প্ৰতিৰক্ষা মন্ত্ৰালয়

এনচিচিয়ে কাইলৈ নিজৰ ৭২তম বৰ্ষপূৰ্তি পালন কৰিব

Posted On: 21 NOV 2020 2:22PM by PIB Guwahati

বিশ্বৰ সবাতোকৈ ডাঙৰ ইউনিফৰ্ম পৰিহিত যুৱ সংগঠন, ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (এনচিচি),য়ে ২২ নবেম্বৰ, ২০২০ত নিজৰ ৭২তম প্ৰতিষ্ঠা দিৱস পালন কৰিব। প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে, ৰাষ্ট্ৰক উদ্দেশ্যি নিজৰ জীৱনৰ সৰ্বোচ্চ বলিদান দিয়া শ্বহীদসকলক আজি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। প্ৰতিৰক্ষা সচিব ড৹ অজয় কুমাৰ আৰু এনচিচিৰ মহানিৰ্দেশক লেঃ জেনেৰেল ৰাজীৱ চোপ্ৰাই সম্পূৰ্ণ এনচিচি সমুদায়ৰ হৈ শ্বহীদ নায়কসকলক পুষ্প চক্ৰ অৰ্পণ কৰে।

প্ৰতিৰক্ষা সচিবে কয় যে বৰ্তমান সময়ত, এনচিচি কেডেটসকলে কোভিড-১৯ মহামাৰীৰ সময়ত নিস্বাৰ্থভাৱে সেৱাৰ ৰূপত এই মহামাৰীৰে যুঁজ দিয়াৰ উপায়ৰ বিষয়ে সজাগতা বিয়পাই কৰোণা যোদ্ধাৰ ৰূপত এনচিচিৰ ফালৰ পৰা নিজৰ অপৰিসীম যোগদান আগবঢ়ায়। কেডেট আৰু এছ'চিয়েট এনচিচি বিষয়াই এটা উদাহৰণ হিচাপে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'ফিট ইণ্ডিয়া'ৰ দৰে কামকাজত অন্তৰ্ভুক্ত হৈ আছে। কেডেটসকলে স্বচ্ছ অভিযান, 'মেগা প্ৰদূষণ প্ৰক্ষালন'ত সম্পূৰ্ণ মনোযোগেৰে ভাগ লয় আৰু 'ডিজিটেল সাক্ষৰতা', 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস', 'বৃক্ষ ৰোপন' আৰু টীকাকৰণ কাৰ্যক্ৰম আদিৰ দৰে বিভিন্ন চৰকাৰী পদক্ষেপৰ বিষয়ে সজাগতা বিয়পোৱাত মহত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্ট, ২০২০ত দেশৰ সীমান্ত আৰু তীৰৱৰ্তী ক্ষেত্ৰসমূহত ৰাষ্ট্ৰীয় কেডেট কোৰৰ কভাৰেজৰ বিস্তাৰৰ বাবে এটা যোজনাৰ ঘোষণা কৰিছিল। সীমান্তৱৰ্তী জিলা, তীৰৱৰ্তী তালুক আৰু তালুক আৱাস বায়ু সেনা ষ্টেচনত মনোযোগ দি সেনা, নৌসেনা আৰু বায়ু তিনিওটাতে এক লাখ অতিৰিক্ত কেডেটৰ বিস্তাৰৰ যোজনা প্ৰস্তুত কৰা হৈছে। প্ৰতিৰক্ষা সচিব ড৹ অজয় কুমাৰে পুষ্প চক্ৰ অৰ্পণ কৰাৰ পিছত কয় যে আমাৰ সীমান্ত আৰু তীৰৱৰ্তী জিলাসমূহত এনচিচিৰ বিস্তাৰে এই ক্ষেত্ৰসমূহৰ যুৱক-যুৱতীক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত হ'বলৈ অনুপ্ৰাণিত কৰিব। ৰাষ্ট্ৰই আমাৰ যুৱক-যুৱতীৰ মাজত ভ্ৰাতৃত্ব, অনুশাসন, ৰাষ্ট্ৰীয় একতা আৰু নিস্বাৰ্থ সেৱাৰ প্ৰমূল্য বিকশিত কৰিবৰ বাবে এনচিচিৰ পৰা আশান্বিত।

এনচিচিৰ বহুমুখী গতিবিধি আৰু বিবিধ পাঠ্যক্ৰমে যুৱক-যুৱতীসকলক আত্ম বিকাশৰ বাবে অদ্বিতীয় সুযোগ প্ৰদান কৰে। বহু কেডেটে খেল আৰু এডভেন্সাৰৰ ক্ষেত্ৰত নিজৰ উল্লেখযোগ্য প্ৰাপ্তিৰ জৰিয়তে ৰাষ্ট্ৰ আৰু সংগঠনক গৌৰৱান্বিত কৰিছে। এনচিচিয়ে বৰ্তমানৰ যুৱশক্তিক ভৱিষ্যতৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ দিশত নিজৰ প্ৰয়াস অব্যাহত ৰাখিছে।

এনচিচি প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ভাৰতত কেডেটসকলে ৰক্তদান শিবিৰ আৰু সামাজিক বিকাশ কাৰ্যক্ৰমত ভাগ লয়।

*****

 

ABB/Nampi/Rajib



(Release ID: 1674841) Visitor Counter : 166