পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

পেট্ৰলিয়াম মন্ত্ৰীয়ে প্ৰথম ৫০টা এলএনজি ইন্ধন ভৰোৱা ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে, তেওঁ কয় যে অহা তিনি বছৰত ১০০০টা এলএনজি ষ্টেচন স্থাপন কৰা হ'ব

Posted On: 19 NOV 2020 2:58PM by PIB Guwahati

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা ইস্পাৎ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰথম ৫০টা এলএনজি ইন্ধন ভৰোৱা ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে যি স্বৰ্ণিল চতুৰ্ভুজ আৰু প্ৰধান ৰাষ্ট্ৰীয় ৰাজপথত হ'ব। এয়া মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতক গেছ আধাৰিত অৰ্থনৈতিক ব্যৱস্থালৈ পৰিৱৰ্তন কৰা দৃষ্টিকোনক সাকাৰ কৰাত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পদক্ষেপৰ এটা অংশ। চৰকাৰে অনেক লাভ যেনে বাহনৰ প্ৰদূষণ কম কৰা, দেশৰ আমদানি বিলৰ সন্দৰ্ভত ৰাহি আৰু ব্যাপক লাভ যি গেছ ক্ষেত্ৰত প্লিট অপাৰেটৰ, বাহন নিৰ্মাতা আৰু অন্যান্য সংস্থাই পাব পাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি এলএনজিক পৰিবহন ইন্ধনৰ ৰূপত এটা অগ্ৰাধিকাৰভিত্তিক ক্ষেত্ৰৰ ৰূপত চিনাক্ত কৰা হৈছে।

 

এই উপলক্ষে বক্তব্য ৰাখি শ্ৰী প্ৰধানে কয় যে দেশক গেছ আধাৰিত অৰ্থনৈতিক ব্যৱস্থাৰ দিশত লৈ যাবৰ বাবে সুচিন্তিত ৰণনীতি প্ৰয়োগ কৰা হৈছে। এই সন্দৰ্ভত, পাইপলাইন বহুওৱা, টাৰ্মিনেল স্থাপন, গেছৰ উৎপাদন বৃদ্ধি কৰা, সৰল আৰু উচিত কৰ আন্তঃগাঁথনিৰ আৰম্ভণি সন্দৰ্ভত, গেছৰ প্ৰাথমিক আন্তঃগাঁথনি স্থাপন কৰি থকা হৈছে। তেওঁ কয় যে এলএনজি পৰিবহনৰ বাবে ভৱিষ্যতৰ ইন্ধন হ'বলৈ গৈ আছে, আৰু এই সন্দৰ্ভত, বাহনৰ ৰেট্ৰ'-ফিটিঙৰ লগতে মূল আহিলা নিৰ্মাতাসকলৰ দ্বাৰা বিকাশ কৰি থকা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে এলএনজি কেৱল ডিজেলৰ তুলনাত প্ৰায় ৪০% সস্তাই নহয়, বৰং ইয়াৰ ফলত প্ৰদূষণো বহুত কম হয়। তেওঁ কয় যে চৰকাৰে স্বৰ্ণিল চতুৰ্ভুজত ২০০-৩০০ কিলোমিটাৰৰ দূৰত্বত এলএনজি ষ্টেচন স্থাপন কৰিব অহা তিনিটা বছৰত সকলো প্ৰধান পথ, ঔদ্যোগিক কেন্দ্ৰ আৰু খনন ক্ষেত্ৰত ১০০০টা এলএনজি ষ্টেচন হ'ব। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ১০% ট্ৰাকে এলএনজিক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব।

 

শ্ৰী প্ৰধানে কয় যে চৰকাৰে প্ৰদূষণ কম কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা চিঅ'পি-২১ত কৰা সংকল্পবদ্ধতা সম্পূৰ্ণ কৰিবলৈ কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে ৮ কোটি দুখীয়া পৰিয়ালক পিএমইউৱাইৰ জৰিয়তে এলপিজি কানেকচন প্ৰদান কৰিছে আৰু মহামাৰীৰ সময়ত, পিএমইউৱাইৰ লাভাৰ্থীৰ সহায়ৰ বাবে ১৪ কোটি বিনামূলীয়া চিলিণ্ডাৰ বিতৰণ কৰা হয়। মন্ত্ৰীজনে কয় যে স্বচ্ছ আৰু সুলভ ইন্ধন মানুহৰ হিতৰ সম্পদ হৈ পৰিছে। তেওঁ কয় যে চৰকাৰে চিএনজি বাহন, ইলেক্ট্ৰিক বাহন, অটো-এলপিজিক উৎসাহিত কৰাটো অব্যাহত ৰাখিব কিন্তু ইয়াৰ লগে লগে এলএনজিক দীৰ্ঘ সময়লৈকে ব্যৱহাৰ কৰা ইন্ধনৰ ৰূপত উৎসাহিত কৰা হ'ব। ২০-২৫ এম এম এছ চি এম ডিৰ সমকক্ষ এলএনজি দেশলৈ আহিব, আৰু সস্তীয়া এলএনজি বৈশ্বিক বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এলএনজিৰ চাহিদা বৃদ্ধি পোৱাত কেচা তেলৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা কম হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব শ্ৰী তৰুণ কাপুৰে কয় যে চৰকাৰে এলএনজিক উৎসাহিত কৰিবৰ বাবে এক দীৰ্ঘকালীন যোজনা প্ৰস্তুত কৰি আছে। ইন্ধনৰ প্ৰথম পৰীক্ষা ২০১৫ত আৰম্ভ কৰা হৈছিল, আৰু ই এতিয়া বাণিজ্যিক পৰিসৰত নামিবৰ বাবে সাজু। তেওঁ বিশ্বাস ব্যক্ত কৰে যে এলএনজিৰ ব্যৱহাৰ বাঢ়িব আৰু দীঘলীয়া দূৰত্বৰ ট্ৰাক আৰু বাছৰ বাবে প্ৰয়োগ কৰা হ'ব।

 

এই ৫০টা এলএনজি ষ্টেচনে দেশৰ তেল আৰু গেছৰ ডাঙৰ কোম্পানী যেনে আইঅ'চিএল, বিপিচিএল, এইচপিচিএল, গেইল, পিএলএল, গুজৰাট গেছ আৰু তেওঁলোকৰ সংযুক্ত উদ্যম কোম্পানী আৰু সহায়ক কোম্পানীৰ দ্বাৰা প্ৰস্তত আৰু আৰম্ভ কৰা হ'ব। এই ৫০টা এলএনজি ষ্টেচনৰ মাজৰ পৰা আইঅ'চিএলে ২০টা ষ্টেচন প্ৰস্তুত কৰিব, ইয়াৰ বিপৰীতে বিপিচিএল আৰু এইচপিচিএলে প্ৰত্যেকে ১১টা এলএনজি ষ্টেচন তৈয়াৰ কৰিব। এই ৫০টা এলএনজি ষ্টেচনক দেশৰ স্বৰ্ণিল চতুৰ্ভুজ আৰু প্ৰধান ৰাষ্ট্ৰীয় ৰাজপথত প্ৰস্তুত কৰি থকা হৈছে, য'ত এলএনজি গধুৰ বাহন আৰু বাছৰ বাবে উপলব্ধ কৰোৱা হ'ব।

 

প্ৰাকৃতিক গেছ, পৰিৱেশৰ অনুকূল স্বচ্ছ জীৱাশ্ম ইন্ধন হোৱাৰ ফলত পৰিৱেশ প্ৰত্যাহ্বানৰ লগতে বৰ্ধিত শক্তিৰ প্ৰয়োজনীয়তাৰ স্থায়ী সমাধান প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ক্ষমতা আছে। সেই অনুসৰি ভাৰত চৰকাৰে ২০৩০লৈকে প্ৰাথমিক শক্তি মিশ্ৰণত প্ৰাকৃতিক গেছৰ অংশীদাৰিত্ব বৰ্তমানৰ ৬.৩%ৰ পৰা ১৫%লৈকে বৃদ্ধি কৰিবলৈ দেশজুৰি ইন্ধন/ফীডষ্টকৰ ৰূপত প্ৰাকৃতিক গেছৰ ব্যৱহাৰক উৎসাহিত কৰাৰ ওপৰত মনোযোগ দিছে।

 

ট্ৰাকত এলএনজিৰ ব্যৱহাৰ এছঅ'এক্স উৎসৰ্জনক ১০০% আৰু এনঅ'এক্সৰ উৎসৰ্জন ৮৫%লৈকে কম কৰিব পাৰে আৰু এনেদৰে বৃহৎ পৰিসৰত লাভবান কৰিব পাৰে। ইয়াৰ উপৰিও, বৰ্ধিত ৰাজপথৰ বিকাশ, যি সমগ্ৰ দেশতে চলি আছে, ইয়াৰ লগতে গধুৰ বাহনৰ ক্ষেত্ৰতো যথেষ্ট বৃদ্ধি হোৱাৰ আশা আছে। এলএনজি আধাৰিত ট্ৰাক অপাৰেটৰে প্ৰতিট্ৰাক প্ৰায় ২ লাখ টকাৰ বছৰি ৰাহি কৰিব পাৰিব যাৰ পৰিণাম স্বৰূপে এলএনজি ট্ৰাকৰ উচ্চ ব্যয় প্ৰায় ৩-৪ বছৰত উভতি আহিব। ২০৩৫ পৰ্যন্ত গধুৰ বাহনে ইন্ধন খণ্ডৰ ৰূপত এলএনজিৰ ২০-২৫ এমএমএছচিএমডি চাহিদা হ'ব আৰু ই ভাৰতৰ শক্তি মিশ্ৰণত প্ৰাকৃতিক গেছৰ ১৫% অংশৰ আমাৰ পৰিকল্পনাৰ বাবে এটা মহত্বপূৰ্ণ যোগদান হ'ব।

 

*****

 

YB/SK



(Release ID: 1674266) Visitor Counter : 181