বিত্ত মন্ত্ৰালয়

ঝাৰখণ্ডৰ বাহিৰে দেশৰ সকলো ৰাজ্যই ‘জিএছটি’ ৰূপায়ণত হোৱা ঘাটি পূৰণৰ বাবে পচন্দ কৰিলে ‘বিকল্প

‘বিকল্প-১’ গ্ৰহণ কৰা অন্তিমখন ৰাজ্য হ’ল চত্তিশগড়

‘জিএছটি’ ৰূপায়ণ ঘাটি পূৰণ কৰিব পৰাকৈ বিশেষ ঋণ ব্যৱস্থাৰ জৰিয়তে ৩,১০৯ কোটি টকা লাভ কৰিব চত্তিশগড়ে

চত্তিশগড়লৈ অতিৰিক্ত ভাবে ১,৭৯২ কোটি টকাৰ ঋণ মোকলাই দিয়াৰ অনুমোদনো প্ৰদান কৰা হৈছে

Posted On: 03 DEC 2020 10:03AM by PIB Guwahati

জিএছটি ৰূপায়ণ কৰিবলৈ যাওতে হোৱা ৰাজহৰ ঘাটি পূৰণৰ বাবে বিকল্প-১ গ্ৰহণ কৰাৰ ইচ্ছা অৱগত কৰিছে চত্তিশগড়ে। ইয়াকে ধৰি বিকল্প-১ৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ৰাজ্যৰ সংখ্যা ২৭খনলৈ বৃদ্ধি পালে। এই মুহূৰ্তত ঝাৰখণ্ডৰ বাহিৰে দেশৰ ২৭খন ৰাজ্য আৰু বিধানসভা যুক্ত তিনিওখন কেন্দ্ৰীয় শাসিত অঞ্চলে বিকল্প-১ গ্ৰহণৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিলে।

বিকল্প-১ পচন্দ কৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে জিএছটি ৰূপায়ণৰ বেলিকা সন্মুখীন হোৱা ঘাটি পূৰণ কৰিব পৰাকৈ ভাৰত চৰকাৰে আগবঢ়োৱা বিশেষ ঋণৰ সুবিধা লাভ কৰিব। ২০২০ৰ ২৩অক্টোবৰৰ পৰা এই ঋণদানৰ ব্যৱস্থা কাৰ্যান্বিত কৰা হৈছে আৰু ৰাজ্যসমূহৰ হৈ পাঁচোটা কিস্তিত ভাৰত চৰকাৰে ইতিমধ্যে ৩০,০০০কোটি টকা ধাৰে লৈছে আৰু বিকল্প-১ গ্ৰহণ কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছে। বিশেষ ব্যৱস্থাৰে ধাৰে লোৱা পুঁজিৰ ধন যোৱা ২৩ অক্টোবৰ ২০২০, ২ নৱেম্বৰ ২০২০, ৯ নৱেম্বৰ ২০২০, ২৩ নৱেম্বৰ ২০২০ আৰু ১ ডিচেম্বৰ ২০২০ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মোকলাই দিয়া হৈছে। পৰৱৰ্তি পৰ্যায়ত চত্তিশগড়েও পুঁজি আদায় পাব।

বিকল্প-১-ৰ চৰ্তৰ আধাৰত জিএছটি ৰূপায়ণত হোৱা ঘাটি পূৰণৰ বাবে বিশেষ ব্যৱস্থাৰে ঋণৰ সুবিধা লাভ কৰাৰ উপৰি ৰাজ্যসমূহে যোৱা ১৭ মে,২০২০ তাৰিখে ভাৰত চৰকাৰে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত অনুমোদন জনোৱা ২% অতিৰিক্ত ঋণৰ পৰা ৰাজ্যৰ সৰ্বমুঠ ঘৰুৱা উত্পাদন(জিএছডিপি)ৰ ০.৫০% চূড়ান্ত কিস্তি ধাৰে লোৱাৰ বাবে নিঃচৰ্ত অনুমোদনো লাভ কৰিব। এয়া বিশেষ ব্যৱস্থাৰে আগবঢ়োৱা ১.১ লাখ কোটি টকাৰ অতিৰিক্ত হব। বিকল্প-১ গ্ৰহণ কৰাৰ পিচত চত্তিশগড়লৈ ১,৭৯২ কোটি টকা(চত্তিশগড়ৰ জিএছডিপি-ৰ ০.৫০%) ধাৰে লোৱাৰ বাবে ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰিছে।

দেশৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অতিৰিক্ত ঋণৰ অনুমোদন লাভ কৰিছে আৰু এই ধন মোকলাই দিয়া হৈছে।

২-১২-২০২০ পৰ্যন্ত জিএছডিপি-ৰ ০.৫০% পৰিমাণে অতিৰিক্ত ঋণ লাভ কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা

 (কোটি টকা হিচাপত)

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

জিএছডিপি-ৰ ০.৫০% পৰিমাণে অতিৰিক্ত ঋণ

বিশেষ ব্যৱস্থাৰে ঋণৰ

পৰিমাণ

1

অন্ধ্ৰ প্ৰদেশ

5051

804.15

2

অৰুণাচল প্ৰদেশ*

143

0.00

3

অসম

1869

346.12

4

বিহাৰ

3231

1358.54

5

চত্তিশগড় #

1792

0.00

6

গোৱা

446

292.20

7

গুজৰাট

8704

3208.80

8

হাৰিয়াণা

4293

1514.40

9

হিমাচল প্ৰদেশ

877

597.47

10

কৰ্ণাটক

9018

4317.39

11

কেৰালা

4,522

328.20

12

মধ্য প্ৰদেশ

4746

1580.51

13

মহাৰাষ্ট্ৰ

15394

4167.99

14

মণিপুৰ*

151

0.00

15

মেঘালয়

194

38.89

16

মিজোৰাম*

132

0.00

17

নাগালেণ্ড*

157

0.00

18

ওড়িশা

2858

1329.97

19

পাঞ্জাৱ

3033

475.80

20

ৰাজস্থান

5462

907.12

21

ছিক্কিম*

156

0.00

22

তামিল নাডু

9627

2171.90

23

তেলেংগাণা

5017

299.88

24

ত্ৰিপুৰা

297

78.90

25

উত্তৰ প্ৰদেশ

9703

2090.21

26

উত্তৰাখণ্ড

1405

806.10

27

প্শ্চিম বংগ

6787

252.22

 

মুঠ(ক):

105065

26966.76

1

দিল্লী

প্ৰযোজ্য নহয়

2040.77

2

জম্মু আৰু কাশ্মীৰ

প্ৰযোজ্য নহয়

790.53

3

পুডুচেৰী

প্ৰযোজ্য নহয়

201.94

 

মুঠ(খ):

প্ৰযোজ্য নহয়

3033.24

 

সৰ্ব মুঠ (+)

105065

30000.00

* These States have ‘NIL’ GST compensation gap

# Funds will be released starting after next round of borrowing.

RM/KMN/KB



(Release ID: 1678175) Visitor Counter : 128