তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

সংবিধান দিৱস উপলক্ষে কেৱদিয়াত বিশেষ মাল্টিমিডিয়া প্ৰদৰ্শনীৰ প্ৰশংসা সাংসদ-বিধায়কৰ

Posted On: 27 NOV 2020 2:17PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দৰ নেতৃত্বত দেশজুৰি প্ৰস্তাৱনা পঢ়াৰ সমান্তৰালভাৱে অতি সাহেৰে ৭১সংখ্যক সংবিধান দিৱসৰ লগত সংগতি ৰাখি গুজৰাটৰ কেৱদিয়াত সংবিধানৰ সন্দৰ্ভত আয়োজিত বিশেষ প্ৰদৰ্শনীয়ে সাংসদ-বিধায়সকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ব্যুৰঅফ আউটৰীচ্চ কমিউনিকেশ্যনৰ দ্বাৰা সংসদীয় সংগ্ৰহালয় আৰু অভিলেখাগাৰৰ সহযোগত গুজৰাটৰ ষ্টেছু অৱ ইউনিটীস্থলীত সৰ্বভাৰতীয় পিজাইডিং বিষয়াসকলৰ ৮০সংখ্যক সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম প্ৰকাশ বিৰলাই৷ প্ৰদৰ্শনীত বৈদিক কালৰ পৰা আদি কৰি লিচ্চবি গণৰাজ্যৰ আধুনিক ভাৰতৰ নিৰ্মাণলৈকে গণতান্ত্ৰিক পৰম্পৰা সামগ্ৰিক দিশত প্ৰদৰ্শিত কৰা হৈছে৷ অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতকে আদি কৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

দুদিনীয়া এই সৰ্বভাৰতীয় সন্মিলনত গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সুদৃঢ়কৰণ আৰু জনসাধাৰণৰ মাজত ভাৰতৰ সংবিধান আৰু গণতান্ত্ৰিক পৰম্পৰাৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ সংকল্প গ্ৰহণ কৰা হয়৷

******

PIB Mum/ MD/DK/AR/DB



(Release ID: 1676909) Visitor Counter : 175