কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

‘এটিচি এছীয়া পেচিফিক প্ৰাইভেট লিমিটেড’-য়ে ‘এটিচি টেলিকম ইনফ্ৰাষ্ট্ৰাক্সাৰ প্ৰাইভেট লিমিটেড’-লৈ আগবঢ়োৱা ২৪৮০.৯২ কোটি টকাৰ ‘এফডিআই’-ৰ প্ৰস্তাৱলৈ কেবনেটৰ অনুমোদন

Posted On: 25 NOV 2020 3:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে এটিচি এছীয়া পেচিফিক প্ৰাইভেট লিমিটেড-য়ে এটিচি টেলিকম ইনফ্ৰাষ্ট্ৰাক্সাৰ প্ৰাইভেট লিমিটেড-লৈ আগবঢ়াব খোজা ১২.৩২শতাংশ মূলধনী অংশীদাৰিত্ব সম্পৰ্কীয় এফডিআই-ৰ প্ৰস্তাৱ নং ৪৯৩০-লৈ আজি অনুমোদন জনায়।

এই অনুমোদনে প্ৰতিষ্ঠানটোলৈ ২৪৮০.৯২ কোটি টকাৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ প্ৰবহণ সম্ভৱ কৰি তুলিব। ইয়াৰ পৰিণতিত এটিচি এছীয়া পেচিফিক প্ৰাইভেট লিমিটেড(এটিচি ছিংগাপোৰ)য়ে এটিচি টেলিকম ইনফ্ৰাষ্ট্ৰাক্সাৰ প্ৰাইভেট লিমিটেড(এটিচি ইণ্ডিয়া)লৈ আগবঢ়োৱা বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ মুঠ পৰিমাণ ২০১৮-১৯ৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৫৪১৭.২ কোটি টকালৈ বৃদ্ধি কৰিব।

********

DS/KB



(Release ID: 1676300) Visitor Counter : 110