কেবিনেট

ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউনটেন্টছ অৱ ইণ্ডিয়া (ICAI) আৰু নেদাৰলেণ্ডৰ ভেৰেনিগিং ভান ৰেজিষ্টাৰকনট্ৰ’লাৰ (VRC)ৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 25 NOV 2020 3:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউনটেন্টছ অৱ ইণ্ডিয়া (ICAI) আৰু নেদাৰলেণ্ডৰ ভেৰেনিগিং ভান ৰেজিষ্টাৰকনট্ৰলাৰ (VRC)ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি(MoU)ত অনুমোদন জনালে।

এই বুজাবুজিৰ চুক্তিখনিয়ে নেডাৰলেণ্ড আৰু ভাৰতৰ মাজত একাউন্টিং, ফাইনেন্সিয়েল আৰু অ’ডিট নলেজ বেছ শক্তিশালীকৰণ আৰু উন্নয়নত সহায় আগবঢ়াব।

কৌশল আৰু লক্ষ্য ৰূপায়ণঃ

  1. আইচিএআই আৰু ভিআৰচিয়ে নেদাৰলেণ্ডত টেকনিকেল ইভেন্ট, ছেমিনাৰ, কনফাৰেন্স অনুষ্ঠিত আৰু সম্পন্ন কৰাত একেলগে কাম কৰিব;
  • ii. মেম্বাৰ মেনেজমেন্ট, প্ৰফেশ্যনেল এথিকছ, টেকনিকেল ৰিচাৰ্ছ, প্ৰফেশ্যনেল এডুকেশ্যন অব্যাহত ৰখা, প্ৰফেশ্যনেল একাউনটেন্সী ট্ৰেইনিং, এডুকেশ্যন আৰু এক্সামিনেশ্যন তথা একেদৰে একাউনটেন্সী প্ৰফেশ্যনটোৰ ইনষ্টিটিউশ্যনেল কেপাচিটি বিল্ডিঙৰ ক্ষেত্ৰত যথা সম্ভৱ সহযোগিতা স্থাপন কৰিব;
  1. নেদাৰলেণ্ডত একাউন্টিং, ফাইনেন্স, ইনফৰ্মেশ্যন টেকনল’জি আৰু অ’ডিট ডমেইনত হ্ৰস্ব ম্যাদী প্ৰফেশ্যনেল ক’ৰ্ছ আগবঢ়াব;
  2. ষ্টুডেন্ট আৰু ফেকাল্টী এক্সচেঞ্জ প্ৰগ্ৰেম অনুসৰি সম্ভাৱ্য বৰ্ধমান উন্নয়ন সন্দৰ্ভত আলোচনা কৰিবলৈ;
  3. ভাৰত আৰু নেদাৰলেণ্ডত আৰু প্ৰয়োজন সাপেক্ষে আন্তঃৰাষ্ট্ৰীয়ভাৱে একাউনটেন্সী প্ৰফেশ্যন বিষয়ক উপলব্ধ অনিয়ন্ত্ৰিত তথ্যৰ আদান-প্ৰদান।

লাভা-লাভসমূহঃ

উভয় দেশৰে আগশাৰীৰ প্ৰতিষ্ঠান দুখনিৰ মাজত চুক্তিয়ে ভাৰতীয় চাৰ্টাৰ্ড একাউনটেন্টসকলৰ অৰ্থে বৃহত্তৰ নিয়োগৰ সুযোগ সৃষ্টিত সহায় কৰিব আৰু তদুপৰি বৃহৎ পৰিমাণৰ ধন ভাৰতলৈ ঘূৰি আহিব।

প্ৰভাৱঃ

আইচিএআইৰ ইউৰোপত ১৫০০ ৰোধিক সদস্য আৰু নেদাৰলেণ্ডত প্ৰায় ৮০ সদস্যৰে শক্তিশালী মেম্বাৰশ্বীপ বেছ আছে। নেদাৰলেণ্ডৰ ভিআৰচিক সহায় আগবঢ়াবলৈ পৰিকল্পিত চুক্তিখনিয়ে, অঞ্চলটোৰ আইচিএআইৰ সদস্যসকলক লাভান্বিত কৰিব আৰু আইচিএআইৰ সদস্যসকলে নেদাৰলেণ্ডত প্ৰফেশ্যনেল সুযোগ লাভ কৰিবলৈ প্ৰত্যাশ্যাৰ অৰ্থে এটা অতিৰিক্ত উদ্দীপনা আগবঢ়াব।

পৃষ্ঠপটঃ

ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউনটেন্টছ অৱ ইণ্ডিয়া হৈছে চাৰ্টাৰ্ড একাউনটেন্ট আইন, ১৯৪৯ৰ অধীনত ভাৰতত চাৰ্টাৰ্ড একাউনটেন্ট বৃত্তিটোৰ নিয়ন্ত্ৰণৰ অৰ্থে স্থাপিত এটা সংবিধিবদ্ধ সংস্থা। ১৯৮৮ ত প্ৰতিষ্ঠা হোৱা ভেৰেনিগিং ভান ৰেজিষ্টাৰকনট্ৰলাৰ (VRC) হৈছে এটা স্বেচ্ছামূলক প্ৰফেশ্যনেল সংস্থা আৰু সদস্যসকলক মেনেজমেন্ট একাউন্টিং, ফাইনেন্সিয়েল একাউন্টিং, ইন্টিগ্ৰেটেড ৰিপ’ৰ্টিং, ষ্ট্ৰেটেজিক কনট্ৰ’ল আৰু ৰিস্ক মেনেজমেন্ট আৰু কৰ্প’ৰেট গৰ্ভানেন্সত সেৱা আগবঢ়ায়।

********

DS/SB



(Release ID: 1675913) Visitor Counter : 112