বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

অনাগত দিনত পানীৰ নাটনিৰ সমস্যা আঁতৰাবলৈ নিৰ্গত পানীৰ পৰিশোধন অত্যাৱশ্যকীয় হৈ উঠিব : ড০ হৰ্ষ বৰ্দ্ধন

সমগ্ৰ দেশতে ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্গত পানীৰ পৰিশোধন প্ৰযুক্তিৰ উত্তৰণ সাধন কৰাত মনোনিৱেশ কৰিবলৈ বিজ্ঞানীসমাজক আহ্বান ড০ হৰ্ষ বৰ্দ্ধনৰ

পুনেত নাগপুৰৰ ‘চিএছআইআৰ-এনইইআৰআই’ আৰু ‘চিএছআইআৰ-এনচিএল’-য়ে বিকশিত কৰা পৰিৱেশ-অনুকূল আৰু পাৰদৰ্শী ‘ফাইট্ৰইড প্ৰযুক্তি’ৰ নিৰ্গত পানীৰ পৰিশোধন প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা

‘ফাইট্ৰইড প্ৰযুক্তি’ হ’ল প্ৰকৃতিক জলাশয়ৰ সিদ্ধান্তৰে কৰ্ম সম্পাদন কৰা এক স্ব-বহণক্ষম অপ-জল পৰিশোধনকাৰী প্ৰযুক্তি

Posted On: 02 DEC 2020 6:47PM by PIB Guwahati

অনাগত দিনত আহিব পৰা পানীৰ নাটনিৰ সমস্যা আঁতৰাবলৈ নলী-নিৰ্গত পানীৰ পৰিশোধন অত্যাৱশ্যকীয় হৈ উঠিব। এই অভিমত প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি, ধৰিত্ৰী বিজ্ঞান আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। এই প্ৰসংগত মন্তব্য কৰি তেওঁ সমগ্ৰ দেশতে ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্গত পানীৰ পৰিশোধন প্ৰযুক্তিৰ উত্তৰণ সাধন কৰাত মনোনিৱেশ কৰিবলৈ ‘কাউন্সিল ফৰ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ’(চিএছআইআৰ)ৰ বিজ্ঞানীসমাজক আহ্বান জনায়।

মন্ত্ৰী ড০ বৰ্দ্ধনে আজি পুনেৰ ‘চিএছআইআৰ-নেশ্যনেল কেমিকেল লেব’ৰেটৰী’(এনচিএল)ত নাগপুৰৰ ‘চিএছআইআৰ-নেশ্যনেল এনভাৰ্ণমেণ্টেল ইঞ্জিনীয়েৰিং ৰিছাৰ্চ ইনষ্টিটিউট’(এনইইআৰআই) আৰু ‘চিএছআইআৰ-নেশ্যনেল কেমিকেল লেবৰেটৰী’(এনচিএল)-য়ে বিকশিত কৰা পৰিৱেশ-অনুকূল আৰু পাৰদৰ্শী ‘ফাইট্ৰইড প্ৰযুক্তি’ৰে নিৰ্গত পানীৰ এটা পৰিশোধন প্ৰকল্পৰ ‘ভাৰ্চুৱেল’ মাধ্যমেৰে শুভাৰম্ভ ঘোষণা কৰি দিয়া ভাষণত এই আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে ‘ফাইট্ৰইড প্ৰযুক্তি’ৰ ব্যৱহাৰ কৰি অপ-জল পৰিশোধনৰ দিহা কৰাৰ বাবে বিজ্ঞানীসকলক প্ৰশংসা কৰি কয় যে এইবিধ প্ৰযুক্তিয়ে প্ৰাকৃতিক জলাশয়ৰ সিদ্ধান্তৰে কৰ্ম সম্পাদন কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা পৰিশোধিত পানী খোৱা পানী হিচাপে ব্যৱহাৰকে ধৰি অন্যন্য বহু কামত ব্যৱহাৰ কৰিব পৰা যাব। তেওঁ আজিৰ কাৰ্যক্ৰমক প্ৰযুক্তিক বৃহত্তৰ ব্যৱহাৰৰ বাবে আগবঢ়াই নিয়াৰ পণ লোৱাৰ অনুষ্ঠান হিচাপে গণ্য কৰাতো গুৰুত্ব আৰোপ কৰে।

 

*****

NB/KGS/KB



(Release ID: 1677937) Visitor Counter : 101