ভুবিজ্ঞান মন্ত্ৰালয়

দক্ষিণ-পশ্চিম বঙ্গোপসাগৰৰ ওপৰত অৱস্থিত ঘূৰ্ণিবতাহ

‘বুৰেভি’ (দক্ষিণ তামিলনাডু আৰু দক্ষিণ কেৰেলা উপকূল অঞ্চলত ঘূৰ্ণিবতাহৰ সতৰ্কতা : য়েল্লো সতৰ্কতা)

Posted On: 02 DEC 2020 9:37AM by PIB Guwahati

ভাৰতীয় জলবায়ু দপ্তৰৰ ঘূৰ্ণিবতাহ সতৰ্কীকৰণ বিভাগৰ তথ্য অনুযায়ী, দক্ষিণ-পশ্চিম বঙ্গোপসাগৰৰ ওপৰত অৱস্থিত ঘূৰ্ণিবতাহ ‘বুৰেভি’ ঘন্টাত ১৫ কিলোমিটাৰ গতিবেগেৰে পশ্চিম-উত্তৰ পশ্চিম অভিমুখে অগ্ৰসৰ হৈ আজি বিয়লি চাৰে পাঁচটাৰ সময়ছোৱাত অৱস্থান আছিল শ্ৰীলংকাৰ ত্ৰিংকোমালিৰ পৰা প্ৰায় ২৪০ কিলোমিটাৰ পূৱ-দক্ষিণ পূৱত, ভাৰতৰ পাম্বানৰ পৰা ৪৭০ কিলোমিটাৰ পূৱে - দক্ষিণ পূৱে আৰু কন্যাকুমাৰীৰ পৰা প্ৰায় ৬৫০ কিলোমিটাৰ পূৱ-উত্তৰ পূৱে।

ঘূৰ্ণিবতাহ বুৰেভি আগন্তুক ১২ ঘন্টাত আৰু ঘণীভূত হৈ পশ্চিম-উত্তৰ পশ্চিম অভিমুখে অগ্ৰসৰ হ’ব আৰু ২ ডিচেম্বৰত সামূদ্ৰিক ঘূৰ্ণিবতাহ হিচাপে বুৰেভিয়ে সন্ধ্যা-ৰাতিৰ ফালে উত্তৰ ত্ৰিংকোমালিৰ ওচৰে পাজৰে স্থলভূমিত প্ৰৱেশ কৰিব। স্থলভূমিত প্ৰৱেশৰ সময়ত এই ঘূৰ্ণিবতাহৰ ঘন্টাত গতিবেগ হ’ব ৮০-৯০ কিলোমিটাৰ। কিছু কিছু সময়ত ই ঘন্টাত ১০০ কিলোমিটাৰ বেগেৰেও আহিব পাৰে। ইয়াৰ পিছত, ঘূৰ্ণিবতাহজাক আৰু পশ্চিম – উত্তৰ পশ্চিম অভিমুখে অগ্ৰসৰ হ’ব পাৰে। ইয়াৰ পিছতে, ই মান্নাৰ উপসাগৰ আৰু সংলগ্ন কোমোৰিন এলেকাত আগন্তুক ৩ ডিচেম্বৰৰ পুৱা নাগাড়লৈ যাব পাৰে।

এই ঘূৰ্ণিবতাহৰ প্ৰভাৱত আজি আৰু কাইলৈ দক্ষিণ তামিলনাডুৰ একাধিক এলেকাত অতিপাত বৃষ্টিপাতৰ সম্ভাৱনা আছে। আনকি, ৩ ডিচেম্বৰত দক্ষিণ কেৰেলাৰ তিৰুৱনন্তপুৰম, কোল্লাম, আলাপ্পুজাহৰ উপৰিও একাধিক স্থানত বিক্ষপ্তভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণিবতাহৰ প্ৰভাৱত উত্তৰ তামিলনাডু, পণ্ডীচেৰী, মাহে আৰু কাৰাইকলসহ উত্তৰ কেৰেলাৰ বিভিন্ন এলেকাত ৪ ডিচেম্বৰ পৰ্যন্ত বিক্ষিপ্তভাৱে কোনো কোনো অঞ্চলত অতিবৃষ্টিৰ সম্ভাৱনা আছে। দক্ষিণ অন্ধ্ৰ উপকূলত আজি আৰু কালি আৰু লাক্ষাদ্বীপে ৩ আৰু ৪ তাৰিখত বিক্ষিপ্তভাৱে কোনো কোনো অঞ্চলত অতিবৃষ্টিৰ পূৰ্বাভাষ আছে।

দক্ষিণ তামিলনাডুৰ বিভিন্ন এলেকাত কালি অতিবৃষ্টিৰ পূৰ্বাভাষ থকা বাবে জলবায়ু দপ্তৰে ৰঙা সতৰ্কতা জাৰি কৰিছে। দক্ষিণ কেৰেলাৰ বাবেও ৰঙা সতৰ্কতা জাৰি কৰা হৈছে। দক্ষিণ অন্ধ্ৰ উপকূল আৰু লাক্ষাদ্বীপত ধাৰাষাৰ বৃষ্টিপাতৰ পূৰ্বাভাষ থকাত আজিৰে পৰা ৪ তাৰিখ পৰ্যন্ত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও, উত্তৰ আৰু দক্ষিণ কেৰেলা, উত্তৰ তামিলনাডু, পণ্ডীচেৰী আৰু কাৰাইকলৰ বাবে আজি আৰু আগন্তুক দুদিন প্ৰবল বৰষুণৰ পূৰ্বভাষ থকাত গেৰুৱা সতৰ্কতা জাৰি কৰা হৈছে।

ঘূৰ্ণিবতাহ বুৰেভিৰ প্ৰভাৱ দক্ষিণ-পশ্চিম বঙ্গোপসাগৰসহ পূৰ্ব শ্ৰীলংকা উপকূল লাগোৱা এলেকাত কাইলৈ পৰ্যন্ত সমুদ্ৰ উত্তাল থাকিব। কাইলৈৰ পিছৰ পৰা পৰিস্থিতি ধীৰে ধীৰে স্বাভাৱিক হ’ব। এই পৰিপ্ৰেক্ষিতত মৎস্যজীৱীসকলক আজিৰ পৰা আগন্তুক ৫ তাৰিখ পৰ্যন্ত সমূদ্ৰলৈ যাবলৈ নিষেধাজ্ঞা দিয়া হৈছে।

 

***

NB/KGS/(IMD Release)/RD



(Release ID: 1677929) Visitor Counter : 151