ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
‘উমংগ’ ম’বাইল এপৰ তৃতীয় বর্ষপূর্তি উপলক্ষে আয়োজিত অনলাইন সন্মিলনত অধ্যক্ষতাত কৰিব তথ্য প্রযুক্তি মন্ত্রীয়ে
এই সন্মিলনতে শুভাৰম্ভ কৰা হ’ব উমংগ ম’বাইল এপৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণ
এপৰ এই আন্তঃৰাষ্ট্ৰীয় সংস্কৰণ আৰম্ভ হোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্রতিষ্ঠানসমূহত অধ্যয়নৰত ভাৰতীয় ছাত্র-ছাত্রী, প্ৰবাসী ভাৰতীয় আৰু বিদেশ ভ্রমণৰত ভাৰতীয় পর্যটকসকলে যিকোনো সময়তে ভাৰত চৰকাৰৰ বিভিন্ন সেৱাৰ সুযোগ গ্রহণ কৰিব পাৰিব
Posted On:
21 NOV 2020 3:19PM by PIB Guwahati
‘উমংগ’ ম’বাইল এপৰ তৃতীয় বর্ষপূর্তি আৰু এই এপৰ জৰিয়তে ২,০০০তকৈ অধিক সেৱা প্রদানত এক অনন্য মাইলৰখুঁটিত উপনীত হোৱাৰ উপলক্ষে কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী শ্রী ৰবিশংকৰ প্রসাদৰ অধ্যক্ষতাত এক অনলাইন সন্মিলনৰ আয়োজন কৰা হৈছে৷ অহা ২৩ নৱেম্বৰৰ বিয়লি ৪বজাত এই সন্মিলন অনুষ্ঠিত হ’ব৷ ইয়াৰ উদ্দেশ্য হ’ল-উমংগ ম’বাইল এপৰ জৰিয়তে লাভ কৰা প্রস্তাৱ/মতামতসমূহ ২০টা অংশীদাৰ বিভাগৰ ওচৰ চপাই নিয়া। উমংগ ম’বাইল এপৰ সহযোগিতাত কর্মচাৰী ভৱিষ্যনিধি পুঁজি সংগঠন বিভিন্ন বিভাগৰ প্রত্যক্ষ লাভ হস্তান্তৰ কাৰ্যসূচী; কর্মচাৰী ৰাজ্যিক বীমা নিগম; স্বাস্থ্য, শিক্ষা, কৃষি, প্রাণী সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ লগতে কৰ্মচাৰী বাছনি আয়োগে (এছএছচি)তেওঁলোকৰ সেৱা প্ৰদান কৰি আহিছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগিতাত উমংগ ম’বাইল এপৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণৰো এই সন্মিলনতে শুভাৰম্ভ কৰা হ’ব৷ এপৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণৰ জৰিয়তে বিভিন্ন সা-সুবিধা মার্কিন যুক্তৰাষ্ট্র, ব্রিটেইন, কানাডা, অষ্ট্ৰেলিয়া, সংযুক্ত আৰৱ আমীৰশ্বাহী, নেদাৰলেণ্ড, ছিংগাপুৰ আৰু নিউজিলেণ্ডৰ পৰা লাভ কৰিব৷ এপৰ এই আন্তঃৰাষ্ট্ৰীয় সংস্কৰণ আৰম্ভ হোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্রতিষ্ঠানসমূহত অধ্যয়নৰত ভাৰতীয় ছাত্র-ছাত্রী, প্ৰবাসী ভাৰতীয় আৰু বিদেশ ভ্রমণত থকা ভাৰতীয় পর্যটকসকলে যিকোনো সময়তে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন সেৱাৰ সুযোগ গ্রহণ কৰিব পাৰিব। তদুপৰি, এই এপৰ সহায়ত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন ঐতিহ্যক বিশ্বৰ সন্মুখত তুলি ধৰাটো সম্ভৱ হ’ব। ফলস্বৰূপে, বিদেশী পর্যটকসকলৰ মনত ভাৰত ভ্রমণত আগ্রহ বৃদ্ধি পাব৷
ভাৰত চৰকাৰে আৰম্ভ কৰা একক, অভিন্ন, নিৰাপদ, বহুপাক্ষিক, বহুভাষিক আৰু বিবিন্ন সেৱা প্রদানকাৰী অনন্য ম’বাইল এপটোৱেই হ’ল ‘উমংগ’। এই এপৰ জৰিয়তে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন বিভাগ আৰু প্রতিষ্ঠানত একাধিক সেৱা সহজে উপলব্ধ হৈছে৷
কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ই-প্রশাসন ডিভিজনে উমংগ এপটো প্ৰস্তুত কৰিছে৷ প্রধানমন্ত্রীয়ে ২০১৭ৰ ২৩ নৱেম্বৰত শুভাৰম্ভ কৰাৰ সময়ত ১৬৩টা সেৱা সম্বলিত এই এপটো জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰে৷ এপটোৰ শুভাৰম্ভ কৰাৰ পাছত কম সময়ৰ ভিতৰতে উমংগ এপে বিভিন্ন ক্ষেত্রত গুৰুত্বপূৰ্ণ ৪টা পুৰস্কাৰেৰে সন্মানিত হৈছে। ইয়াৰ ভিতৰত ২০১৮ৰ ফেব্রুৱাৰীত ডুবাইত আয়োজিত ষষ্ঠ ৱর্ল্ড গভর্নমেণ্ট ছামিটত চেৰা ম’বাইল-প্রশাসন সেৱা পুৰস্কাৰ উল্লেখযোগ্য।
ডিজিটেল ইণ্ডিয়াৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি উমংগ এপ আৰম্ভ কৰাৰ উদ্দেশ্য আছিল সাধাৰণ মানুহৰ সবলীকৰণৰ লগে লগে তেওঁলোকৰ জীৱন-যাপনৰ উন্নতি সাধন কৰা৷ এই ম’বাইল এপৰ জৰিয়তে গুৰুত্বপূর্ণ চৰকাৰী সেৱাসমূহ সহজ আৰু সৰল পদ্ধতিৰে নাগৰিকসকলৰ ওচৰ চপাই নিয়াৰ লক্ষ্যৰে উমংগ এপৰ শুভাৰম্ভ হয়। বর্তমান এই এপটোৰ জৰিয়তে ২,৩০০টা সেৱা লাভ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৮৮টা কেন্দ্রীয় বিভাগৰ ৩৭৩টা সেৱা আৰু ২৭খন ৰাজ্যৰ ১০১টা বিভাগৰ ৪২৭টা সেৱা অন্যতম। আনকি, বিল পেমেণ্ট বা মাছুল আদায়ৰ ক্ষেত্রত ১,১৭৯টা সেৱা আগবঢ়োৱা হৈছে৷
এন্দ্ৰইড, আইঅ’এছ, সকলো ৱেব ব্রাউজাৰ প্লেটফর্ম আৰু নির্দিষ্ট ৮০টা সেৱা জিঅ’ ফিচাৰ ফোনৰ পৰা উমংগ ম’বাইল এপ ডাউনলোড কৰিব পাৰে৷ ইতিমধ্যে ৩.৭৫ কোটিতকৈও অধিক লোকে এপটো ডাউনলোড কৰিছে। আনকি, এপটোৰ পঞ্জীয়নকৃত ব্যৱহাৰকাৰীৰ সংখ্যা ২.৫০ কোটি। ৯৭১৮৩-৯৭১৮৩ নম্বৰত মিছকল দিও উমংগ এপ ডাউনলোড কৰিব পৰা যায়৷
নিম্নোলিখিত লিকংসমূহৰ পৰাও এই এপ ডাউনলোড কৰিব পৰা যায়-
- Web: https://web.umang.gov.in/web/#/
- Android: https://play.google.com/store/apps/details?id=in.gov.umang.negd.g2c
- iOS: https://apps.apple.com/in/app/umang/id1236448857
****
RCJ/M/DB
(Release ID: 1674996)
Visitor Counter : 222