল। এই ঋণৰ সুদৰ হাৰ হৈছে ৫.১৩৪৮ শতাংশ। কেন্দ্ৰই এই পৰ্যন্ত এই ব্যৱস্থাপনাৰে ৪.৭৭১২ শতাংশ হাৰৰ সুদত মুঠ ৪২ হাজাৰ কোটি টকা ঋণ প্ৰদান কৰিছে।  
 
এই বিশেষ ঋণ প্ৰকল্পৰ সমান্তৰালকৈ জিএছটিৰ ঘাটি পূৰণ কৰিবলৈ কেন্দ্ৰই ৰাজ্যবোৰক সেইবোৰৰ মুঠ আভ্যন্তৰীণ উৎপাদনৰ ০.৫ শতাংশ হাৰত ঋণ গ্ৰহণৰ অনুমতি দিছে। এই ব্যৱস্থাপনাক বিকল্প-১ বুলি ধৰা হৈছে। আটাইকেইখন ৰাজ্যই বিকল্প -১ ব্যৱস্থাৰ পৰা ঋণ গ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ ফলত ২৮ খন ৰাজ্যই ইয়াৰ মুঠ আভ্যন্তৰীণ উপাদনৰ ০.৫ শতাংশ হাৰে ১,০৬,৮৩০ কোটি টকা ঋণ গ্ৰহণৰ অনুমতি লাভ কৰিছে। ইয়াৰ মাজতে পশ্চিমবঙ্গই বিকল্প-১ ৰ পৰা ৬৭৮৭ কোটি টকা আৰু বিশেষ ঋণদান ব্যৱস্থাৰ পৰা ৭৩৪.৬৮ কোটি টকা, ত্ৰিপুৰাই বিকল্প-১ ৰ পৰা ২৯৭ কোটি টকা আৰু বিশেষ ঋণদান ব্যৱস্থাৰ পৰা ১০৩.৫ কোটি টকা গ্ৰহণ কৰিছে। আনহাতে, অসমে বিকল্প-১ ৰ পৰা ১৮৬৯ কোটি টকা আৰু বিশেষ ঋণদান ব্যৱস্থাৰ পৰা ৪৫৪.৩৬ কোটি টকা ঋণ গ্ৰহণ কৰিছে।   

(কোটিত)

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চল

ৰাজ্য সমূহলৈ অনুমোদিত অতিৰিক্ত ০.৫০ শতাংশ আহৰণ

বিশেষ ঋণ দান ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা ধনৰ পৰিমাণ

1

অন্ধ্ৰপ্ৰদেশ

5051

1055.79

2

অৰুণাচল প্ৰদেশ*

143

0.00

3

অসম

1869

454.36

4

বিহাৰ

3231

1783.74

5

চট্টিশগড়

1792

338.52

6

গোৱা

446

383.66

7

গুজৰাট

8704

4212.94

8

হাৰিয়ানা

4293

1988.26

9

হিমাচল প্ৰদেশ

877

784.43

10

ঝাৰখণ্ড

1765

183.90

11

কৰ্ণাটক

9018

5668.31

12

কেৰালা

4,522

956.04

13

মধ্য প্ৰদেশ

4746

2075.07

14

মহাৰাষ্ট্ৰ

15394

5472.11

15

মণিপুৰ*

151

0.00

16

মেঘালয়

194

51.09

17

মিজোৰাম*

132

0.00

18

নাগালেণ্ড*

157

0.00

19

ওড়িশা

2858

1746.13

20

পঞ্জাৱ

3033

1385.96

21

ৰাজস্থান

5462

1408.42

22

ছিকিম*

156

0.00

23

তামিলনাডু

9627

2851.46

24

তেলেংগানা

5017

559.02

25

ত্ৰিপুৰা

297

103.50

26

উত্তৰ প্ৰদেশ

9703

2744.29

27

উত্তৰাখণ্ড

1405

1058.28

28

পশ্চিম বঙ্গ

6787

734.68

 

মুঠ (A):

106830

37999.96

1

দিল্লী

প্ৰযোজ্যনহয়

2679.39

2

জম্মু-কাশ্মীৰ

প্ৰযোজ্যনহয়

1037.91

3

পণ্ডীচেৰী

প্ৰযোজ্যনহয়

282.74

 

মুঠ (B):

প্ৰযোজ্যনহয়

4000.04

 

সৰ্বমুঠ (A+B)

106830

42000.00

* এই কেইখন ৰাজ্যৰ জিএছটি ঘাটি নাই

 

***********

RM/KMN/RD



(Release ID: 1680710) Visitor Counter : 119