প্ৰতিৰক্ষা মন্ত্ৰালয়

৫.৫৬ x ৩০ মিলিমিটাৰ যুটীয়া উদ্যোগ সুৰক্ষাদায়ক কার্বাইন(জেভিপিচি) ৰ সফল পৰীক্ষণ

পোষ্ট কৰা হৈছে: 10 DEC 2020 3:32PM by PIB Guwahati

প্রতিৰক্ষা উন্নয়ন আৰু গৱেষণা সংস্থা (ডিআৰডিঅ’)ই ৫.৫৬ x ৩০ মিলিমিটাৰৰ সুৰক্ষা প্ৰদানকাৰী কার্বাইন উদ্ভাৱন কৰি উলিয়াইছে।

 

৭ ডিচেম্বৰত চূড়ান্ত পর্যায়ত এই কার্বাইনটোৰ সফল পৰীক্ষা কৰা হয়। এয়া আছিল এক শৃংখলাবদ্ধ পৰীক্ষাৰ অন্তিম পৰীক্ষণ যি গ্ৰীষ্মকালত অত্যাধিক তাপমাত্ৰা অৱস্থাত আৰু শীতকালত উচ্চ উচ্চতাত সম্পন্ন কৰা হৈছে। এই কার্বাইনটি আধা স্বয়ংক্রিয় অস্ত্রৰ সহায়ত ব্যৱহাৰ কৰা হয়। এই ধৰণৰ অস্ত্র গেছৰ মাধ্যমেৰে চলোৱা হয়। ভাৰতীয় সেনাবাহিনীৰ পুণেৰ আগ্নেয়াস্ত্র গৱেষণা আৰু উন্নয়ন সংস্থাই

এই কার্বাইনটি উদ্ভাৱন কৰিছে। অস্ত্রবিধ কাণপুৰৰ স্মল আর্মছ ফেক্টৰিৰ পৰা আৰু পুণেৰ এমুনিশ্যন ফেক্টৰিৰ পৰা ইয়াৰ গোলা বাৰুদ তৈয়াৰ কৰা হৈছে।

 

এই যন্ত্রটি কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ বিভিন্ন বাহিনীয়ে ব্যৱহাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। প্রতিৰক্ষামন্ত্রী শ্রী ৰাজনাথ সিঙে এইবছৰ লক্ষ্নৌত অনুষ্ঠিত   ডেফ এক্সপো-২০২০ত এই কার্বাইনটোৰ ব্যৱহাৰৰ শুভাৰম্ভ কৰিছিল। ডিআৰডিঅ’ৰ অধ্যক্ষ ডঃ সতীশ

ৰেড্ডিয়ে এই কার্বাইনটোৰ উদ্ভাৱন আৰু উৎপাদনৰ বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জ্ঞাপন কৰে।

   

 *******

ABB/Nampi/KA/Rajib/KG


(ৰিলিজ আই ডি : 1679916) অতিথি কক্ষ : 348
ত এই ৰিলিজটো পঢ়ক: Urdu , Marathi , हिन्दी , Punjabi , English , Bengali , Tamil