ৰেল মন্ত্ৰালয়

ৰে’লৰ মাণ্ডলিক কাৰ্যালয়ক ‘কেৱল’ ছাব-আৰ্বান আৰু কেতবোৰ মণ্ডলত চলোৱা সীমিত সংখ্যক স্থানীয় যাত্ৰীবাহী ৰে’লৰ বাবে অ-সংৰক্ষিত শ্ৰেণীৰ টিকট বিতৰণৰ অনুমতি

‘ফেষ্টিভেল স্পেচিয়েল’ আৰু ‘ক্ল’ন স্পেচিয়েল’কে ধৰি সকলো এক্সপ্ৰেছ ৰে’লৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকা ‘কেৱল সংৰক্ষিত’ নীতিৰ এই পৰ্যন্ত কোনোধৰণৰ সাল-সলনি কৰা হোৱা নাই

পৰৱৰ্তি সময়ত কৰিব খোজা যিকোনো ধৰণৰ পৰিৱৰ্তন সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষকে সময়ে সময়ে অৱগত কৰাৰ দিহা কৰা হ’ব

Posted On: 13 DEC 2020 4:48PM by PIB Guwahati

অসংৰক্ষিত শ্ৰেণীৰ টিকট বিতৰণ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত কেতবোৰ বাতৰি প্ৰকাশিত হোৱা পৰিলক্ষিত হৈছে। সেয়ে, সকলোৰে দিক-দৰ্শনৰ বাবে এই তথ্য প্ৰকাশ কৰা হল-

ফেষ্টিভেল স্পেচিয়েল আৰু ক্লন স্পেচিয়েলকে ধৰি সকলো এক্সপ্ৰেছ ৰেলগাড়ীৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকা কেৱল সংৰক্ষিত নীতিৰ এই পৰ্যন্ত কোনোধৰণৰ সাল-সলনি কৰা হোৱা নাই।

সেইদৰে, পৰৱৰ্তি নিৰ্দেশনা নিদিয়া পৰ্যন্ত বৰ্তমানৰ ফেষ্টিভেল স্পেচিয়েল’/’হলিডে স্পেচিয়েল, ক্লন স্পেচিয়েলকে ধৰি সকলোবোৰ এক্সপ্ৰেছ ৰেলগাড়ী সম্পূৰ্ণ ভাবে কেৱল সংৰক্ষিত নীতি(আজিৰ তাৰিখৰ দৰেই)ৰ আধাৰতে, দ্বিতীয় শ্ৰেণীৰ লগতে এছএলআৰ-ৰ যাত্ৰীবাহী অংশৰ বাবেও সংৰক্ষিত টিকটৰ আৱণ্টন দি চলাচল কৰোৱা হব।

ৰেলৰ মাণ্ডলিক কাৰ্যালয়সমূহক কেৱল’ ‘ছাব-আৰ্বান আৰু কেতবোৰ মণ্ডলত চলোৱা সীমিত সংখ্যক স্থানীয় যাত্ৰীবাহী ৰেলগাড়ীৰ বাবে অ-সংৰক্ষিত শ্ৰেণীৰ টিকট আবণ্টনৰ অনুমতি প্ৰদান কৰা হৈছে।

 

ভিড-কালৰ পৰিপ্ৰেক্ষিতত ৰেলগাড়ীৰ চলাচল, ভ্ৰমণৰ বিধি-নিয়ম আৰু সংৰক্ষণ বিধি আদি সঘনাই সলনি কৰি থাকিবলগীয়া হৈছিল। পৰৱৰ্তি সময়ত কৰিব খোজা যিকোনো ধৰণৰ পৰিৱৰ্তন সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষকে সময়ে সময়ে অৱগত কৰাৰ দিহা কৰা হব।

 

***

DJN/MKV/KB



(Release ID: 1680498) Visitor Counter : 123