ভুবিজ্ঞান মন্ত্ৰালয়

প্ৰবল ঘূৰ্ণিবতাহ "নিভাৰ" অৱস্থান কৰিছে বংগোপ সাগৰৰ ওপৰত - (তামিলনাডু আৰু পণ্ডীচেৰী উপকূলত ঘূৰ্ণি বতাহৰ সতৰ্কবাণী, অৰেঞ্জ সৰ্তকতা জাৰি)

বংগোপ সাগৰৰ দক্ষিণ-পশ্চিমাঞ্চলত সমূদ্ৰ উত্তাল হোৱাত তামিলনাডু, পণ্ডীচেৰী আৰু অন্ধপ্ৰদেশৰ দক্ষিণ সমূদ্ৰ উপকূলৰ পৰিস্থিতি উদ্বেগজনক

Posted On: 25 NOV 2020 12:06PM by PIB Guwahati

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ ছাইক্লোন ৱাৰ্নিং ডিভিজনৰ তৰফৰ পৰা এক বাৰ্তাত জনোৱা হৈছে যে, প্ৰবল ঘূৰ্ণিবতাহ "নিভাৰ" বংগোপ সাগৰৰ দক্ষিণ পশ্চিম দিশৰ পৰা তাৰ গতি বৃদ্ধি কৰি পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে অগ্ৰসৰ হৈছে। এই ঘূৰ্ণিবতাহ কৰাইকল আৰু মামাল্লাপুৰাম হৈ আজি মাজৰাতিৰ পৰা কালি পুৱাৰ ভিতৰত তামিলনাডু আৰু পণ্ডীচেৰীৰ সমূদ্ৰ উপকূল অতিক্ৰম কৰিব। ঘূৰ্ণিবতাহৰ গতিবেগ থাকিব ঘন্টাত ১২০ ৰ পৰা ১৩০ কিলোমিটাৰ।

 

ইয়াৰ প্ৰভাৱত আজি আৰু কালি বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে তামিলনাডু, পণ্ডীচেৰী, কৰাইকল আৰু অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকূলৰ উপৰিও ৰায়ালাছিমা আৰু তেলেঙ্গানাত। বিক্ষিপ্তভাৱে মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে তামিলনাডু আৰু পণ্ডীচেৰীৰ উত্তৰ উপকূলৱৰ্তী এলাকাতো।

 

প্ৰবল ঘূৰ্ণিবতাহৰ প্ৰভাৱত সমূদ্ৰ উত্তাল হৈ উঠিছে। তামিলনাডু আৰু পণ্ডীচেৰীৰ উত্তৰ পূৱ উপকূলত সমূদ্ৰৰ ঢৌ একৰ পৰা ডেৰ মিটাৰ পৰ্যন্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। সমূদ্ৰ উপকূলৱৰ্তী অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক কৰি দিয়া হৈছে। মৎস্যজীৱীসকলক সমূদ্ৰলৈ যোৱাৰ ক্ষেত্ৰত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সবিশেষ জানিবৰ বাবে তলৰ লিংকত ক্লিক কৰক www.rsmcnewdelhi.imd.gov.in , www.mausam.imd.gov.in

Click here to see PDF

*****

NB/KGS/(IMD inputs)/RD



(Release ID: 1675929) Visitor Counter : 61