প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ সন্মিলনৰ সমান্তৰালভাৱে পৃথিৱীৰ সংৰক্ষণঃ চিচিইৰ সন্দৰ্ভত দৃষ্টিভংগী শীৰ্ষক আলোচনা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 22 NOV 2020 6:53PM by PIB Guwahati

মহামহিম,

আজি আমি সকলোৱে আমাৰ জনসাধাৰণৰ লগতে অৰ্থনীতিক বিশ্ব মহামাৰীৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছো৷ ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানো সমানেই গুৰুত্বপূৰ্ণ৷ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ কোঠাত বহি নহয়, বৰঞ্চ সামগ্ৰিক প্ৰচেষ্টা অৰ্থা সকলোৱে মিলি যুঁজ দিব লাগিব৷ প্ৰকৃতিৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ ভাৱনাৰে প্ৰেৰিত হৈ আমাৰ চৰকাৰে প্ৰতিশ্ৰুতিৰে আগুৱাই গৈ ভাৰতত বিকাশমূলক কাম-কাজৰ বাবে এনে পৰম্পৰা গ্ৰহণৰ অনুকূল পৰিৱেশ গঢ় দিছে৷

মই এই কথা উল্লেখ কৰিবলৈ পাই আনন্দিত হৈছো যে ভাৰতে কেৱল পেৰিছ চুক্তিৰ লক্ষ্যত উপনীত হোৱাই নহয়, বৰঞ্চ নিৰ্দিষ্ট লক্ষ্যতকৈও বহুদূৰ আগুৱাই গৈছে৷ ভাৰতে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে৷ আমি এলইডি লাইটক জনপ্ৰিয় কৰিছো৷ ইয়াৰ জৰিয়তে প্ৰতি বছৰে ৩৮ মিলিয়ন টন কাৰ্বন নিৰ্গমণ হ্ৰাস পাইছে৷ উজ্জ্বলা যোজনাৰ অধীনত দেশত ৮০ মিলিয়ন পৰিয়ালত ধোঁৱাবিহীন চৌকা প্ৰদান কৰা হৈছে৷ এয়া স্বচ্ছ ইন্ধনৰ ক্ষেত্ৰত বিশ্বৰ বৃহত্তম প্ৰচেষ্টাৰ অন্যতম৷

এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিৰ্মূল কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে; আমাৰ বনানীকৰণ ক্ষেত্ৰ প্ৰসাৰ কৰা হৈছে; সিংহ আৰু বাঘৰ সংখ্যা বৃদ্ধি পাইছে; আমাৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত পৰিত্যক্ত ভূমি ব্যৱহাৰ উপযোগী কৰি তোলা আৰু আমি চাৰ্কুলাৰ অৰ্থনীতিক উসাহিত কৰি আহিছো৷

ভাৰত মেট্ৰ’ নেটৱৰ্কৰ দৰে ভৱিষ্যতৰ প্ৰজন্মৰ আন্তঃগাঁথনিৰ বিকাশ সাধন কৰা হৈছে, জল পৰিবহণৰ সৈতে জড়িত অন্যান্য উপায়সমূহতো কাম কৰা হৈছে৷ এই উপায়সমূহে স্বচ্ছ পৰিৱেশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ আমি ২০২২চনৰ পূৰ্বেই স্বচ্ছ শক্তি আহৰণৰ ১৭৫ গিগাৱাটৰ লক্ষ্যত উপনীত হ’ম৷ আমি ২০৩০চনৰ পূৰ্বেই ৪৫০ গিগাৱাটৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছো৷

মহামহিম,

আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী বিশ্বৰ আটাইতকৈ ক্ষিপ্ৰতাৰে বিকশিত সংস্থাসমূহৰ অন্যতম, য’ত ৮৮খন সদস্য ৰাষ্ট্ৰ অন্তৰ্ভূক্ত হৈছে৷ সৌৰ শক্তিৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশক প্ৰোসাহিত কৰাৰ বাবে কোটি কোটি ডলাৰ ব্যয়ৰ কাম চলি আছে৷ ইয়াৰ জৰিয়তে আইএছএইও কাৰ্বন ফুটপ্ৰিণ্টত ইয়াৰ অৱদান আগবঢ়াব৷ এয়া দুৰ্যোগ প্ৰশমনৰ আন্তঃগাঁথনি বিকাশৰ অংশীদাৰিত্বৰ অনন্য উদাহৰণ৷

১৮খন দেশৰ ভিতৰত ৯খন দেশ জি-২০ৰ অন্তৰ্গত আৰু ৪খন আন্তঃৰাষ্ট্ৰীয় সংগঠন, গোটত পূৰ্বৰে পৰা অন্তৰ্ভূক্ত হৈছে৷ জটিল আন্তঃগাঁথনিৰ বিকাশক উদ্গনি যোগোৱাৰ বাবে চিডিআৰআয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে৷ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ ওপৰত ইমান গুৰুত্ব দিয়া নহয়, যিমান দিয়া প্ৰয়োজন৷ ইয়াৰ ফলত দুখীয়া দেশসমূহ বিশেষভাৱে প্ৰভাৱিত হয়৷ সেইবাবে এই ক্ষেত্ৰত সহযোগিতা অধিক গুৰুত্বপূৰ্ণ৷

মহামহিম,

নব্য আৰু বহনক্ষম প্ৰযুক্তিৰ বাবে গৱেষণা আৰু উদ্ভাৱনত উদ্গনি যোগবলৈ এয়াই আটাইতকৈ উত্তম সময়৷ আমি এই কাম সহযোগিতা আৰু অংশীদাৰিত্বৰে কৰিব লাগিব৷ যদি উন্নয়নশীল দেশসমূহে উন্নত কৌশল আৰু বিত্তীয় সাহায্য লাভ কৰিলে সমগ্ৰ বিশ্বই তীব্ৰগতিত প্ৰগতিৰ দিশত অগ্ৰসৰ হ’ব পাৰিব৷

মহামহিম,

মানৱতাৰ সমৃদ্ধি হ’বলৈ হ’লে, প্ৰতিগৰাকী ব্যক্তিয়েই সমৃদ্ধ হ’ব লাগিব৷ শ্ৰমিকসকলক কেৱল উপাদনৰ কাৰক হিচাপে নলৈ, আমি প্ৰতিগৰাকী শ্ৰমিকক মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ সুবিধা দিয়াৰ দিশত দৃষ্টি দিব লাগে৷ এনে উপায়ৰ জৰিয়তেহে আমাৰ এই গ্ৰহটো সৰুক্ষিত কৰাৰ সৰ্বোত্তম নিশ্চিতি থাকিব৷

ধন্যবাদ৷

***

DS/AK/DB



(Release ID: 1675243) Visitor Counter : 155