পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেশত বিশ্ব স্তৰৰ প্ৰিমিয়াম গ্ৰেড পেট্ৰ'ল (অক্টেইন ১০০)ৰ ব্যৱহাৰৰ শুভাৰম্ভ কৰে

চৰকাৰে দেশৰ জনসাধাৰণৰ জীৱন সুচল কৰিবলৈ সংকল্পবদ্ধঃ শ্ৰী প্ৰধান

Posted On: 01 DEC 2020 5:32PM by PIB Guwahati

ভাৰতত পেট্ৰ'লিয়াম ইন্ধনৰ খুচুৰা বজাৰত এক বৃহৎ পৰিৱৰ্তন হ'ব পাৰে। এই অনুসৰি ইণ্ডিয়ান অইলে আজি দেশত বিশ্ব স্তৰৰ প্ৰিমিয়াম গ্ৰেড পেট্ৰ'ল (অক্টেইন ১০০)ৰ ব্যৱহাৰৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা ইস্পাৎ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক্সপি-১০০ৰ ৰূপত ব্ৰেণ্ডেড এই প্ৰিমিয়াম গ্ৰেড পেট্ৰ'ল দহখন চহৰত ব্যৱহাৰৰ শুভাৰম্ভ কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব শ্ৰী তৰুণ কাপুৰ ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰী শ্ৰীকান্ত মাধব বৈদ্য আৰু মন্ত্ৰালয় তথা ইণ্ডিয়ান অইলৰ অন্য জ্যেষ্ঠ বিষয়াও এই ভাৰ্চুৱেল আয়োজনত উপস্থিত থাকে।

এই উপলক্ষে সম্বোধন কৰি শ্ৰী প্ৰধানে কয়, ''ভাৰতৰ প্ৰথম অক্টেইন ১০০ পেট্ৰ'লৰ বাবে প্ৰযুক্তিক ইণ্ডিয়ান অইল শোধন তথা বিকাশ টীমৰ দ্বাৰা বিকশিত কৰা হৈছে আৰু ই বাস্তৱত আমাৰ বাবে বহুত গৌৰৱৰ কথা।'' তেওঁ কয় যে এয়া আত্মনিৰ্ভৰ ভাৰতৰ দিশত এতিয়া আৰু এটা পদক্ষেপ। যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শক্তি দূৰদৰ্শিতাৰ বাবে কৰা ভাৰত চৰকাৰৰ মহত্বপূৰ্ণ পদক্ষেপ, যাক চৰকাৰে শক্তি ক্ষেত্ৰত প্ৰয়োগ কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে এক্সপি-১০০ৰ প্ৰাপ্তিয়ে ভাৰতক এনেকুৱা উচ্চ মানসম্পন্ন তেলৰ ব্যৱস্থা ৰখা প্ৰধান দেশবিলাকৰ এটা সমুদায়ৰ মাজত ৰাখিব। ই ইঞ্জিনক উচ্চ মানদণ্ড আৰু শক্তি প্ৰদান কৰিব। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে ইণ্ডিয়ান অইলে বিকাশ আৰু প্ৰযুক্তি প্ৰয়োগৰ ক্ষেত্ৰত অগ্ৰণী হৈ আছে। তেওঁ কয় যে ভাৰতীয় ৰাজহুৱা উপক্ৰমৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ ফলত দেশ আৰু ভাৰতৰ জনসাধাৰণৰ বহুত লাভ হৈছে। তেওঁ কয় যে ভাৰতে চলিত বৰ্ষত এপ্ৰিলৰ পৰাই বিএছ-VI শ্ৰেণীৰ ইন্ধন ব্যৱহাৰ কৰিছে আৰু ইয়াৰ প্ৰযুক্তিত ৩০,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰিছে। শ্ৰী প্ৰধানে কয় যে এক্সপি-১০০ৰ প্ৰাপ্তিয়ে এই কথা প্ৰতিপন্ন কৰিছে যে চৰকাৰ দেশৰ জনসাধাৰণৰ সুচলতা আৰু সহজতাৰ বাবে সংকল্পবদ্ধ।

ইণ্ডিয়ান অইলে দুটা পৰ্যায়ত দেশৰ ১৫খন চহৰত এক্সপি-১০০ প্ৰিমিয়াম গ্ৰেড পেট্ৰ'লৰ সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। প্ৰথম পৰ্যায়ত ই দিল্লী, গুৰগাঁও, নয়দা, আগ্ৰা, জয়পুৰ, চণ্ডীগড়, লুধিয়ানা, মুম্বাই, পুনে আৰু আহমদাবাদত সুবিধাজনক স্থানত পহিলা ডিচেম্বৰ, ২০২০ৰ পৰা উপলব্ধ কৰোৱা হৈছে।দ্বিতীয় পৰ্যায়ত ১০০ অক্টেইন পেট্ৰ'লৰ উপলব্ধতা চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, কোচি আৰু কলকাতা চহৰলৈ প্ৰসাৰিত কৰা হ'ব। এই চহৰসমূহক সিবিলাকৰ আকাংক্ষাত্মক জনসংখ্যাগত তথা এই চহৰসমূহত থকা হাই-এণ্ড (লাগজাৰী) কাৰ আৰু বাইক ডীলাৰশ্বিপৰ উপলব্ধতাৰ আধাৰত বাছনি কৰা হৈছে।

নবীনতম প্ৰযুক্তিৰ জৰিয়তে লেছ লাগজাৰী প্ৰিমিয়াম বাহন ১০০ অক্টেইন পেট্ৰ'লৰ সম্পূৰ্ণ লাভ পাবলৈ সাজু আছে। বিশ্বজুৰি ১০০ অক্টেইন পেট্ৰ'লত লাগজাৰী বাহনৰ বাবে এখন ডাঙৰ বজাৰ আছে যাৰ প্ৰদৰ্শনৰ চাহিদা উচ্চ তথা কেৱল জাৰ্মানী আৰু আমেৰিকা আদিৰ দৰে ছখন দেশত উপলব্ধ।

 

****

YB/Sk



(Release ID: 1677553) Visitor Counter : 126