স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত ৮লাখ ই-সঞ্জীৱনী পৰামৰ্শদান সম্পূৰ্ণ

Posted On: 20 NOV 2020 2:53PM by PIB Guwahati

ডিজিটেল স্বাস্থ্য কাৰ্যসূচীত ভাৰতে এক মাইলৰখুঁটিত উপনীত হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ই-সঞ্জীৱনী, ৰাষ্ট্ৰীয় টেলিমেডিচিন প্ৰচেষ্টাই ইতিমধ্যে ৮লাখ পৰামৰ্শদান সম্পূৰ্ণ কৰিছে৷

বিশেষকৈ ক’ভিডৰ সময়ত শাৰিৰীক দুৰত্ব বজাই ৰখাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাই ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰাৰ লগতে গুণগত চিকিসা সেৱা লাভতো উপকৃত হৈছে৷ দেশৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতিদিনে ১১,০০০তকৈ অধিক ৰোগীয়ে ই-সঞ্জীৱনী স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহণ কৰিব বিচাৰে৷ ই-সঞ্জীৱনী ব্যৱস্থা একাংশ ৰাজ্যৰ বাবে আদৰ্শস্বৰূপ, বিশেষকৈ দূৰ্গম আৰু প্ৰান্তীয় অঞ্চলসমূহত ইয়াৰ জৰিয়তে সেৱা আগবঢ়াব পাৰে৷

এই সেৱা সৰ্বাধিক পঞ্জীয়ন হোৱা ৰাজ্যসমূহ হৈছে ক্ৰমে তামিলনাডু(২,৫৯,৯০৪), উত্তৰপ্ৰদেশ (২,১৯,৭১৫), কেৰালা(৫৮,০০০), হিমাচপ্ৰদেশ (৪৬,৬৪৭), মধ্যপ্ৰদেশ(৪৩,০৪৫), গুজৰাট (৪১,৭৬৫) অন্ধ্ৰপ্ৰদেশ (৩৫,২১৭), উত্তৰাখণ্ড(২৬,৮১৯), কৰ্ণাটক (২৩,০০৮) আৰু মহাৰাষ্ট্ৰ (৯,৭৪১)৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মনিপুৰত সৰ্বাধিক ২,৭৭১ৰ বিপৰীতে অসমত ৬২৮টা ই-সঞ্জীৱনী পৰামৰ্শদান সম্পূৰ্ণ হৈছে৷

উল্লেখ্য যে ২০১৯ৰ নৱেম্বৰ মাহত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰথমে এই সেৱা আৰম্ভ কৰিছিল৷ কিন্তু ক’ভিড ১৯ লকডাউনৰ সময়ত চলিত বৰ্ষৰ এপ্ৰিল মাহত এই সেৱাই অধিক জনপ্ৰিয়তা লাভ কৰাৰ ফলত বহু ৰোগী উপকৃত হৈছে৷ এই ব্যৱস্থাই ৰোগীৰ ভ্ৰমণৰ দূৰত্ব, সময় আৰু ধনো ৰাহি কৰাত অভূতপূৰ্ব অৰিহণা যোগাইছে৷

ই-সঞ্জীৱনী অ’পিডিৰ বাবে ৭,৫০০তকৈ অধিক চিকিসকক টেলিমেডিচিন সেৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

*****

MV/DB



(Release ID: 1674598) Visitor Counter : 154