স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৫০ হাজাৰৰ অধিক আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্র আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আৰু এক মাইলৰ খুঁটি অর্জন

এই সাফল্যৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক অভিনন্দন জ্ঞাপন ডঃ হর্ষ বর্ধনৰ

কভিড সঁহাৰি আৰু ইয়াৰ ব্যৱস্থাপনাত স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রৰ ভূমিকা অনন্যঃ ডঃ হর্ষ বর্ধন

উচ্চ ৰক্ত চাপত ভোগা ৬.৪৩কোটি লোক, মধুমেহত আক্ৰান্ত ৫.২৩ কোটি লোক আৰু কৰ্কট আক্ৰান্ত ৬.১৪ কোটি লোকৰ পৰীক্ষা কৰা হৈছে

Posted On: 20 NOV 2020 9:19AM by PIB Guwahati

সার্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্রত ভাৰতে সাফল্যৰ আৰু এক মাইলৰ খুঁটি অর্জন কৰিছেদেশ ৫০ হাজাৰৰ অধিক (৫০,০২৫) আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্র আৰম্ভ হৈছে। এই ধৰণৰ স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্র আৰম্ভ কৰাৰ উদ্দেশ্য হৈছে সুসংহত প্রাথমিক স্বাস্থ্য সেৱা সাধাৰণ মানুহৰ ঘৰত উপলব্ধ কৰা। ২০২২চনৰ ডিচেম্বৰৰ ভিতৰত আৰু ১.৫ লাখ এই ধৰণৰ ৰোগী কল্যাণ কেন্দ্র গঢ়ি তোলা হব। ৫০ হাজাৰৰ অধিক ৰোগী কল্যাণ কেন্দ্র আৰম্ভ কৰাৰ নিৰ্ধাৰিত লক্ষ্যৰ এক-তৃতীয়াংশ পূৰণ হৈছে। এই স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রসমূহ আৰম্ভ হোৱাৰ ফলত দেশৰ ২৫ কোটিতকৈ অধিক মানুহৰ ওচৰত সহজে প্রাথমিক স্বাস্থ্য সেৱা আগবঢ়োৱা সম্ভবপৰ হ’ব।

 

কভিড-১৯ মহামাৰীজনিত প্ৰত্যাহ্বান সত্ত্বেও স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রসমূহ আৰম্ভ কৰাৰ ক্ষেত্রত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ প্রচেষ্টাৰ প্রশংসা কৰিছে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষ বর্ধনে। কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ সর্বস্তৰত যৌথ প্রচেষ্টাৰ ফলত এই ৰোগী কল্যাণ কেন্দ্রসমূহ আৰম্ভ কৰা সম্ভৱ হৈছে। ইয়াৰ ফলত স্বাস্থ্য সেৱা ব্যৱস্থা সাধাৰণ মানুহৰ আৰু অধিক ওচৰলৈ নিয়া সম্ভৱ হ’ব বুলি ডঃ হর্ষ বর্ধনে মত প্রকাশ কৰে। তেওঁ কয়, স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রসমূহৰ সৈতে জড়িত সকলো স্বাস্থ্যকর্মী বিশেষকৈ আশাকর্মীসকলে কভিড-১৯ৰ সময়ত দৃষ্টান্তমূলক অৱদান আগবঢ়াইছে। এই আশাকর্মীসকলে কভিড-১৯ ভীতি সত্ত্বেও জীৱনৰ শংকা কঢ়িয়াই স্বাস্থ্য সেৱা কেন্দ্র সমূহৰ লগতে ঘৰে ঘৰে গৈ কভিড-বহির্ভূত বিভিন্ন স্বাস্থ্য সেৱা মানুহৰ ওচৰলৈ লৈ গৈছেইয়াৰ ফলত বিশেষভাৱে লাভৱান হৈছে সদ্যজাত, বয়স্ক আৰু প্রবীণ ব্যক্তিসকল।

 

উল্লেখ্য যে, ২০১৮ চনত আয়ুষ্মান ভাৰত অভিযান আৰম্ভ হয়। এই অভিযানৰ দুটি স্তম্ভ আছে। এয়া হ’ল – স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্র আৰু প্রধানমন্ত্রী জন-আৰোগ্য যোজনা। দেশৰ প্রথম আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রৰ আৰম্ভ কৰিছিল প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০১৮ চনৰ ১৪ এপ্রিলত। ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ ঝাংলাত এই কেন্দ্রটি আৰম্ভ কৰা হয়।

 

স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রসমূহে স্থানীয় লোকসকলক বিভিন্ন ক্ষেত্রত যেনে জনসংখ্যা নিয়ন্ত্রণত পৰিয়াল পৰিকল্পনা আৰু পৰিকল্পিত উপায়েৰে গর্ভধাৰণ, মাতৃত্বকালীন সুযোগ-সুবিধা, সদ্যোজাতৰ স্বাস্থ্য সেৱা, বয়ঃসন্ধিকালীন লৰা-ছোৱালীৰ পুষ্টি সেৱা প্রভৃতি। ইয়াৰ উপৰি, এইধৰণৰ কেন্দ্রসমূহৰ পৰা জটিল আৰু অসংক্রামক ৰোগ-ব্যাধিৰ প্রতিৰোধতো সাধাৰণ মানুহৰ মাজত সচেতনতা গঢ়ি তোলা হৈছে। সুস্থ জীৱনযাপনত পর্যাপ্ত পৰিমাণৰ পুষ্টিৰ গুৰুত্ব সহ যোগচর্চাৰ দৰে দৈনিক শৰীৰচর্চাৰ বিষয়টো এই কেন্দ্রসমূহৰ পৰা পৰামর্শ দিয়া হয়। প্রতিটো স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রত এজন প্রশিক্ষিত কমিউনিটি স্বাস্থ্য বিষয়াসহ এজন বা দু'জন স্বাস্থ্যকর্মী আৰু পাঁচৰ পৰা আঠজন আশাকর্মী থাকে। এওলোকে মিলি গাঁৱে গাঁৱে গৈ সাধাৰণ মানুহক সজাগ কৰাৰ লগতে আৰু প্রাথমিক স্বাস্থ্য সেৱা আগবঢ়ায়।

 

আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্র ৬৭৮খন জিলাতেই আৰম্ভ হৈছে। ইয়াৰউপৰি এই জিলাসমূহত ২৭,৮৯০টা উপ-স্বাস্থ্যকেন্দ্র, ১৮,৫৩৬টা প্রাথমিক স্বাস্থ্যকেন্দ্র আৰু ৩,৫৯৯টা চহৰাঞ্চল প্রাথমিক স্বাস্থ্যকেন্দ্র আছে। স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত ২৮ কোটি ১০ লাখৰ অধিক মানুহ লাভৱান হৈছে যাৰ ভিতৰত ৫৩ শতাংশৰ অধিক মহিলা। আনহাতে, ১ কোটিৰ অধিক মানুহক বিনামূলীয়াকৈ উচ্চ ৰক্তচাপজনিত ঔষধ আৰু পৰামর্শও দিয়া হৈছে।

 

প্রাথমিক স্বাস্থ্য সেৱা প্রদানৰ লগতে স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রসমূহৰ পৰা ৩০ লাখৰ অধিক স্বাস্থ্য বিষয়ক সচেতনতা অভিযানৰ আয়োজন কৰা হৈছে। স্বাস্থ্য মন্ত্রালয়ৰ ই-সঞ্জীৱনী প্লেটফর্ম ৰূপায়ণত এই কেন্দ্রসমূহে ডাঙৰ ভূমিকা লৈছে। ই-সঞ্জীৱনী প্লেটফর্মৰ মাধ্যমেৰে কভিড-১৯ৰ সময়ত ৰোগীৰ সৈতে চিকিৎসকসকলক প্ৰত্যক্ষভাৱে যোগাযোগ কৰি দিয়া হৈছে যাতে স্বাস্থ্যকেন্দ্রত উপস্থিত নোহোৱাকৈয়ে চিকিৎসকৰ পৰা প্রয়োজনীয় পৰামর্শ লাভ কৰিব পৰা যায়।

 

*******

MV/KG



(Release ID: 1674637) Visitor Counter : 183