বিত্ত মন্ত্ৰালয়

অসমত আয় কৰ বিভাগৰ অভিযান

Posted On: 07 DEC 2020 7:17PM by PIB Guwahati

অসমৰ এটা আগশাৰীৰ কয়লা ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে উথ্থাপিত গোচৰৰ পম খেদি যোৱা ৪ ডিচেম্বৰ ২০২০ তাৰিখে আয় কৰ বিভাগে এক অভিযান চলায়। গোচৰটো সন্দৰ্ভত গুৱাহাটী, ডিগবৈ, মাৰ্ঘেৰিটা আৰু দিল্লীৰ ২১টা স্থানত বিভাগীয় অনুসন্ধান আৰু সমীক্ষাত্মক অভিযান চলোৱা হয়।

প্ৰণিধানযোগ্য যে, লাভৰ প্ৰকৃত পৰিমাণ লুকুওৱাৰ উদ্দেশ্যে কলকাতাস্থিত একাংশ শ্বেল কোম্পানীৰ জৰিয়তে ২৩ কোটি আৰু ৬২ কোটি টকাৰ ক্ৰমে অবাস্তৱ অংশীদাৰী মূলধন তথা অসুৰক্ষিত ঋণ গ্ৰহণৰ ভুৱা তথ্য প্ৰদৰ্শন কৰা বুলি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মূল অভিযোগ উথ্থাপন হৈছে।

প্ৰতিষ্ঠানটোৱে হিচাপ বহিৰ্ভুতভাবে বৃহত্ পৰিমাণৰ লেন-দেন কৰাৰ তথ্য অভিযানৰ সময়ত পোহৰলৈ আহিছে। নগদ ধনৰ লেন-দেন সম্পৰ্কীয় হাতে লিখা বহু নথী-পত্ৰৰ উপৰি ডায়েৰী উদ্ধাৰ কৰিছে অভযানকাৰী দলে। কেউটা স্থানৰ পৰা উদ্ধাৰ হোৱা তথ্যই স্পষ্ট কৰা মতে হিচাপ বহিৰ্ভুত ভাবে কৰা লেনদেনৰ পৰিমাণ ১৫০ কোটি টকা মান হৈছেগৈ। ইয়াৰে ১০০ কোটিৰো অধিক টকাৰ লেন-দেনে আয় কৰ আইন, ১৯৬১ৰ বহুবোৰ দফা উলংঘা কৰাৰ তথ্য পোহৰলৈ আহিছে।

ইফালে ১০ কোটিৰো অধিক টকাৰ নগদ লেনদেন, পৰ্যাপ্ত ব্যাখ্যা বিহীন ৭ কোটিৰো অধিক মূল্যৰ ষ্টক ডিফাৰেন্সৰ তথ্যও উদ্ঘাটিত হৈছে।

এই সন্দৰ্ভত অভিযান অব্যাহত ৰখা হৈছে।

****

RM/KMN/KB



(Release ID: 1679015) Visitor Counter : 86