বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

আই আই এছ এফ ২০২০ৰ প্ৰাক অনুষ্ঠানত ড৹ হৰ্ষ বৰ্ধন, এইবাৰৰ এই উৎসৱ হ'ব ভাৰ্চুৱেল

এইবছৰৰ নতুন বিষয়ৰ মাজত আছে ভাৰতীয় বিজ্ঞানৰ ইতিহাস, দৰ্শন আৰু বিজ্ঞান, কৃষি প্ৰযুক্তি, বিশুদ্ধ বায়ু, শক্তি, বৰ্জ আৰু অনাময়, জৈৱ বৈচিত্ৰ্য, বিজ্ঞান কূটনীতি

Posted On: 17 NOV 2020 8:22PM by PIB Guwahati

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰ, ভূ বিজ্ঞান আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ কেন্দ্ৰীয় মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে আজি নতুন দিল্লীত ষষ্ঠ ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোসৱ (আইআইএছএফ)ৰ বিভিন্ন কাৰ্যসূচীৰ সূচনা উপলক্ষে প্ৰাক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে ড৹ হৰ্ষ বৰ্ধন আৰু মধ্য প্ৰদেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী শ্ৰী ওমপ্ৰকাশ সাকলেচা মেগাই এই অনুষ্ঠানৰ কাৰ্যক্ৰম সম্বলিত এখন ক্ষুদ্ৰ পুস্তিকাৰ ই-সংস্কৰণ প্ৰকাশ কৰে।

 

ভাৰতে আন্তৰ্জাতিক বিজ্ঞান মহোসৱ এটি বাৰ্ষিক অনুষ্ঠান তথা বিভিন্ন দপ্তৰে যৌথভাৱে ইয়াৰ আয়োজন কৰে। বিজ্ঞান ভাৰতী (বিভা) নামৰ এটা সংগঠনেও এই অনুষ্ঠানৰ আয়োজনত সহায় কৰে। এইবাৰৰ অনুষ্ঠানৰ ৱেবছাইটৰো আজি সূচনা হৈছে। উসৱত অংশগ্ৰহণসহ যাবতীয় কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হ'বলৈ এই ৱেবছাইটৰ মাধ্যমত নাম নথিভুক্ত কৰা হ'ব। অনুষ্ঠানৰ ৱেবছাইটত (www.scienceindiafest.org) বিস্তৃত বিৱৰণ দিয়া হৈছে।

 

অনুষ্ঠানৰ প্ৰাক সমাৱেশত ড৹ হৰ্ষ বৰ্ধনে এইবাৰৰ মহোসৱৰ মূল ভাবৰ বিষয়েও ঘোষণা কৰে। এইবাৰৰ অনুষ্ঠানৰ মূল ভাব হৈছে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজ্ঞান আৰু বিশ্ব কল্যাণ। তেওঁ লগতে কয় যে এই বছৰৰ বিজ্ঞান মহোসৱ অহা ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। বিশ্ববিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ জন্ম তিথিৰ দিনা উসৱ আৰম্ভ হ'ব আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম তিথি ২৫ ডিচেম্বৰত উসৱৰ সমাপ্তি হ'ব। বিজ্ঞান আৰু শিল্প গৱেষণা পৰিষদ (চিএছআইআৰ)য়ে বিজ্ঞান উসৱ উপলক্ষে এক মেগা বিজ্ঞান উসৱৰ আয়োজনত সহায় কৰিছে।

 

ড৹ হৰ্ষ বৰ্ধনে জনায় যে এইবাৰৰ বিজ্ঞান উসৱ ভাৰ্চুৱেল পদ্ধতিত আয়োজন কৰাৰ সিদ্ধান্ত হৈছে। ইয়াৰ ফলত দেশৰ প্ৰত্যন্ত অঞ্চলৰ পৰাও বিজ্ঞান মনস্ক মানুহে সহজেই অনুষ্ঠানত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। পক্ষান্তৰত ডিজিটেল পদ্ধতিৰ প্ৰসাৰ আৰু ব্যৱহাৰো বাঢ়িব।

 

এই বিজ্ঞান উসৱ সম্পৰ্কে ড৹ হৰ্ষ বৰ্ধনে কয়, ''বিজ্ঞান আৰু প্ৰযুক্তি নিৰ্ভৰ বৰ্তমানৰ বিশ্বৰ সৈতে সাধাৰণ মানুহৰ যোগসূত্ৰ গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হৈ উঠিছে।'' তেওঁ লগতে কয় যে এই উসৱে বিজ্ঞানী, উদ্ভাৱক, গৱেষক তথা ছাত্ৰ-ছাত্ৰীসহ সমাজৰ সৰ্বস্তৰৰ সাধাৰণ মানুহক এখন অভিন্ন মঞ্চলৈ লৈ আনিবলৈ সক্ষম হৈছে।

 

ড৹ হৰ্ষ বৰ্ধনে জনায় যে এইবাৰৰ বিজ্ঞান উসৱত কাৰ্যক্ৰমৰ সংখ্যা ২৮ৰ পৰা বৃদ্ধি কৰি ৪১ কৰা হৈছে। ইয়াৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ অধিক বিভিন্ন বিষয়ক অন্তৰ্ভুক্ত কৰা সম্ভৱ হ'ব। এইবাৰৰ অনুষ্ঠানসমূহ এনেদৰে পৰিকল্পনা কৰা হৈছে যাতে বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সৰ্বশেষ অগ্ৰগতি জনতাৰ সন্মুখত তুলি ধৰিব পাৰি। আনকি বিজ্ঞান আৰু প্ৰযুক্তিৰ ইতিহাস, আদর্শ প্ৰভৃতিৰ সৈতে এই উসৱৰ আক্ষৰিক অৰ্থতে যোগসূত্ৰ গঢ়ি তুলিব পাৰি। ড৹ হৰ্ষ বৰ্ধনে আশা প্ৰকাশ কৰে যে উসৱৰ বিভিন্ন কাৰ্যসূচীবিলাকে এটাই আনটোক অধিক সমৃদ্ধ কৰি তুলিব আৰু যিসমূহ নতুন কৰ্মসূচী এইবাৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা আছে সেইবিলাকে উসৱক আৰু বেছি সাৰ্বজনীন কৰি তুলিব।

 

উল্লেখ কৰিব পাৰি যে ভাৰতত আন্তৰ্জাতিক বিজ্ঞান উসৱৰ সূচনা হয় ২০১৫ চনত। পৰৱৰ্তী সময়ত এই উসৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰেমী মানুহৰ মাজত বাৰ্ষিক এক কৰ্মসূচী হৈ উঠিছে। এইবাৰৰ মহোসৱত দেশ-বিদেশৰ পৰা এক লাখৰ বেছি বিজ্ঞানী, প্ৰযুক্তিবিদ, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ মানুহে ভাৰ্চুৱেল পদ্ধতিত অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। এইবাৰৰ মহোসৱত নতুন যিসমূহ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ মাজত আছে ভাৰতীয় বিজ্ঞানৰ ইতিহাস, আদর্শ, কৃষি প্ৰযুক্তি, দূষনহীন বায়ু, শক্তি, বৰ্জ আৰু অনাময়, জৈৱ বৈচিত্ৰ্য, বিজ্ঞানভিত্তিক কূটনীতি আদি।

 

প্ৰাক উসৱ অনুষ্ঠানত চিএছআইআৰৰ মহানিৰ্দেশক ড৹ শেখৰ চি মাণ্ডেই কোভিড মহামাৰীৰ মাজতো এইধৰণৰ উসৱৰ আয়োজনৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে সমাজত বিজ্ঞানৰ প্ৰয়োগ আৰু বঢ়াবলৈ এই অনুষ্ঠান এক গুৰুত্বপূৰ্ণ মঞ্চ হৈ উঠিছে। অনুষ্ঠানত বিজ্ঞান ভাৰতীৰ সভাপতি ড৹ বিজয় পি ভাটকৰ, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ সচিব ড৹ আশুতোষ শৰ্মা, কেন্দ্ৰীয় জৈৱ প্ৰযুক্তি দপ্তৰৰ সচিব ড৹ ৰেণু স্বৰূপ আদি উপস্থিত থাকে।

 

*****

 

NB/KGS



(Release ID: 1673629) Visitor Counter : 168